/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/5afdc440-a936-41f1-b032-30f59d1388f4/51.jpg)
ডিজিটেল সংবাদ,বেকাজানঃ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে প্ৰতিটো ৰাজনৈতিক দলৰ প্ৰচাৰ তুংগ উঠিছে। বিত্ত মন্ত্ৰী অজন্তা নেওগে বৃহস্পতিবাৰে বেকাজান পঞ্চায়তৰ বালিজান মিচিং গাঁৱত ১০ নং কাজিৰঙা লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়।
গমাৰীগুৰি ব্লক বিজেপি আৰু বেকাজান পঞ্চায়তৰ বিজেপিৰ উদ্যোগত আয়োজিত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি মন্ত্ৰী অজন্তা নেওগে কয়- কাজিৰঙা সমষ্টিৰ পৰা কামাখ্যা প্ৰসাদ তাছা বিপুল ভোটত জয়ী হ'ব কাৰণ সমগ্ৰ দেশত এতিয়া মোডীৰ বতাহ বৈছে। দেশত পুনৰ নৰেন্দ্ৰ মোডী প্ৰধানমন্ত্ৰী হ'ব। তেওঁক এতিয়া কোনেও স্তব্ধ কৰিব নোৱাৰে। মুখ্যমন্ত্ৰীয়ে দাবী কৰা ধৰণেৰে এইবাৰ লোকসভা নিৰ্বাচনত আমি মিত্ৰজোঁটে অসমত ১৩খন আসন লাভ কৰিম আৰু বিপুল ভোটত জয় লাভ কৰিম।
নৰেন্দ্ৰ মোডীক তৃতীয়বাৰৰ বাবে দেশৰ প্ৰধান পাতিব লাগিব। গতিকে ৰাইজে উন্নয়নৰ স্বাৰ্থত বিজেপিক ভোট দি কেন্দ্ৰত নৰেন্দ্ৰ মোডীৰ নেতৃত্বত শক্তিশালী চৰকাৰ বনাব লাগিব। ইয়াৰ বাবে গোলাঘাট সমষ্টিৰ এই বেকাজান অঞ্চলৰ উন্নয়ন কৰিব পৰা এজন ভাল প্ৰতিনিধি লাগিব। যিদিনাই সমষ্টি পুনৰ নিৰ্ধাৰণ জৰিয়তে এই বেকাজান পঞ্চায়ত গোলাঘাট সমষ্টিৰ অন্তৰ্ভুক্ত হ'ল সেইদিনাই মই বেকাজানক মোৰ সমষ্টিৰ বুলি আকোৱালি ল'লো বুলি মন্ত্ৰী নেওগে মন্তব্য কৰে।
সেয়ে বিগত ছমাহৰ ভিতৰত পঞ্চায়তখনৰ বাট- পথ উন্নয়নৰ বাবে মুখ্যমন্ত্ৰীক কৈ ১৫ কোটি টকা আবণ্টন কৰি অনাৰ কথা মন্ত্ৰীগৰাকীয়ে ব্যক্ত কৰে। লগতে তেঁও কয়- ইতিমধ্যে ১২ কিলোমিটাৰ পথ নিৰ্মাণ হৈ আছে। তদুপৰি বেকাজান নদীৰ খহনীয়া প্ৰতিৰোধ বাবে ১৫ কোটি টকাৰ প্ৰাকঃলন প্ৰস্তুত কৰা হৈছে। আজি মই বেকাজানবাসী ৰাইজক কথা দিছো যে নিৰ্বাচন পিছতেই পানীখেতি তিতাবৰ সংযোগী বেকাজানৰ মূল গড় আলিটো দুই লেনযুক্তকৈ নিৰ্মাণ কৰা হ'ব।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/a3b2b5bc-d135-4398-9c9d-704467f04e1a/d02662de_4f18_40bf_a159_77a3c0b4a867.jpg)
তদুপৰি বেকাজান পঞ্চায়তক উন্নয়নেৰে নতুন ৰূপত সজাই পৰাই তোলা হ'ব। কাৰণ তিতাবৰ সমষ্টিৰ অন্তৰ্ভুক্ত হৈ থকা সময়ত অসম-নাগালেণ্ড সীমান্ত অঞ্চলটোৰ উন্নয়নৰ পৰা বঞ্চিত হৈ আছিল। আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনৰ উন্নয়নৰ বাবে দিনে- নিশাই কাম কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আমাক আশীৰ্বাদ দিছে। ফলত আঠ বছৰত অসমে পূৰ্বৰ ছখন মেডিকেল কলেজৰ স্থানত এতিয়া ১৮খন মেডিকেল কলেজ লাভ কৰিবলৈ সক্ষম হৈছে বুলি নিৰ্বাচনী সভাত অজন্তা নেওগে কয়।
