বটদ্ৰৱা থানত মহাপুৰুষ মাধৱদেৱৰ জন্মোৎসৱ...

বটদ্ৰৱা থানত মহাপুৰুষ মাধৱদেৱৰ জন্মোৎসৱ...

author-image
Asomiya Pratidin
New Update
বটদ্ৰৱা থানত মহাপুৰুষ মাধৱদেৱৰ জন্মোৎসৱ...

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ শুকুৰবাৰে মহাপুৰুষ মাধৱদেৱৰ ৫৩৫ সংখ্যক আৱিৰ্ভাৱ তিথি। ৰাজ্যজুৰি উদযাপন কৰা হৈছে গুৰুজনাৰ আৱিৰ্ভাৱ তিথি। মহাপুৰুষ শংকৰদেৱ গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানত মাধৱদেৱ গুৰুজনাৰ আবিৰ্ভাৱ তিথি পালন কৰা হৈছে।

Advertisment

কাৰ্যসূচী অনুসৰি পুৱা তাল কোবোৱা প্ৰসংগ, মঞ্জিৰা নাম, আইসকলৰ নাম, ডেৰপৰীয়া প্ৰসংগ, শূন্য পাঠ আদি পৰম্পৰাগত চৈধ্য প্ৰসঙ্গৰ মাজেৰে পালন কৰা হৈছে জন্মজয়ন্তী। ইফালে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰপন্ন শিষ্য মাধৱদেৱৰ জন্মোৎসৱ উপলক্ষে পুৱাৰে পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ভক্ত বৈষ্ণৱৰ উপস্থিতিত উখল মাখল পৰিৱেশৰ সৃষ্টি হৈছে বটদ্ৰৱা থানত।

Also Read: ৰঙিয়া মহাবিদ্যালয়ত আৱৰ্জনা ব্যৱস্থাপনা বিষয়ক কৰ্মশালা...

batadrava sri sri madhabdev batadrava than