তেজপুৰৰ পৱন কুমাৰ নাথৰ স্মৃতিত যুৱ কৃষক অমৰ সিং বসুমতাৰীলৈ 'যুৱ ব্যৱসায়ী বঁটা-২০২৪’

তেজপুৰৰ পৱন কুমাৰ নাথৰ স্মৃতিত যুৱ কৃষক অমৰ সিং বসুমতাৰীলৈ 'যুৱ ব্যৱসায়ী বঁটা-২০২৪’

ডিজিটেল সংবাদ,চিৰাং : বিগত চাৰিটা বৰ্ষৰ দৰে এইবাৰো তেজপুৰৰ বিশিষ্ট ক্ৰীড়াবিদ তথা উদ্যোগপতি প্রয়াত পৱন কুমাৰ নাথৰ ওপজা দিনটোৰ লগত সংগতি ৰাখি এইবেলি 'সৃষ্টি ইণ্টাৰনেচনেল ছচাইটি' ৰ উদ্যোগত পঞ্চম সংখ্যক ‘যুৱ ব্যৱসায়ী বঁটা’ -২০২৪ আৰু ‘বসুধা মিত্র’ উপাধি প্ৰদান কৰা হয় চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্ত শান্তিপুৰৰ শালবাৰী গাঁৱৰ প্রগতিশীল যুৱ কৃষক অমৰ সিং বসুমতাৰীক।

শনিবাৰে দুপৰীয়া 'সৃষ্টি ইণ্টাৰনেচনেল ছ'চাইটি'ৰ তৰফৰ পৰা তথা প্ৰয়াত পৱন কুমাৰ নাথৰ সহধৰ্মিনী মিনাক্ষী চহৰীয়া নাথৰ নেতৃত্বত পৰিয়ালৰ সদস্য আৰু শুভাকাংক্ষীৰ এটা দল সদুৰ তেজপুৰৰ পৰা চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ শান্তিপুৰৰ শালবাৰী গাঁৱৰ প্রগতিশীল যুৱ কৃষক অমৰসিং বসুমতাৰীৰ বাসগৃহত উপস্থিত হৈ অনুষ্টুপীয়া অনুষ্ঠানৰ জৰিয়তে অমৰ সিং বসুমতাৰীক এই বঁটা আৰু উপাধি প্ৰদান কৰে । বঁটাত বসুমতাৰীক এখন প্ৰশস্তি পত্ৰ, এখন স্মাৰক আৰু উপহাৰৰ টোপোলাৰ লগতে ১৫,২৬৩ টকাৰ এখন চেক আৰু এটি গ্ৰন্থ আগবঢ়োৱা হয় ।

উল্লেখ্য যে, যুৱ ব্যৱসায়ী তথা প্ৰগতিশীল কৃষক অমৰসিং বসুমতাৰীয়ে ২০১৯ বৰ্ষৰ পৰা নিজাববীয়াকৈ প্ৰথমে তৰমুজ তাৰ পিছত জৈৱিক পদ্ধতিত ষ্ট্ৰবেৰি, অমিতা, আলু, শাক-পাচলিৰ খেতি কৰাৰ লগতে হাঁহ-কুকুৰা পালন, ছাগলী আৰু গাহৰি ফাৰ্মতো নিজকে নিয়োজিত কৰি অৰ্থনৈতিকভাৱে স্বাৱলম্বী হোৱাৰ লগতে স্থানীয় বহু পুৰুষ- মহিলাক কৰ্মসংস্থান দিয়াৰ উপৰি অন্য উৎসাহী যুৱ খেতিয়ক সকলক খেতি কৰাৰ পদ্ধতিৰ ওপৰত প্ৰশিক্ষণ দি এক আদৰ্শ কৃষক হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে ।

লক্ষ্যনীয় যে এইজন যুৱ কৃষক অমৰ সিং বসুমতাৰীয়ে ২০২১ চনত জাপানত ৯ মাহ থাকি বিভিন্ন ধৰণৰ খেতি আৰু জৈৱিক সাৰ প্ৰস্তুত কৰাৰ ওপৰত প্ৰশিক্ষণ লাভ কৰি সম্প্ৰতি নিজ গৃহতে বিভিন্ন ধৰণৰ জৈৱিক সাৰ প্ৰস্তুত কৰি নিজৰ খেতিত ব্যৱহাৰ কৰি আছে লগতে উক্ত জৈৱিক সাৰৰ ব্যৱসায় আৰম্ভ কৰিছে ।