উন্নয়নৰ স্বাৰ্থতে পুনৰ নৰেন্দ্ৰ মোডীক তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী বনাব লাগিব। তাৰ বাবে কাজিৰঙা সমষ্টিৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাক জয়ী কৰাব লাগিব। বেকাজানৰ ৰাইজক কথা দিছো অঞ্চলটোৰ সকলো মৌলিক সমস্যা সমাধান কৰিম। কিন্তু আপোনালোকে নৰেন্দ্ৰ মোডী, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু কামাখ্যা প্ৰসাদ তাছাক আশীৰ্বাদ কৰিব বুলি মন্ত্ৰীগৰাকীয়ে ৰাইজৰ প্ৰতি আহ্বান জনায়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/237fd686-5dcd-44eb-9584-e08d66a98c70/6a3be4d3_7004_4a8d_8abd_5f6214b95794.jpg)
ইয়াৰোপৰি মন্ত্ৰী অজন্তা নেওগে উপস্থিত ৰাইজক উদ্দেশ্যি কয়- বিগত সময়চোৱাত বেকাজান পঞ্চায়তখন উন্নয়নৰ পৰা বঞ্চিত হৈ আছিল। কিন্তু এতিয়া গোলাঘাট সমষ্টিত অন্তৰ্ভুক্ত হোৱাত ইয়াৰ দায়িত্ব মই লৈছো।
লোকসভা সমষ্টিটোৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাই ৰাইজক উদ্দেশি কয়- বিত্তমন্ত্ৰী অজন্তা নেওগে দায়িত্ব লোৱা পিছৰে পৰা বেকাজান কিছু উন্নয়ন আৰম্ভ হৈছে। কাজিৰঙা সমষ্টি এটা বিশাল সমষ্টি । ইয়াৰ সীমা অসম-নাগালেণ্ড সীমান্তৰ বেকাজানৰ পৰা আৰম্ভ কৰি লামডিঙপৰ্যন্ত। গতিকে আমাৰ এই যাত্ৰা বেকাজানৰ পৰাই আৰম্ভ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/f670c65b-dfa6-4bf4-a37c-4efdbdc0dbb5/feb4cf92_501a_4f57_abff_734d1830ebc3.jpg)
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশৰ প্ৰতিগৰাকী নাগৰিকৰ উন্নয়নৰ কথা চিন্তা কৰি সবকা সাথ সবকা বিকাশৰ নীতিৰে ঘৰে ঘৰে পানী যোগান , ৰেচন কাৰ্ডৰ ব্যৱস্থা কৰিছে। বিগত দহ বছৰত কোনো ধৰণৰ কেলেংকাৰী হোৱা নাই যাৰ বাবে প্ৰতিটো দুখীয়া পৰিয়ালে ৰেচন কাৰ্ড আৰু ৰন্ধন গেছ পাবলৈ সক্ষম হৈছে। গতিকে আমি এনেকুৱা ব্যক্তিক পুনৰ দেশৰ প্ৰধানমন্ত্ৰী পাতিব লাগে। বুলি তাছাই মন্তব্য কৰে।
প্ৰসংগক্ৰমে প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাই কয়- আপোনালোকে জানে বৰ্তমান মই যিগৰাকী ব্যক্তিৰ ঠাইত ৰাজ্যসভাৰ সাংসদ হৈছো তেওঁ দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙ। কিন্তু মনমোহন সিঙে অসমৰ পৰা দুবাৰকৈ ৰাজ্যসভাৰ সাংসদ হৈ গুৱাহাটীত ঘৰ বনালে যদিও তেওঁৰ প্ৰধানমন্ত্ৰী কাৰ্যকালত অসমলৈ মাত্ৰ ৬বাৰ আহিল।কিন্তু নৰেন্দ্ৰ মোদী গুজৰাটৰ পৰা প্ৰধানমন্ত্ৰী হ'লেও তেওঁ বৰ্তমান অসমলৈ ২০বাৰ আৰু উত্তৰ পূৰ্বাঞ্চললৈ ৬০বাৰ আহিছে।
এই কথাই প্ৰমাণ কৰে যে মোডীৰ অসমৰ প্ৰতি কিমান আন্তৰিকতা । কিমান দায়বদ্ধতা। আৰু কংগ্ৰেছ আৰু বিজেপিৰ মাজত পাৰ্থক্য কি ? অসমৰ ১৪খন লোকসভা আসনত জয়ী হোৱাটো মূল কথা নহয় । মূল কথা অসম আৰু দিল্লীৰ সৈতে সম্পৰ্ক আৰু আন্তৰিকতা বুলি তাছাই ভাষণত উল্লেখ কৰে।
কংগ্ৰেছক ক্ষুৰধাৰ সমালোচনা কৰি কামাখ্যা প্ৰসাদ তাছাই কয়- বিগত সময়চোৱাত কংগ্ৰেছে আমাৰ দুখীয়া মানুহখিনিক এনেকুৱা অৱস্থালৈ লৈ গ'ল যে অসমত ৪২ লাখ লোক ৰেচন কাৰ্ডৰ পৰা বঞ্চিত হ'ব লগা হ'ল। ফলত অসমৰ ৰাইজে এতিয়া তাৰ বেয়া ফল ভূগিব লগা হৈছে। ইয়াৰ বিপৰীতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সবকা সাথ সবকা বিকাশৰ নীতিৰে আগবাঢ়িছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/6e52abbf-35ea-4a87-8408-1f3bf6d463d6/4f7d26de_1ff6_4ab5_b06b_13938272f9bb.jpg)
উপস্থিত ৰাইজক উদ্দেশ্যি তাছাই কয়- আপোনালোকে মনত ৰাখিব কেৱল কামাখ্যা প্ৰসাদ তাছা এম পি হ'লেই নহ'ব, অজন্তা নেওগ বিত্তমন্ত্ৰী হ'লেই নহ'ব , সকলো মানুহৰ বিকাশ হ'ব লাগিব। ৰাইজৰ উন্নয়ন হ'ব লাগিব। তাৰ বাবে আমাক এজন ভাল জনপ্ৰতিনিধি লাগিব। গতিকে তাৰ বাবে মই বেকাজানবাসী ৰাইজৰ আশীৰ্বাদ বিচাৰিছো।
উল্লেখযোগ্য আজিৰ সভাত বেকাজান পঞ্চায়তৰ বিজেপি কৰ্মীসকলে বালিজান মিচিং গাঁৱৰ মুৰং ঘৰত হোৱা নিৰ্বাচনী সভাত প্ৰায় তিনিহাজাৰ ৰাইজৰ উপস্থিতি লক্ষ্য বান্ধি লৈছিল। কিন্তু বিগত সময়চোৱাত সাংসদ কামাখ্যা প্ৰসাদ তাছা আৰু তপন কুমাৰ গগৈয়ে কোনো ধৰণৰ উন্নয়নত গুৰুত্ব নিদিয়াত মূৰকত পঞ্চায়তখনৰ মাত্ৰ পাঁচ শতাধিক ৰাইজ উপস্থিত থাকে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/8adb3741-41bb-4852-8239-eb8dd49136b5/b1c61334_46ab_47a5_ae59_fc7656f07596.jpg)
ৰাইজৰ সেৰেঙা উপস্থিতিয়ে বিজেপিক শংকিত কৰি তুলিছে । কিয়নো বিগত ২০বছৰ ধৰি বেকাজান পঞ্চায়তখন কংগ্ৰেছৰ দখলত আছিল। আজিৰ সভাত বেকাজান পঞ্চায়তৰ প্ৰভাৰী কুমুদ কছাৰী, গোলাঘাট জিলাৰ বিজেপিৰ সম্পাদক পোনা বৰা, ঠেঙ্গাল কছাৰী স্বায়ত্ত পৰিষদৰ বিপুল কছাৰী, আৰু ৰাজু সোণাৱাল উপস্থিত থাকে।
Also Read: ৰাঙলুত পথ দুৰ্ঘটনা : শিশুসহ আহত ৭জন