বন বিভাগৰ নাই উপযুক্ত অস্ত্ৰ ! বনৰীয়া হাতীৰ আক্ৰমণত নিহত কৰ্মচাৰী

উপযুক্ত অস্ত্ৰ নথকাৰ ফলত এজন বনকৰ্মীৰ মৃত্যু হোৱা বুলি অভিযোগ উত্থাপিত হৈছে

author-image
Asomiya Pratidin
New Update
বন বিভাগৰ নাই উপযুক্ত অস্ত্ৰ ! বনৰীয়া হাতীৰ আক্ৰমণত নিহত কৰ্মচাৰী

ডিজিটেল সংবাদ,তিতাবৰ : মৰিয়নিত বৃহস্পতিবাৰে মাজনিশা বনৰীয়া হাতীৰ আক্ৰমণত এজন বনকৰ্মী নিহত হয়। নিহত বনকৰ্মীজনৰ নাম অতুল কলিতা বুলি জানিব পৰা গৈছে। তেওঁ বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ এগৰাকী কৰ্মী আছিল।

Advertisment

আনহাতে এই ঘটনাটোতে ৩গৰাকী লোক গুৰুতৰভাৱে আহত হয় ৷ তেওঁলোক হৈছে-গীৰেণ মাহাতু,ৰাজীৱ বৰগোহাঁই আৰু পৰাগ দত্ত। উক্ত নিশা প্ৰায় ২ বজাত তিতাবৰ মহকুমাৰ বিজয় নগৰ অঞ্চলত বন্যহস্তী খেদিবলৈ যোৱাৰ সময়ত ঘটনাটো সংঘটিত হয়।

লক্ষ্যণীয় বিষয় যে,হাতী খেদিবৰ বাবে বন বিভাগৰ উপযুক্ত অস্ত্ৰ নথকাৰ ফলত এজন বনকৰ্মীৰ মৃত্যু হোৱা বুলি অভিযোগ উত্থাপিত হৈছে ৷ উল্লেখ্য যে ইয়াৰ পূৰ্বেও অনুৰূপ কাৰণতে বনকৰ্মী নিহত হোৱা বুলি একাংশই অভিযোগ তোলে।

বিগত কিছুদিন ধৰি গিৱণ অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা বন্যহস্তীৰ জাকে মৰিয়নিৰ উপকণ্ঠ অঞ্চলত উপদ্ৰৱ চলাই আহিছে ৷ নিশা অভয়াৰণ্যৰ পৰা জনাঞ্চলত প্ৰৱেশ কৰা হাতীৰ জাকটো খেদি পঠিয়াওৱাৰ চেষ্টা কৰাৰ সময়তে বিজয়নগৰ অঞ্চলত বনকৰ্মীক হাতীৰ জাকটোৱে আক্ৰমণৰ লক্ষ্য কৰি লয় ৷

ইফালে স্থানীয়লোক আৰু বন বিভাগৰ সহযোগত আঘাতপ্ৰাপ্ত কেউগৰাকী বনকৰ্মীক যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতেললৈ নিশা লৈ যোৱা হয়।

Also Read: এছিয়ান গেমছ : ভাৰতৰ দখলত আন এটা স্বৰ্ণ পদক

assam forest department man elephant conflict wild elephant attacked titabar