প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ কৰ্মভূমিৰ পৰাই গৌৰৱ গগৈৰ নিৰ্বাচন প্ৰচাৰ আৰম্ভ...

লাচিতে যেনে দৰে মোগলক ভয় কৰা নাছিল, ময়ো বিজেপি আৰু প্ৰধানমন্ত্ৰী মোডীক ভয় কৰা নাই- গৌৰৱ গগৈ
প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ কৰ্মভূমিৰ পৰাই গৌৰৱ গগৈৰ নিৰ্বাচন প্ৰচাৰ আৰম্ভ...
প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ কৰ্মভূমিৰ পৰাই গৌৰৱ গগৈৰ নিৰ্বাচন প্ৰচাৰ আৰম্ভ...

ডিজিটেল সংবাদ বেকাজানঃ ''মই যোৰহাট সোমোৱাত বিজেপিয়ে ভয় খাইছে। খাবয়েই কাৰণ মহাবীৰ লাচিত বৰফুকনে যিদৰে মোগলক ভয় কৰা নাছিল ময়ো একেদৰে বিজেপি আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক লৈ ভয় খোৱা নাই। কিয়নো আজি আমাৰ লগত অসমৰ ৰাইজ ওলাই আহিছে। মোৰ বাবে অসমৰ আই- মাতৃসকল ষ্টাৰ কেম্পেইনাৰ। মোক দিল্লীৰ ষ্টাৰ কেম্পেইনাৰ নালাগে। আজি মই এই মঞ্চৰ পৰাই ঘোষণা কৰিছো যোৰহাট লোকসভা সমষ্টিৰ পৰা জয়ী হমেই।আপোনালোকে ধৰি লওক যোৰহাটত আমি জিকিলোৱেই।কাৰণ প্ৰাৰ্থীত্ব তালিকা ঘোষণা কৰা দিনাই যোৰহাটবাসীৰ যি মৰম চেনেহৰ বিস্ফোৰণ আৰু আবেগৰ ভূমিকম্প সৃষ্টি হ'ল তাৰ পৰাই ক'ব পাৰি আমি যোৰহাট সমষ্টি জিকিলোৱেই।''- এই মন্তব্য কলিয়াবৰ লোকসভা সমষ্টি সাংসদ গৌৰৱ গগৈৰ।

আজি তিতাবৰ ৰাজীৱ ভৱনত তিতাবৰ ব্লক কংগ্ৰেছ আয়োজন কৰা বিশেষ সম্বধৰ্না অনুষ্ঠানত অংশগ্ৰহণ কৰি কয় তেওঁ কয় যে- আজিৰ দিনটো মোৰ বাবে আবেগিক দিন। মোৰ নিজৰ হেপাঁহ আছিল মই যোৰহাট লোকসভা সমষ্টিৰ প্ৰাৰ্থীত্ব লাভ কৰিম‌। আজি মোৰ মনৰ হেঁপাহ পুৰণ হ'ল। কিন্তু মনত এটাই দুখ আজি যদি প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ জীয়াই থাকিলেহেঁতেন তেতিয়া তেওঁ যথেষ্ট গৌৰৱ অনুভৱ কৰিলেঁহেতন পুত্ৰই যোৰহাট লোকসভা সমষ্টিত প্ৰাৰ্থীত্ব লাভ কৰিছে। আজি বিজেপিয়ে মোক সমালোচনা কৰিলেও মই আজি বুকু ফুলাই ক'ব পাৰো যে মই তৰুণ গগৈৰ পুত্ৰ।

তেওঁ পুনৰ কয়, মোৰ দেউতাই সদায় ৰাইজৰ সেৱা কৰিছিল। মই কেতিয়াও ভৱা নাছিলো সক্ৰিয় ৰাজনীতিত অংশগ্ৰহণ কৰিম। ২০১১ চনৰ নিৰ্বাচনৰ সময়ত দেউতাৰ লগত থাকি ৰাজনীতি জনা আৰু শিকাৰ সুযোগ লাভ কৰিছিলো। ৰাজনীতি মানে ক্ষমতা নহয়, ৰাজনীতি মানে ব্যক্তিগত ধন-সম্পদ আহৰণ নহয়। ৰাজনীতি মানে নিজৰ বাগান খোলা নহয়, ৰাজনীতি মানে ধৰ্মৰ নামত ৰাজনীতি কৰা নহয়। ৰাজনীতি মানে ভোটৰ কাৰণে ৰাইজৰ মাজত সংঘাত সৃষ্টি কৰা নহয়। ৰাজনীতি হ'ল ৰাইজৰ সেৱা কৰা। ৰাইজৰ সেৱা কৰাই হ'ল ৰাজনীতি। সেয়ে প্ৰয়াত তৰুণ গগৈয়ে জীৱনৰ অন্তিম মূহূৰ্তত সৰ্বসাধাৰণৰ ৰাইজৰ সেৱা কৰা কথা কৈছিল। ২০১৪ আৰু ২০১৯ চনত মই নিৰ্বাচন খেলি জিকিছো । কিন্তু এইবাৰ নিৰ্বাচন মোৰ বাবে অলপ বেলেগ। কাৰণ এইবাৰ মোৰ লগত মোৰ পিতৃ নাথাকিব। দলে মোক দায়িত্ব দিছে। আৰু মই সেই দায়িত্ব পালন কৰিবলৈ আগবাঢ়িছে। গতিকে এতিয়া মই যোৰহাটবাসীক আহ্বান জনাইছো আপোনালোক মোৰ অভিভাৱক হ'ব লাগিব।

