মঙলদৈত মূল্যবৃদ্ধিৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদঃ বজৰং দলৰ কাণ্ডক লৈয়ো প্ৰতিক্ৰিয়া...

মঙলদৈত মূল্যবৃদ্ধিৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদঃ বজৰং দলৰ কাণ্ডক লৈয়ো প্ৰতিক্ৰিয়া...

ডিজিটেল সংবাদ মঙলদৈঃ মঙলদৈত মূল্যবৃদ্ধিৰ বিৰুদ্ধে কংগ্ৰেছ দলে সোমবাৰে প্ৰতিবাদ সাব্যস্ত কৰে।মঙলদৈ ৰাজীৱ ভৱনৰ পৰা সমদল কৰি দৰং জিলা আয়ুক্তৰ কাৰ্যালয়ত উপস্থিত হৈ স্মাৰক পত্ৰ প্ৰদান কৰে কংগ্ৰেছ দলে।

এই সমদলত অংশগ্ৰহণ কৰে বিৰোধী দলৰ উপ দলপতি ৰকিবুল হুছেইনে। আনহাতে এই প্ৰতিবাদৰ মাজতে ৰাষ্ট্ৰীয় বজৰং দলৰ কাৰ্যকলাপকলৈ তীব্ৰ সমালোচনা কৰে কংগ্ৰেছ দলৰ নেতৃত্বই।

ৰাষ্ট্ৰীয় বজৰং দলক বন্দুকৰ প্ৰশিক্ষণ লোৱা আৰু বন্দুকলৈ শোভাযাত্ৰা কৰাৰ অনুমতি চৰকাৰে কিয় দিলে বুলি প্ৰশ্ন কৰাৰ লগতে ৰাষ্ট্রীয় বজৰং দলে বন্দুক দেখাই কাক ভয় খুৱাইছে বুলিও প্ৰশ্ন কৰে দৰং জিলা কংগ্ৰেছৰ সভাপতি মাধৱ ৰাজবংশীয়ে।

এইবিষয়ত চৰকাৰক শীঘ্ৰে উত্তৰ দিবলৈও দাবী জনায় সভাপতিগৰাকীয়ে । অন্যথা কংগ্ৰেছে অনাগত সময়ত ভয়ানক কাৰ্যসূচী ল'ব বুলিও ঘোষণা কৰে।ইফালে ৰকিবুল হুছেইনে প্ৰতিবাদত ভাগ লৈ বিজেপি চৰকাৰে দিয়া প্ৰতিশ্ৰুতি মতে মূল্যবৃদ্ধি কমাই দিবলৈও দাবী জনায়।

মঙলদৈত মূল্যবৃদ্ধিৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদঃ বজৰং দলৰ কাণ্ডক লৈয়ো প্ৰতিক্ৰিয়া...
আপৰ অভিযোগঃ বিজেপি চৰকাৰৰ বাবে এখন এখনকৈ হেৰুৱাইছে গুৱাহাটীৰ খেলপথাৰ...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in