
ডিজিটেল সংবাদ,তিতাবৰ : শুকুৰবাৰে নিশা তিতাবৰ চহৰৰ মাজমজিয়াত বিধ্বংসী অগ্নিকাণ্ড। তিতাবৰৰ ষ্টেচন তিনিআলিত সংঘটিত হৈছে এই অগ্নিকাণ্ডৰ ঘটনা।
জানিব পৰামতে অগ্নিকাণ্ডৰ ফলত ৫ খনকৈ দোকান ভস্মীভূত হোৱাৰ লগতে কেইবা লাখ টকাৰ সামগ্ৰী জুইত জাহ যায়। ঘটনাস্থলীত তিতাবৰ, বৰহোলা, মৰিয়নীৰ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী আহি জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়।
ইফালে ঘটনাৰ বহু পলমকৈ অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী আহি উপস্থিত হোৱা অভিযোগ একাংশ ৰাইজৰ। উল্লেখ্য যে, ইয়াকেলৈ নিশা ঘটনাস্থলীত উতপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল ।