এছিয়ান গেমছ : ভাৰতৰ দখলত আন এটা স্বৰ্ণ পদক

বৰ্তমান ভাৰতৰ পদকৰ সংখ্যা ৩০টা। ইয়াৰে ৮টা সোণ,১১ টা ৰূপ আৰু সমসংখ্যক ব্ৰঞ্জৰ পদক ভাৰতে লাভ কৰিছে

author-image
Asomiya Pratidin
New Update
এছিয়ান গেমছ : ভাৰতৰ দখলত আন এটা স্বৰ্ণ পদক

ডিজিটেল ডেস্ক : চীনত অনুষ্ঠিত এছিয়ান গেমছ ২০২৩ত উজলি উঠিছে ভাৰতীয় খেলুৱৈ। পদক তালিকাত সম্প্ৰতি ভাৰতৰ স্থান চতুৰ্থ। খেলৰ ৬ষ্ঠ দিনা আন এটা স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হৈছে ভাৰতীয় খেলুৱৈ।

Advertisment

ইয়াৰ সুবাদত পদক তালিকাত ভাৰত ৪ৰ্থ স্থানলৈ উন্নীত হয়। বৰ্তমান ভাৰতৰ পদকৰ সংখ্যা ৩০টা। ইয়াৰে ৮টা সোণ,১১ টা ৰূপ আৰু সমসংখ্যক ব্ৰঞ্জৰ পদক ভাৰতে লাভ কৰিছে।

শুকুৰবাৰে ভাৰতীয় শ্বুটাৰে সোণৰ পদক লাভ কৰিবলৈ সক্ষম হয়। ৫০ মিটাৰ ৰাইফলৰ পুৰুষৰ দলীয় শাখাত ভাৰতে সোণৰ পদক লাভ কৰে। দলটোত আছিল ঐশ্বৰ্য্য প্ৰতাপ সিঙ টোমাৰ,কুশল স্বপ্নীল আৰু অখিল চোওৰান।

আনহাতে ১০ মিটাৰ পিষ্টলৰ মহিলাৰ দলীয় শাখাত ভাৰতে ৰূপৰ পদক লাভ কৰে। মহিলাৰ দলটোত আছিল ঈষা সিং,পলক আৰু দিব্যা চুব্বাৰাজু।

Also Read: হেৰী প'টাৰৰ অভিনেতা মাইকেল গেম্বন আৰু নাই

Asian Games 2023