কাজিৰঙাত ৪৮ জনীয়া মহিলা ভ্ৰমণকাৰী দল

উদ্দেশ্য উত্তৰ পূৰ্বাঞ্চলৰ সুন্দৰ প্ৰকৃতিক বিশ্বদৰবাৰত প্ৰতিষ্ঠা কৰা ৷

author-image
Asomiya Pratidin
New Update
কাজিৰঙাত ৪৮ জনীয়া মহিলা ভ্ৰমণকাৰী দল

ডিজিটেল সংবাদ, কাজিৰঙাঃ আত্মবিশ্বাস আৰু মানসিক দৃঢ়তা থাকিলে এগৰাকী মহিলাই পুৰুষৰ দৰেই সকলো কামতে আগবাঢ়ি যাব পাৰে ৷ ঘৰৰ চাৰিবেৰৰ মাজত সোমাই নাথাকি নিজস্বভাৱে মহিলাসকল সকলো কামতে আগবাঢ়ি আহিলে প্ৰকাশ্য হ’ব মহিলাৰ স্বাধীনতা ৷

Advertisment

এই উদ্দেশ্যেৰে নিজে গাড়ী চলাই উত্তৰ পূৰ্বাঞ্চল ভ্ৰমণৰত নাগালেণ্ড, মনিপুৰ, অৰুণাচলকে ধৰি দেশৰ আঠখন ৰাজ্যৰ মহিলাই নিজে গাড়ী চলাই উপস্থিত হ’ল কাজিৰঙাত। উদ্দেশ্য উত্তৰ পূৰ্বাঞ্চলৰ সুন্দৰ প্ৰকৃতিক বিশ্বদৰবাৰত প্ৰতিষ্ঠা কৰা ৷

নমস্তে ফাউণ্ডেচনৰ উদ্যোগত আয়োজিত এই বিশেষ ভ্ৰমণৰ অন্যতম অংশ হিচাবে শনিবাৰে পুৱাই কাজিৰঙাৰ কহঁৰা বনাঞ্চলত জীপ ছাফাৰী কৰে ৪৮ গৰাকী মহিলাই ৷ দলটোক সংগ দিয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ ক্ষেত্ৰ সঞ্চালিকা সোণালী ঘোষে ৷

Also Read: কাজিৰঙাৰ হস্তীবাহিনীঃ হাতী, মাউত আৰু ঘাঁচি

kaziranga national park golaghat