ঢকুৱাখনা সমষ্টিত ঘৰে ঘৰে নিৰ্বাচনী বিষয়াৰ ভোট গ্ৰহণ...

ঢকুৱাখনা সমষ্টিত ঘৰে ঘৰে নিৰ্বাচনী বিষয়াৰ ভোট গ্ৰহণ...

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ ১২ নং লখিমপুৰ লোকসভা সমষ্টিৰ সাধাৰণ নিৰ্বাচনৰ দিন ক্ৰমাৎ চমু চাপি আহিছে। ইয়াৰ লগে লগে ৭৭ নং ঢকুৱাখনা বিধানসভা সমষ্টিৰ জিলা নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ো তৎপৰ হৈ পৰা পৰিলক্ষিত হৈছে। বিধানসভা সমষ্টিটোত সমাগত নিৰ্বাচন স্বচ্ছ, নিকা মুক্ত আৰু শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাৰ স্বাৰ্থত জিলা নিৰ্বাচনী বিষয়াৰ কাৰ্য্যালয়ে ইতিমধ্যে ৫ টা জ'ন, ২০টা চেক্টৰত বিভক্ত কৰি  নিয়াৰিকৈ নিৰ্বাচনী কাম কাজ অব্যাহত ৰাখি জনেল অফিচাৰ হিচাবে ৩ গৰাকী কাৰ্যবাহী দণ্ডাধীশক নিযুক্তি দিছে।

ঢকুৱাখনা বিধানসভা সমষ্টিটোত মুঠ ১৯৮টা ভোটকেন্দ্ৰত মুঠ ৯৫২গৰাকী নিৰ্বাচনী বিষয়া কৰ্মচাৰী নিযুক্তি দিয়া বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে জিলা নিৰ্বাচনী বিষয়া কাৰ্ত্তিক কলিতাই। সমষ্টিটোৰ নিৰ্বাচনী প্ৰক্ৰিয়াৰ অগ্ৰগতি দাঙি ধৰি কলিতাই জনোৱা মতে ৫ এপ্ৰিলৰ পৰা ৯ এপ্ৰিললৈ নিৰ্বাচনী বিষয়াৰ ৫ টা পৃথক পৃথক দলে ঘৰে ঘৰে গৈ পোষ্টেল ভোট গ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। সমষ্টিটোৰ ৮৫ বছৰৰ ঊৰ্ধ ৪১৩গৰাকী জ্যেষ্ঠ নাগৰিক আৰু ৪৫গৰাকী শাৰীৰিকভাৱে অক্ষম নাগৰিকসহ মুঠ ৫১৮গৰাকী ব্যক্তিৰ ভোট গ্ৰহণ পৰ্ব শুকুৰবাৰৰ পৰা আৰম্ভ কৰিছে।

প্ৰতিটো গোটত এজনকৈ চেক্টৰ বিষয়া, মাইক্ৰ অবজাৰ্ভাৰ, বি এল অ ছুপাৰভাইজাৰ , ভিডিঅ গ্ৰাফাৰ আৰু দুজনকৈ আৰক্ষী জোৱান নিযুক্তি দি পোষ্টেল ভোট গ্ৰহণ প্ৰক্ৰিয়া স্বচ্ছতাৰে আৰম্ভ কৰিছে । এই পোষ্টেল ভোট গ্ৰহণ শাখাৰ তত্বাৱধায়ক মিত্ৰা বৃন্দা গগৈয়ে জনোৱা মতে শুকুবাৰৰ পৰা অহা ৯ এপ্ৰিললৈ সমষ্টিটোৰ প্ৰিজাইডিং, প্ৰথম পুলিং, দ্বিতীয় পুলিং আৰু তৃতীয় পুলিং বিষয়াসকলৰ প্ৰশিক্ষণ কেন্দ্ৰত নিৰ্বাচনী দায়িত্বত নিয়োজিত বিষয়া কৰ্মীসকলক এই পোষ্টেল বেলট প্ৰদান কৰিব।

নিৰ্বাচনী কৰ্তব্যত নিয়োজিত  বিষয়া কৰ্মচাৰী সকলে ৮ এপ্ৰিলৰ পৰা ১৮ এপ্ৰিললৈ নিজৰ ভোটাধিকাৰ জিলা নিৰ্বাচনী বিষয়াৰ কাৰ্য্যালয় অৰ্থাৎ মহকুমাধিপতিৰ কাৰ্য্যালয়ত স্থাপিত স্থায়ী ভোট কেন্দ্ৰত সাব্যস্ত কৰাৰ সম্পূৰ্ণ সুবিধা উপলব্ধ কৰিব বুলি জনালে।

ইয়াৰোপৰি জিলা নিৰ্বাচনী বিষয়াৰ কাৰ্য্যালযে অহা ৭ এপ্ৰিল আৰু ১২ এপ্ৰিলত বিধানসভা সমষ্টিটোৰ ঢকুৱাখনা মহাবিদ্যালয়, ঘিলামৰাৰ নৰ্থ বেঙ্ক মহাবিদ্যালয়ত প্ৰিজাইডিং আৰু পুলিং বিষয়া সকলৰ প্ৰশিক্ষণ প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰিছে। লগতে ৯ আৰু ১০ এপ্ৰিলত ঢকুৱাখনা সদৰ থানাত আৰক্ষী বিভাগৰ বিষয়া, কনিষ্টবল আৰু গৃহৰক্ষী বাহিনীৰ জোৱানসকলৰ প্ৰশিক্ষণ অনুষ্ঠিত কৰা হ'ব বুলি জনাইছে ।

ঢকুৱাখনা সমষ্টিত ঘৰে ঘৰে নিৰ্বাচনী বিষয়াৰ ভোট গ্ৰহণ...
জামুগুৰি মুণ্ডাগাঁৱত গৰুচোৰ আটকঃ আৰক্ষীৰ গুলীচালনা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in