বিশিষ্ট সাংবাদিক,যাদুকৰ ৰূপহ চলিহা আৰু নাই

মুখ্যমন্ত্ৰী ড০ শৰ্মাই চলিহাৰ বিয়োগ জাতীয় জীৱনৰ বাবে বৃহৎ ক্ষতি বুলি সামাজিক মাধ্যমযোগে ব্যক্ত কৰে

author-image
Asomiya Pratidin
New Update
বিশিষ্ট সাংবাদিক,যাদুকৰ ৰূপহ চলিহা আৰু নাই

ডিজিটেল ডেস্ক : বিশিষ্ট সাংবাদিক, যাদুকৰ ৰূপহ চলিহা আৰু নাই। শনিবাৰে বিশিষ্ট সাংবাদিকগৰাকীৰ পৰলোকপ্ৰাপ্তি ঘটে। দীৰ্ঘদিন ধৰি জটিল ৰোগত আক্ৰান্ত হৈ অৱশেষত তেওঁ ডিব্ৰুগড়ত চিকিৎসাধীন অৱস্থাতে মৃত্যুক আঁকোৱালি লয়। এগৰাকী সৎ ব্যক্তিত্বৰ অধিকাৰী চলিহাৰ ঘৰ আছিল তিনিচুকীয়াত।

Advertisment

চলিহাই যাদুবিদ্যা, সাংবাদিকতাৰ উপৰি সাহিত্যক্ষেত্ৰতো সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছিল। একাধিক গ্ৰন্থ ৰচনা কৰি ভাষা-সাহিত্যলৈ তেওঁ অৱদান আগবঢ়াই থৈ গৈছে। উল্লেখ কৰা প্ৰয়োজন যে, তেওঁ ২০১৭-১৮বৰ্ষৰ পৰা ৰাজ্য চৰকাৰে আগবঢ়োৱা সাংবাদিক পেঞ্চন লাভ কৰিছিল।

চলিহাৰ মৃত্যুত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগতে বিভিন্ন ক্ষেত্ৰৰ ভালেসংখ্যক অনুষ্ঠান-প্ৰতিষ্ঠান আৰি গন্যমান্য ব্যক্তিয়ে শোক প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰী ড০ শৰ্মাই চলিহাৰ বিয়োগ জাতীয় জীৱনৰ বাবে বৃহৎ ক্ষতি বুলি সামাজিক মাধ্যমযোগে ব্যক্ত কৰে। ইয়াৰোপৰি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰয়াত চলিহাৰ শোকাকুল পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।

Also Read: 'কা' বলৱৎ : জয়পুৰত ৬গৰাকী পাকিস্তানী হিন্দু শৰণাৰ্থীক নাগৰিকত্ব প্ৰদান

Magician RUPAH CHALIHA journalist