মুখ্যমন্ত্ৰীৰ ঘোষণা : গুৱাহাটী-যোৰহাটৰ মাজত প্ৰতিদিনে চলিব বিমান সেৱা

জল জীৱন আঁচনিৰ মুঠ ৬০ টা পানী যোগান আঁচনিৰ শুভ উদ্বোধন

author-image
Asomiya Pratidin
New Update
মুখ্যমন্ত্ৰীৰ ঘোষণা : গুৱাহাটী-যোৰহাটৰ মাজত প্ৰতিদিনে চলিব বিমান সেৱা

ডিজিটেল ডেস্ক : একাধিক চৰকাৰী কাৰ্যসূচীৰে বুধবাৰে যোৰহাটত উপস্থিত হৈছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। জিলাখনত আয়োজন কৰা বিকাশ উৎসৱ অনুষ্ঠানত উপস্থিত হৈ তেওঁ বিভিন্ন আঁচনিৰ শিলান্যাস কৰাৰ লগতে কেতবোৰ প্ৰকল্পৰো শুভ উদ্বোধন কৰে।

Advertisment

উক্ত অনুষ্ঠানতে জিলাখনৰ ৫টা বিধানসভা সমষ্টি সামৰিলৈ জল জীৱন সন্মিলন কাৰ্যসূচীৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত তেওঁ সতীৰ্থ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ উপস্থিতিত জিলাখনৰ জল জীৱন আঁচনিৰ মুঠ ৬০ টা পানী যোগান আঁচনিৰ শুভ উদ্বোধন কৰে।

এই আঁচনিৰ জৰিয়তে জিলাখনৰ প্ৰায় ১২ হাজাৰ ৫০০ ঘৰ লোকলৈ নলযোগে বিশুদ্ধ খোৱাপানীৰ সুবিধা লাভ কৰিব। ইফালে এই অনুষ্ঠানতে শংখ,বৰকাঁহ,তাল আদি মাংগলিক বাদ্যৰ মাজত সৃষ্টি হোৱা আধ্যাত্মিক পৰিৱেশত মুখ্যমন্ত্ৰীগৰাকীয়ে জল জীৱন অভিযান,অমৃত জল আঁচনি আৰু অভিযোগ নিষ্পত্তি নামৰ এটি প'ৰ্টেলৰো শুভ উদ্বোধন কৰে।

অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰী শৰ্মাই কয়- 'যোৰহাট বিমান বন্দৰ যোৰহাটবাসীৰ বাবে এক পৰিচয়। এই বিমান বন্দৰলৈ দেশ-বিদেশৰ পৰ্যটক আহে।'

সেয়ে অসম চৰকাৰৰ পৰ্যটন বিভাগে বিশেষ ৰাজসাহাৰ্যৰ জৰিয়তে যোৰহাট আৰু গুৱাহাটীৰ মাজত প্ৰতিদিনে বিমান সেৱা চলাচলৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে। কিছুদিনৰ পিচত চৰকাৰে এই সেৱাৰ শুভাৰম্ভ কৰিব বুলি তেওঁ উল্লেখ কৰে।

উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনৰ ২০০ বছৰীয়া ঐতিহ্য, চাহ বাগিচাসমূহক সাৰোগত কৰি চাহ পর্যটনৰ প্রসাৰ আৰু উন্নয়নৰ লক্ষ্যৰে চাহ বাগিচাক অনুমোদন পত্র আনুষ্ঠানিকভাৱে বিতৰণ কৰে।

অনুষ্ঠানত মন্ত্ৰী অজন্তা নেওগ, জয়ন্ত মল্লবৰুৱা,সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা,বিধায়ক ৰূপজ্যোতি কুৰ্মী,পৰ্যটন বিভাগৰ সচিব পদ্মপাণি বৰা,লোক নিৰ্মাণ বিভাগৰ আয়ুক্ত চন্দন শৰ্মাকে প্ৰমুখ্য কৰি বিভাগীয় বিষয়া-কৰ্মচাৰীৰ লগতে ভালেসংখ্যক লোক উপস্থিত থাকে।

Also Read: শিলচৰত ব্ৰাউন চুগাৰসহ বাহন জব্দ

jayanta malla baruah Chief Minister of Assam himanta biswa sarma