৬ আগষ্টত যোৰহাটত ১৬ বছৰ অনুৰ্ধ্বৰ ৰাজ্যিক ফুটবল দলৰ বাঁচনি শিবিৰ...

৬ আগষ্টত যোৰহাটত ১৬ বছৰ অনুৰ্ধ্বৰ
ৰাজ্যিক ফুটবল দলৰ বাঁচনি শিবিৰ...
৬ আগষ্টত যোৰহাটত ১৬ বছৰ অনুৰ্ধ্বৰ ৰাজ্যিক ফুটবল দলৰ বাঁচনি শিবিৰ...

ডিজিটেল সংবাদ যোৰহাটঃ চলিত বৰ্ষৰ ছেপ্টেম্বৰ মাহত সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনে আয়োজন কৰা ড০ বি চি ৰয় ১৬ বছৰ অনুৰ্ধ্ব ফুটবল প্ৰতিযোগিতাৰ বাবে অসমৰ ফুটবল দল গঠনৰ অংশ হিচাপে অহা ৬ আগষ্টত যোৰহাট জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত যোৰহাট ষ্টেডিয়ামত এক ফুটবল দল বাঁচনি শিবিৰ আয়োজন কৰিছে। আজি অসম ফুটবল সন্থাৰ 'বি' মণ্ডলৰ চেয়াৰমেন শান্তনু পূজাৰী আৰু আহ্বায়ক শৰৎ হাজৰিকাৰ নেতৃত্বত অনলাইন মাধ্যমত এখনি সভা অনুষ্ঠিত হয়।

উক্ত সভাত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। সিদ্ধান্ত অনুসৰি অহা ৬ আগষ্টত যোৰহাট ষ্টেডিয়ামত পুৱা ৮ বজাৰ পৰা ১৬ বছৰ অনুৰ্ধ্ব ল'ৰা-ছোৱালী উভয় শাখাৰে অসম ফুটবল দলৰ গঠনৰ অংশ হিচাপে 'বি' মণ্ডলৰ অন্তৰ্ভুক্ত জিলা ক্ৰীড়া সন্থাসমূহ ক্ৰমে যোৰহাট, শিৱসাগৰ, মাজুলী, বোকাখাট, গোলাঘাট, ধনশিৰি আৰু তিতাবৰৰ খেলুৱৈসকলে অংশ গ্ৰহণ কৰিব পাৰিব বুলি জনাইছে।

উল্লেখযোগ্য যে, জিলা ক্ৰীড়া সন্থাসমূহৰ স্বাক্ষৰিত পেডত নূন্যতম ১১ জন আৰু সৰ্বাধিক ১৫ জন খেলুৱৈৰ নাম উক্ত শিবিৰলৈ প্ৰেৰণ কৰিব পাৰিব বুলি 'বি' মণ্ডলৰ চেয়াৰমেন আৰু আহ্বায়কে জানিবলৈ দিছে। ইফালে অংশগ্ৰহণকাৰী খেলুৱৈসকলৰ বয়সৰ ক্ষেত্ৰত ১ জানুৱাৰী ২০০৮ চনৰ পৰা ৩১ ডিচেম্বৰ ২০০৯ চনৰ ভিতৰত জন্ম গ্ৰহণ কৰা হ'ব লাগিব বুলি উল্লেখ কৰিছে।

লগতে শিবিৰত অংশগ্ৰহণ কৰা খেলুৱৈসকলৰ বয়সৰ ক্ষেত্ৰত বয়সৰ প্ৰমাণ পত্ৰ হিচাপে আধাৰ কাৰ্ড আৰু জন্মৰ প্ৰমাণ পত্ৰ দেখুৱাই পুৱা ৮ বজাত নাম পঞ্জীয়ন কৰিব লাগিব বুলি আজি এক প্ৰেছ বাৰ্তাত উল্লেখ কৰিছে। ইচ্ছুক খেলুৱৈসকলে শিবিৰটিৰ বিষয়ে অধিক সবিশেষ জানিবৰ বাবে ৯৪৩৫০৫৫৪৬২, ৯৯৫৭২১৫৭৬০ অথবা ৭০০২৯০০৩০৭ এই নম্বৰত যোগাযোগ কৰিব পাৰিব বুলিও জনাইছে।

৬ আগষ্টত যোৰহাটত ১৬ বছৰ অনুৰ্ধ্বৰ
ৰাজ্যিক ফুটবল দলৰ বাঁচনি শিবিৰ...
মঙলদৈত মূল্যবৃদ্ধিৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদঃ বজৰং দলৰ কাণ্ডক লৈয়ো প্ৰতিক্ৰিয়া...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in