নৃপেন সভাপণ্ডিত সোঁৱৰণী ১৭ বছৰ অনুৰ্ধ্ব য়ুথ ফুটবলত 'নেপথ্য ক্লাব' চেম্পিয়ন

নৃপেন সভাপণ্ডিত সোঁৱৰণী ১৭ বছৰ অনুৰ্ধ্ব য়ুথ ফুটবলত 'নেপথ্য ক্লাব' চেম্পিয়ন

author-image
Asomiya Pratidin
New Update
নৃপেন সভাপণ্ডিত সোঁৱৰণী ১৭ বছৰ অনুৰ্ধ্ব য়ুথ ফুটবলত 'নেপথ্য ক্লাব' চেম্পিয়ন

ডিজিটেল সংবাদ, যোৰহাট: প্ৰয়াত নৃপেন সভাপণ্ডিত সোঁৱৰণী ১৭ বছৰ অনুৰ্ধ্ব য়ুথ ফুটবল লীগ প্ৰতিযোগিতাত নেপথ্য ক্লাবে চেম্পিয়ন খিতাপ অৰ্জন কৰে। যোৰহাট ষ্টেডিয়ামত জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত চলি থকা প্ৰয়াত নৃপেন সভাপণ্ডিত সোঁৱৰণী ১৭ বছৰ অনুৰ্ধ্ব য়ুথ ফুটবল লীগ প্ৰতিযোগিতাখনৰ বৃহস্পতিবাৰে অনুষ্ঠিত চূড়ান্ত খেলখনত নেপথ্য ক্লাবে ৰঞ্জিত ক্লাবক ট্ৰাইবেকাৰৰ সহায়ত ৩-০ গ'লৰ ব্যৱধানত পৰাজিত কৰি নেপথ্য ক্লাবে চেম্পিয়নৰ খিতাপ দখল কৰে।

Advertisment

তীব্ৰ উত্তেজনাপূৰ্ণ খেলখনত নিৰ্ধাৰিত সময়ত গ'ল শূণ্যভাৱে খেলখন সমাপ্ত হোৱাত ৰেফাৰীয়ে ট্ৰাইবেকাৰৰ সহায় লয় আৰু ট্ৰাইবেকাৰত নেপথ্য ক্লাবৰ হৈ চিন্ময় গগৈ, আৰ্শীষ মালোৱা আৰু বিশ্বজিৎ ঘাটোৱাৰ গ'লৰ দিবলৈ সক্ষম হোৱাৰ বিপৰীতে ৰঞ্জিত ক্লাবৰ খেলুৱৈ সকল বিফল হয়। বৃহস্পতিবাৰৰ খেলখন পৰিচালনা কৰে বিমান সন্দিকৈয়ে।

প্ৰতিযোগিতাখনৰ শ্ৰেষ্ঠ খেলুৱৈ সন্মান লাভ কৰে ৰঞ্জিত ক্লাবৰ ডলিন গগৈয়ে আৰু সন্মান প্ৰদান কৰে প্ৰাক্তন ৰাজ্যিক ফুটবল খেলুৱৈ ধ্ৰুৱজ্যোতি সভাপণ্ডিতে। তৰুণ চন্দ্ৰ ঠাকুৰৰ সোঁৱৰণী সৰ্বোচ্চ গ'লদাত সন্মান লাভ কৰে যোৰহাট টাউন ক্লাবৰ নিখিল থাপাই আৰু এই সন্মান প্ৰদান কৰে অলক ঠাকুৰ। প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ গ'লৰক্ষকৰ সন্মান লাভ কৰে নেপথ্য ক্লাবৰ ঋষি কোঁৱৰে আৰু এই সন্মান প্ৰদান কৰে প্ৰাক্তন ৰাজ্যিক ফুটবল খেলুৱৈ ৰঞ্জন কাকতিয়ে। চূড়ান্ত খেলৰ শ্ৰেষ্ঠ খেলুৱৈ সন্মান লাভ কৰে নেপথ্য ক্লাবৰ চিন্ময় গগৈয়ে আৰু এই সন্মান প্ৰদান কৰে যোৰহাট জিলা ক্ৰীড়া সন্থাৰ জ্যেষ্ঠ ক্ৰীড়া সংগঠক ননী দত্তই। প্ৰয়াত নৃপেন সভাপণ্ডিত সোঁৱৰণী ৰানাৰ আপ বঁটা লাভ কৰে ৰঞ্জিত ক্লাবে আৰু এই বঁটা প্ৰদান কৰে প্ৰতিযোগিতাখনিৰ উদ্ধোধক পেৰা অলিম্পিক সন্থাৰ যোৰহাট জিলা উপ-সভাপতি দিগন্ত দত্ত, জিলা ক্ৰীড়া সন্থাৰ প্ৰাক্তন কোষাধ্যক্ষ সুৰেশ বৰুৱা আৰু উপ-সভাপতি ৰবীন শইকীয়াই।

চেম্পিয়ন দ'ল নেপথ্য ক্লাবক বঁটা প্ৰদান কৰে যোৰহাট জিলা ক্ৰীড়া সন্থাৰ সভাপতি শান্তনু পূজাৰী, প্ৰয়াত নৃপেন সভাপণ্ডিতৰ সহধৰ্মিনী মনিকা সভাপণ্ডিত আৰু জিলা ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক জুল খাউণ্ডে। খেলখনৰ অন্তত অনুষ্ঠিত বঁটা বিতৰণী সভাখন আঁতধৰে ফুটবল শাখাৰ সম্পাদক ফাইজ উদ্দিন আহমেদে আৰু ফুটবল বিভাগৰ চেয়াৰমেন ললিত বৰাই সভাপতিত্ব কৰে।

উল্লেখযোগ্য যে, চূড়ান্ত খেলৰ প্ৰাকক্ষণত যোৰহাট জিলা ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক জুল খাউণ্ডে আঁতধৰা অনুষ্ঠানত নৃপেন সভাপণ্ডিত প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু মাল্য অৰ্পণ কৰে দাতা পৰিয়ালবৰ্গহৈ মনিকা সভাপণ্ডিত, নৰেন সভাপণ্ডিত আৰু সমনা কৌশিকে। জিলা ক্ৰীড়া সন্থাৰহৈ আদৰণি ভাষন আগবঢ়ায় সভাপতি শান্তনু পূজাৰীয়ে।

ক্ৰীড়া সংগঠক দিগন্ত দত্তই বক্তৃতা প্ৰদান কৰি চূড়ান্ত খেলখন উদ্ধোধন কৰাৰ লগতে বিশিষ্ট অতিথি সকলক দুয়ো দলৰ খেলুৱৈ সকলৰ লগত পৰিচয় কৰাই দিয়ে। চূড়ান্ত খেলত জিলা ক্ৰীড়া সন্থাৰ উপ-সভাপতি দ্বিজেন শইকীয়া, ৰবীন শইকীয়া, চিৰঞ্জীৱ বড়া, প্ৰাক্তন সন্তোষ ট্ৰফী খেলুৱৈ নবীন চন্দ্ৰ বড়া, জিলা ক্ৰীড়া সন্থাৰ জ্যেষ্ঠ সদস্য অমল বৰুৱা, কবিন শৰ্মা লগতে ভালেকেইজন সদস্যও উপস্থিত থাকে।

Also Read: বিশ্ববিদ্যালয়লৈ উন্নীত নৰ্থ লখিমপুৰ মহাবিদ্যালয়ত আৱতৰীয়া বিহু-দেৱালী

football tournament