মঙলদৈত বজৰং দলৰ অস্ত্ৰ প্ৰশিক্ষণ কাৰ্যৰে জড়িত আন এগৰাকীক আটক

মঙলদৈত বজৰং দলৰ অস্ত্ৰ প্ৰশিক্ষণ কাৰ্যৰে জড়িত আন এগৰাকীক আটক

ডিজিটেল ডেস্ক : মঙলদৈত বজৰং দলৰ অস্ত্ৰ চালনাৰ প্ৰশিক্ষণত জড়িত আন এগৰাকী প্ৰশিক্ষকক আটক। শুকুৰবাৰে নিশা নুনমাটী আৰক্ষীয়ে ৰাতুল ছেত্ৰী নামৰ প্ৰশিক্ষকগৰাকীক আটক কৰে।

জানিব পৰামতে বৰ্তমান ৰাতুল ছেত্ৰীক মঙলদৈ থানাত আৰক্ষীয়ে জেৰা চলাই আছে। বৰ্তমানলৈকে ৩গৰাকী প্ৰশিক্ষাৰ্থীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে যদিও ৰৌ-বৰালি সদৃশ প্ৰশিক্ষকক সম্প্ৰতি স্মাৰ্ট আৰক্ষীয়ে আটক কৰিব পৰা নাই।

উল্লেখযোগ্য যে,দৰং জিলাৰ মঙলদৈস্থিত মহৰ্ষি বিদ্যামন্দিৰত ৰাষ্ট্ৰীয় বজৰং দলৰ অস্ত্ৰ চালনাৰ প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হৈছিল। এই প্ৰশিক্ষণ শিবিৰৰ কিয়দংশ দৃশ্য সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিচতে ৰাজ্যজুৰি সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়া।

এই সন্দৰ্ভতে আৰক্ষী অধীক্ষক জি পি সিঙে দৰং জিলা আৰক্ষী অধীক্ষকক সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত কৰিবলৈ নিৰ্দেশ দিছিল। ইয়াৰোপৰি উক্ত কাৰ্যৰে জড়িত লোকক আটক কৰিবলৈয়ো আৰক্ষী অধীক্ষকগৰাকীয়ে নিৰ্দেশ প্ৰদান কৰিছিল।

মঙলদৈত বজৰং দলৰ অস্ত্ৰ প্ৰশিক্ষণ কাৰ্যৰে জড়িত আন এগৰাকীক আটক
ধেমাজিত চকু ৰঙা পৰা ৰোগৰ সংক্ৰমণ : সজাগতা অৱলম্বন কৰিবলৈ স্বাস্থ্য বিভাগৰ আহ্বান

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in