/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/2d3e424d-09c2-4bef-9ab6-546a1157e9fc/0005.jpg)
ডিজিটেল সংবাদ,বেকাজান : অসমৰ অগ্ৰণী শিক্ষানুষ্ঠান প্ৰাগজ্যোতিকাত তিতাবৰ টেবুল টেনিচ ক’চিং চেন্টাৰৰ বৃহস্পতিবাৰে শুভাৰাম্ভ কৰা হয় ৷ এই উপলক্ষে অসম টেবুল টেনিচ এচ’চিয়েচনৰ উপ-সভাপতি নয়নজ্যোতি শৰ্মা,যোৰহাট জিলা টেবল টেনিচ এচ’চিয়েচনৰ উপ-সভাপতি দেৱজ্যোতি শ্ৰুতিকৰ, প্ৰাগজ্যোতিকাৰ সঞ্চালকদ্বয় অচ্যুত দীপ শইকীয়া আৰু অপুৰ্ব চন্দ্ৰ ডেকাই বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানৰ শুভাৰাম্ভ কৰে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/5ba2c076-b784-4e06-8b5e-45ff7ebf83b4/133679fc_87af_44f0_9126_691ed99d8a55.jpg)
প্ৰাগজ্যেতিকা ক'চিং চেণ্টাৰটো উদ্বোধন কৰে অসম টেবুল টেনিচ এচ’চিয়েচনৰ উপ- সভাপতি নয়নজ্যোতি শৰ্মাই। উদ্ধোধক শৰ্মাই কয়- 'এয়া এক ঐতিসাহিক ক্ষণ,য'ত তিতবৰৰ ক্ৰীড়া ক্ষেত্ৰত এই নৱতম সংযোজনে ছাত্ৰ-ছাত্ৰীসকলৰ ক্ৰীড়া প্ৰতিভা বিকাশ আৰু দক্ষতা ক্ষেত্ৰত নতুন মাত্ৰা প্ৰদান কৰিব ৷'
ইফালে এই ক’চিং চেন্টাৰটো তিতাবৰৰ সকলো ছাত্ৰ- ছাত্ৰীৰ বাবে মুকলি থাকিব বুলি প্ৰাগজ্যোতিকাৰ সঞ্চালকদ্বয়ে বক্তব্যত উল্লেখ কৰে । লগতে তেওঁ কচিং চেণ্টাৰটো আগবঢ়াই নিবলৈ সকলো ৰাইজৰ দিহা- পৰামৰ্শ সহযোগিতা কামনা কৰে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/5773f904-048a-48d8-b0cc-93f10390643b/51cc4bf1_6440_49c9_9f33_e2b53b7e8a5d.jpg)
তদুপৰি যোৰহাট জিলা টেবুল টেনিচ এচ’চিয়েচনৰ তৰফৰ পৰা প্ৰয়োজনীয় সকলো সহায় সহযোগিতাৰ প্ৰতিশ্ৰুতি দিয়ে যোৰহাট জিলা টেবুল টেনিচ এচ’চিয়েচনৰ উপ- সভাপতি দেৱজ্যোতি শ্ৰুতিকৰে । উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰবীণ টেবুল টেনিচ খেলুৱৈ তথা প্ৰশিক্ষক এচ. সিঙৰ তত্বাৱধানত এই প্ৰশিক্ষণ কেন্দ্ৰ নিয়মীয়াকৈ পৰিচালনা হ’ব বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে ৷
Also Read: সোনাৰুগুৰিত পথ দুৰ্ঘটনা