তিতাবৰৰ গ্ৰামীণ বিকাশ বেংকত ৩কোটি টকাৰ কেলেংকাৰী

তিতাবৰৰ গ্ৰামীণ বিকাশ বেংকত ৩কোটি টকাৰ কেলেংকাৰী

author-image
Asomiya Pratidin
New Update
তিতাবৰৰ গ্ৰামীণ বিকাশ বেংকত ৩কোটি টকাৰ কেলেংকাৰী

ডিজিটেল সংবাদ, বেকাজানঃ তিতাবৰ মহকুমাৰ মাধপুৰ গ্ৰামীণ বিকাশ বেংকত সংঘটিত হৈছে এক বৃহৎ কেলেংকাৰী। বেংকটোৰ শাখা প্ৰবন্ধক আৰু সহকাৰী প্ৰবন্ধকে যৌথভাৱে চলোৱা এই কেলেংকাৰীত বেংকৰ গ্ৰাহকৰ তিনি কোটিৰ অধিক থকা লুণ্ঠন হোৱা বুলি অভিযোগ উঠিছে।

Advertisment

গ্ৰামীণ বিকাশ বেংকৰ মনিটৰিং ছেলে পোহৰলৈ অনা এই কেলেংকাৰীৰ পাছত বেংকটোৰ গোলাঘাটস্থিত আঞ্চলিক কাৰ্যালয়ে চলোৱা প্ৰাথমিক অনুসন্ধানত অনিয়ম স্পষ্টভাৱে ধৰা পৰাত পৰিচালক প্ৰশান্ত বৰা, সহকাৰী পৰিচালক প্ৰিয়াংশু প্ৰতিম গগৈক চাকৰিৰ পৰা নিলম্বিত কৰা হৈছে।

আনহাতে ধন ভৰালী সত্যজিৎ চলিহাক তাৎক্ষণিকভাৱে গোলাঘাটৰ মুহুৰামুখ শাখালৈ বদলি কৰা হৈছে। অভিযোগ অনুসৰি যোৱা ডেৰ বছৰ ধৰি শাখাটোত পৰিচালক ৰূপে কাম কৰি অহা পৰিচালক বৰাই বিভিন্ন ভুৱা আত্মসহায়ক গোট সৃষ্টি কৰি গোটৰ নামত ঋণ দি সমুদায় ধন সৰকোৱাৰ লগতে বহু গ্ৰাহকৰ ধন গ্ৰাহকৰ অগোচৰে এন এফ টি কৰি নিৰ্দিষ্ট কেইটামান বেংক একাউন্টলৈ প্ৰেৰণ কৰি লুণ্ঠন চলাই আছিল।

তদুপৰি কেইবাখনো ভুৱা সমবায় সমিতি খুলি বেংক বিষয়াগৰাকীয়ে নিজে সৃষ্টি কৰি ঋণৰ বেহা পাতিছিল। ব্যক্তিগত গ্ৰাহকৰ ধনো একেই মাধ্যমেৰে সৰকাই এক লুণ্ঠনৰ জাল পতা বেংকটোত শনিবাৰৰ পৰা গুৱাহাটীৰ মুখ্য কাৰ্যালয়ৰ এক অনুসন্ধান দলে অনুসন্ধান চলাই আছে।

অনুসন্ধানকাৰী দলটোৱে এই সম্পৰ্কত কোনো ধৰণৰ মন্তব্য প্ৰকাশ কৰা নাই যদিও এক সূত্ৰই সদৰী কৰা অনুসৰি বেংক পৰিচালকগৰাকীৰ কাৰ্যকালৰ সকলো তথ্য পৰীক্ষা কৰি আছে। ৰক্ষকে ভক্ষক হোৱা বেংক বিষয়াগৰাকীৰ এনে কাণ্ডই শাখাটোত একাউন্ট থকা গ্ৰাহকসকলে এই কথা জানিব পাৰি উদ্ভিগ্ন হৈ পৰিছে।

উল্লেখযোগ্য মাধপুৰ গ্ৰামীণ বিকাশ বেংকত নিজৰ ধন সুৰক্ষিত আছে নে নাই তাক জানিবলৈ বহু গ্ৰাহক শুকুৰবাৰে শাখাটোত উপস্থিত হৈ ভিৰ কৰে। ইফালে সমগ্ৰ কেংলকাৰীত অঞ্চলটোৰ কেইবাগৰাকী লোক জড়িত বুলি চৰ্চিত হৈছে। অভিযোগ অনুসৰি বেংকৰ স্বাভাৱিক লেনদেন সম্পূৰ্ণ হোৱাৰ পাছত বেংকটোত এই লোক কেইজনৰ সহযোগত ভুৱা গোট আৰু সমবায় সমিতি গঠন কৰি ঋণ প্ৰদান কাৰ্য চলাই গৈছিল । ইফালে বেংকটোৰ এই কেলেংকাৰীয়ে এতিয়া মাধপুৰৰ গ্ৰাহকসকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

Also Read: বটদ্ৰৱা থানত মহাপুৰুষ মাধৱদেৱৰ জন্মোৎসৱ...

assam gramin bikash bank titabar