তেওঁ পুনৰ কয়, যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত বিভিন্ন ঠাইত কংগ্ৰেছৰ মহান নেতাসকলৰ জন্ম হৈছে। প্ৰয়াত হিতেশ্বৰ শইকীয়া, তৰুণ গগৈ, শৰৎ বৰকটকী, ৰূপম কুৰ্মী, মেম্বৰ গগৈ, অঞ্জন দত্ত আৰু শৰৎ শইকীয়াৰ দৰে নেতাই শিকাইছে দলক বেয়া দিনত কেনেকৈ চলাই নিব লাগে। গতিকে এনেকুৱা এটা ঐতিহাসিক সমষ্টি তথা তৰুণ গগৈৰ কৰ্মভূমিৰ পৰা প্ৰাৰ্থীত্ব লাভ কৰি গৌৰৱ অনুভৱ কৰিছো। আজি অসমৰ ৰাজনৈতিক পৰিবেশ কুলষিত হৈ পৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অসমক অপমানিত কৰিছে। তেওঁ অসমলৈ আহি গামোচা পিন্ধি লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি উন্মোচন কৰিলে। কিন্তু দিল্লীলৈ উভতি গৈ কা আইন বলৱৎ কৰি বীৰ লাচিত বৰফুকনৰ আদৰ্শত দাগ লগাই অসমীয়া গামোচাৰ মৰ্যদা লাঘৱ কৰিলে। আমি ইয়াৰ প্ৰত্যুত্তৰ অনাগত দিনত দিম। আমি বিজেপিৰ বিৰুদ্ধে ৰাজনৈতিক ভাৱে যুঁজিম।

বিজেপিয়ে মোক আৰু মোৰ পিতৃক অভদ্ৰ ভাষাৰে সমালোচনা কৰিলেও মই আজি ৰাজহুৱা মঞ্চত পন লৈছো মই উচ্চ মূল্যবোধৰ ৰাজনীতি কৰিম। মই নিৰ্বাচনী প্ৰচাৰত মোৰ ৰাজনৈতিক প্ৰতিদ্বন্দি তপন কুমাৰ গগৈ, হিতেন্দ্ৰনাথ গোস্বামী, প্ৰদীপ হাজৰিকাৰ বিৰুদ্ধে এটাও ব্যক্তিগত সমালোচনা নকৰো। ইয়াৰ পৰিৱৰ্তে মই সংকল্প লৈছো মোৰ প্ৰত্যুত্তৰ আৰু পৰিচয় কামেৰে দিম বুলিও কয় গগৈয়ে।

উল্লেখযোগ্য যে তিতাবৰ ডফলাটিং চাহ বাগিচাত বিশাল জনসভাৰে নিজৰ নিৰ্বাচনী ৰণডংকা বজোৱা গৌৰৱ গগৈক সংগ দিয়ে তিতাবৰ বিধায়ক ভাস্কৰজ্যোতি বৰুৱা , বিধায়নী দলৰ দলপতি দেবব্ৰত শইকীয়া, ৰাজীৱ লোচন পেগু, পুতুল বুঢ়াগোহাঁই আদি নেতাসকলে। ইয়াৰ পূৰ্বে গৌৰৱ গগৈয়ে ঐতিহ্যমণ্ডিত আঠখেলীয়া নামঘৰৰ আশীৰ্বাদ লোৱাৰ পিছত তিতাবৰ ডফলাটিং চাহ বাগিচাৰ খেলপথাৰত উপস্থিত হয়। তাৰ পাছত তেওঁ পাঁচ হাজাৰ সমৰ্থক লগত লৈ তিতাবৰ ৰাজীৱ ভৱনত উপস্থিত হৈ তেওঁৰ প্ৰয়াত পিতৃ তৰুণ গগৈৰ প্ৰতিমূৰ্তিতশ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।

প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ কৰ্মভূমিৰ পৰাই গৌৰৱ গগৈৰ নিৰ্বাচন প্ৰচাৰ আৰম্ভ...
CAA ৰ বাবেই বাংলাদেশত হিন্দুৰ ওপৰত বাঢ়িছে নিৰ্যাতনঃ জীৱন হৈ পৰিছে দুৰ্বিসহ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in