ৰেচন কাৰ্ড থকা পৰিয়ালে পাব অৰুণোদয়ঃ পীযুষ হাজৰীকা

ৰেচন কাৰ্ড থকা পৰিয়ালে পাব অৰুণোদয়ঃ পীযুষ হাজৰীকা

ডিজিটেল সংবাদ, টিয়কঃ আঁঠুৱা-কম্বলৰ পাৰ্টি মানেই হ’ল কংগ্ৰেছ। এই কংগ্ৰেছ পাৰ্টিৰ কাম নাই।- টিয়ক বিধানসভা সমষ্টিত আজি অনুষ্ঠিত এখন বিলাশ নিৰ্বাচনী প্ৰচাৰ সভাত ভাষণ দি এইদৰে মন্তব্য কৰে অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই।

ভাষণত জলসম্পদ মন্ত্ৰী হোৱাৰ পিছত মন্ত্ৰী পীযুষ হাজৰীকাই টিয়ক সমষ্টিৰ জনসাধাৰণৰ বাবে কি কি কাম কৰিছে তাৰ খতিয়ান দাঙি ধৰে। যোৱা আঢ়ৈ বছৰত বিভিন্ন উন্নয়নমূলক কামৰ বাবে মন্ত্ৰীগৰাকীয়ে সমষ্টিটোত ৬৫ কোটি ৩৫ লাখ টকা আবণ্টন দিয়াৰ কথা উল্লেখ কৰে।

ভাষণত মন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰীয়ে যোৱা বিধানসভা নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতিসমূহ আখৰে আখৰে পালন কৰাৰ কথাও উল্লেখ কৰে। উদাহৰণস্বৰূপে তেওঁ প্ৰতিশ্ৰুতি দিয়া অনুসৰি ১ লাখ নিবনুৱাক চাকৰি, অৰুণোদয়ৰ টকা বৃদ্ধি কৰা, ৰেচন কাৰ্ড দিয়া, উজলা আঁচনি দিয়া আদিৰ কথা উল্লেখ কৰে।

উল্লেখ্য যে শুকুৰবাৰে যোৰহাট লোকসভা সমষ্টিৰ টিয়ক বিধানসভা সমষ্টিৰ নামদেউৰী ৰঙ্গমঞ্চত বিজেপি,অগপ, গণশক্তিৰ উদ্যােগত আয়োজিত নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লৈ মন্ত্ৰীগৰাকীয়ে ভাৰতীয় জনতা পাৰ্টি তথা মিত্ৰজোঁটৰ প্ৰতি ৰাইজৰ আশিস-সহযোগিতা কামনা কৰে। একেদিনাই মন্ত্ৰীগৰাকীয়ে টিয়ক বিধানসভা সমষ্টিৰ সৰুচৰাইৰ ঘৰফলীয়া, পানীচকোৱাৰ সূৰুযমুখি কলা কৃষ্টি কেন্দ্ৰ, বালিগাঁও আদিত কেবাখনো নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে।

ৰেচন কাৰ্ড থকা পৰিয়ালে পাব অৰুণোদয়ঃ পীযুষ হাজৰীকা
ঢকুৱাখনা সমষ্টিত ঘৰে ঘৰে নিৰ্বাচনী বিষয়াৰ ভোট গ্ৰহণ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in