সোণোৱাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ ছাত্ৰী জিৰণি কোঠা উদ্বোধন

তিতাবৰ মহকুমাৰ বৰহোলাত সোণোৱাল কছাৰী স্বায়ত্ব শাসিত পৰিষদে বিভিন্ন সময়ত অঞ্চলটোৰ বিভিন্ন ক্ষেত্ৰৰ উন্নয়ণমূলক কামকাজত গুৰুত্ব আৰোপ কৰি আহিছে।

author-image
Asomiya Pratidin
New Update
সোণোৱাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ ছাত্ৰী জিৰণি কোঠা উদ্বোধন

ডিজিটেল সংবাদ, তিতাবৰঃ তিতাবৰ মহকুমাৰ বৰহোলাত সোণোৱাল কছাৰী স্বায়ত্ব শাসিত পৰিষদে বিভিন্ন সময়ত অঞ্চলটোৰ বিভিন্ন ক্ষেত্ৰৰ উন্নয়ণমূলক কামকাজত গুৰুত্ব আৰোপ কৰি আহিছে। অগ্ৰণী শিক্ষানুষ্ঠান বৰহোলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰীসকলৰ সুবিধাৰ্থে সোণোৱাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ পুঁজিৰে নৱনিৰ্মিত এটা ছাত্ৰী জিৰণি কোঠাৰ শুভ উদ্বোধন কৰা হয়।‌

Advertisment

পৰিষদৰ বৰহোলা সমষ্টিৰ সদস্যা বিমলা সোণোৱালৰ প্ৰচেষ্টাত সম্পূৰ্ণ হৈ উঠা গৃহটো বৰহোলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ডম্বৰু সোণোৱালৰ সোঁৱৰণত উচ্চৰ্গা কৰে। বৰহোলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উপাধ্যক্ষ দিগন্ত বৰাই আঁত ধৰা উদ্বোধনী অনুষ্ঠানত সোণোৱাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ বৰহোলা সমষ্টিৰ সদস্যা বিমলা সোণোৱালে গৃহটিৰ ফিটা কাটি শুভাৰম্ভ কৰে।

ইয়াৰ পিছতে বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি যোগেন শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত এখন সভাত অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী প্ৰণতি সোণোৱাল, সোণোৱাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য ৰাজু সোণোৱাল, সদস্যা বিমলা সোণোৱাল, ভাৰতীয় জনতা পাৰ্টীৰ যোৰহাট জিলাৰ সম্পাদক দেৱজিৎ সোণোৱাল, বিজেপিৰ বৰহোলা মণ্ডলৰ সভানেত্ৰী প্ৰমিলা সোণোৱাল, অৱসৰপ্ৰাপ্ত শিক্ষক ৰামেশ্বৰ সোণোৱাল, সমাজকৰ্মী ছফিকুল হক, বৰহোলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ প্ৰশান্ত কুমাৰ মহন্ত, বৰহোলা মহাবিদ্যালয়ৰ প্ৰৱক্তা অমল সোণোৱাল, জনজাতি উন্নয়ণ বৰ্ডৰ তিতাবৰ মহকুমাৰ উপাধ্যক্ষ বিদ্যুৎ সোণোৱাল, সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ যোৰহাট জিলাৰ সভাপতি নৰেন্দ্ৰ সোণোৱাল, সাংবাদিক অজয় শইকীয়া আদি অতিথি হিচাপে উপস্থিত থাকে।

সভাত বৰহোলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ তৰফৰ পৰা সদস্যা বিমলা সোণোৱালক সফুঁৰা, সম্বৰ্ধনা পত্ৰ, স্মাৰক আদিৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। সভাত উপস্থিত কেইবাগৰাকী অতিথিয়ে সোণোৱাল কছাৰী স্বায়ত্ব শাসিত পৰিষদ আৰু বৰহোলা সমষ্টিৰ সদস্যাগৰাকীৰ পদক্ষেপক শলাগ লয়।

Also Read: কাজিৰঙাত ৪৮ জনীয়া মহিলা ভ্ৰমণকাৰী দল

Sonowal Kachari Autonomus Council jorhat titabar