অমৰসিঙৰ উৎপাদিত জৈৱিক সাৰ আৰু জৈৱিক কৃষিজাত সামগ্ৰী ইতিমধ্যে বহিঃৰাজ্যৰ লগতে বিদেশতো সমাদৰ লাভ কৰিছে । আজি পৱন কুমাৰ নাথ স্মৃতি 'যুৱ ব্যৱসায়ী বঁটা' আৰু 'বসুধা মিত্ৰ' উপাধি লাভ কৰাৰ পিছত অমৰ সিং বসুমতাৰীয়ে অনুভৱ ব্যক্ত কৰি কয় যে, এই সন্মান প্ৰাপ্তিয়ে ভবিষ্যত আগুৱাই যোৱাৰ ক্ষেত্ৰত অধিক প্ৰেৰণা পাব।

আজিৰ এই বঁটা প্ৰদান অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি চিৰাং জিলা অতিৰিক্ত আয়ুক্ত ৰিংখাং মুছাহাৰী লগতে জিলা কৃষি বিষয়া গৰাকীয়েও অমৰসিঙৰ জৈৱিক পদ্ধতিৰ দ্বাৰা কৰা খেতিয়ে সফলতা অৰ্জনৰ বিষয়ে বক্তব্য দাঙি ধৰে। অনুষ্ঠানত অমৰসিঙৰ প্ৰতি অনুপ্ৰাণিত হৈ খেতি আৰম্ভ কৰা কৃষক সকলকো সম্বৰ্ধনা জ্ঞাপন কৰে ছ'চাইটিৰ হৈ প্ৰয়াত নাথৰ পৰিয়ালবৰ্গই ।

উল্লেখ্য যে ২০২০ বৰ্ষত প্রথমবাৰৰ বাবে যুৱ ব্যৱসায়ী বঁটাৰে সন্মানিত কৰা হৈছিল বিশিষ্ট ৰন্ধন বিশেষজ্ঞ তথা উদ্যোগী ব্যক্তি অতুল লহকৰক । ২০২১ বৰ্ষত এই বঁটা পথাৰ কন্যা নৱনিতা দাসলৈ, ২০২২ বৰ্ষত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন প্ৰকৃতিপ্রেমী তথা উদ্যোগী মহিলা ডঃ পূৰ্ণিমা দেৱী বৰ্মনক আৰু ২০২৩ বৰ্ষত মৎস্য উদ্যোগী অনুপ কুমাৰ শৰ্মালৈ আগবঢ়োৱা হৈছিল এই সন্মান।

উল্লেখ্য যে, মাত্ৰ ৫৬ বছৰ বয়সতে অকালতে মৃত্যুক সাৱটি লৈছিল তেজপুৰৰ নিবাসী টাইকোৱাণ্ডোৰ ব্লেকবেল্ট পৱন কুমাৰ নাথে। তেঁওৰ স্মৃতিত সৃষ্টি ইণ্টাৰনেচনেল ছ'চাইটিৰ উদ্যোগত বিগত চাৰিটা বৰ্ষৰ দৰে এইবাৰো সমাজ হিতৈষী পৱন কুমাৰ নাথৰ জন্মদিনৰ লগত ৰজিতা খুৱাই নামনি অসমৰ প্রগতিশীল যুৱ কৃষক অমৰসিং বসুমতাৰীলৈ বঁটা প্ৰদান অনুষ্ঠানত তেঁওৰ বাসগৃহতে পৱন কুমাৰ নাথৰ পৰিয়ালৰ হৈ প্ৰখ্যাত সংগীত শিল্পী ডঃ মৌচুমী চহৰীয়াৰ লগতে দাদা আৰু বৌয়েক, গুৱাহাটীৰ বিশিষ্ট সাংবাদিক মনালিছা দাস উপস্থিত থাকে।

অনুষ্ঠানত মৌচুমী চহৰীয়াই এটি গীতৰ কলি গুণগুণাই তেঁওৰ ভিনদেউ প্ৰয়াত পৱন কুমাৰ নাথক শ্ৰদ্ধা জ্ঞাপন কৰে । অনুষ্ঠানটোৰ আঁত ধৰে বিজিআৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক বিশ্বজ্যোতি শইকীয়াই।

'যুৱ ব্যৱসায়ী বঁটা’ আৰু ‘বসুধা মিত্র’ উপাধি প্রদান অনুষ্ঠানত পৱন কুমাৰ নাথৰ কৰ্মৰাজিক সামৰি https://pawankrnath.co.in ৱেবচাইটতো আনুষ্ঠানিকভাৱে মুকলি কৰা হয়।

তেজপুৰৰ পৱন কুমাৰ নাথৰ স্মৃতিত যুৱ কৃষক অমৰ সিং বসুমতাৰীলৈ 'যুৱ ব্যৱসায়ী বঁটা-২০২৪’
জি এন আৰ চি ছয়মাইল শাখাৰ ১৭সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in