/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/6d89771a-ecb9-46c3-891f-47d4b5f3e5c7/75.jpg)
ডিজিটেল সংবাদ,মৰিয়নি : যোৰহাট লোকসভাৰ কংগ্ৰেছ প্ৰাৰ্থী তথা সাংসদ গৌৰৱ গগৈ নিশা উপস্থিত হয় মৰিয়নি নগৰত। নগৰৰ মাজমজিয়া দৈনিক বজাৰত অৱস্থিত ৰাধা গোবিন্দ মন্দিৰত সপ্তাহজোৰাকৈঅনুষ্ঠিত হৈ থকা অখণ্ড কীৰ্তন কাৰ্যসূচীত উপস্থিত হৈ আশীষ গ্ৰহণ কৰে সাংসদ গগৈয়ে।
সাংসদগৰাকীয়ে ভক্তসকলৰ মাজত নিজ হাতেৰে আহাৰ বিতৰণ কাৰ্যসূচীতো অংশগ্ৰহণ কৰে। প্ৰিয় নেতা গৌৰৱ গগৈক কাষতে পাই বহু সংখ্যক লোকে চেলফি ল’বলৈ হেতা ওপৰা কৰা পৰিলক্ষিত হয়।
সাংবাদিকৰ সন্মুখত গৌৰৱ গগৈয়ে ধৰ্মীয় অনুষ্ঠানত ৰাজনৈতিক মতামত বেছি প্ৰকাশ নকৰো বুলি উল্লেখ কৰি মৰিয়নি ৰাইজে তেঁওক ভাল পাইছে বুলি মন্তব্য কৰে।নিৰ্বাচনত যোৰহাটৰ ৰাইজে আশা কৰা মতে এক শক্তিশালী কণ্ঠ লাভ কৰিব বুলি প্ৰকাশ কৰে গৌৰৱ গগৈয়ে।
Also Read: বিশিষ্ট সাংবাদিক,যাদুকৰ ৰূপহ চলিহা আৰু নাই