ডিজিটেল সংবাদ যোৰহাটঃ "ডাক টিকটত প্ৰতিফলিত বিষয়সমূহ গৱেষণাৰ বিষয়বস্ত হ'ব পাৰে।"- ভাৰতীয় ডাক বিভাগৰ শিৱসাগৰ সংমণ্ডল, যোৰহাটে দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা ডাক টিকট প্ৰদৰ্শনী উদ্বোধন কৰি উদ্বোধক বিশিষ্ট শিশু সাহিত্যিক, মৌচাক মামা ৰূপে পৰিচিত শান্তনু তামুলীয়ে এইদৰে কয়।
২২ আৰু ২৩ নৱেম্বৰত অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয়ৰ চন্দ্ৰকান্ত সন্দিকৈ ভৱন প্ৰাংগণত দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা এই প্ৰদৰ্শনীৰ উদ্বোধনী সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে অসম মহিলা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অজন্তা বৰগোঁহাই ৰাজকোঁৱৰ। বিশিষ্ট অতিথিগৰাকীয়ে তেখেতৰ ভাষণত ডাক টিকটৰ বিশাল পৃথিৱীখনৰ স্বকীয়তা, ইয়াৰ প্ৰচুৰ বাণিজ্যিক সম্ভাৱনীয়তাৰ কথা উল্লেখ কৰি ইয়াৰ আধুনিকীকৰণৰ পোষকতা কৰে।
উদ্বোধনী সভাখনৰ বন্তি প্ৰজ্বলক হিচাপে উপস্থিত থকা বিশিষ্ট সাংবাদিক দিগন্ত বৰগোহাঁইয়ে ডাক টিকট সংগ্ৰহৰ তেখেতৰ পুৰণি নিচাৰ কথা সুঁৱৰি নষ্টালজিক হৈ পৰে। তেখেতে নিজৰ ব্যক্তব্যত ডাক টিকট, চিঠি, ডাকোৱালে কেনেকৈ এসময়ত জনমানসত গভীৰ প্ৰভাৱ পেলাইছিল আৰু এখন চিঠিৰ লগত কেনেদৰে মানুহৰ আবেগ সংপৃক্ত হৈ আছিল সেয়াও উল্লেখ কৰে।
এই উদ্বোধনী সভাখনৰ উদ্দেশ্য বাখ্যা কৰে শিৱসাগৰ সংমণ্ডলৰ সহকাৰী ডাক অধীক্ষক জগদীশ দত্তই আৰু আদৰণি ভাষণ আগবঢ়াই শিৱসাগৰ সংমণ্ডলৰ ডাক অধীক্ষক দিলীপ মণ্ডলে। যোৰহাটৰ ডাক কৰ্মচাৰীসকলৰ দ্বাৰা পৰিবেশিত এটা সমবেত সংগীতেৰে আৰম্ভ হোৱা উদ্বোধনী সভাখনত দুশৰো অধিক ব্যক্তি উপস্থিত থাকে।
ডাক টিকটৰ প্ৰদৰ্শনী স্থলীলৈ দহখনৰো অধিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসহ, শিক্ষক-শিক্ষয়িত্ৰীসকলৰ আগমন ঘটে লগতে যোৰহাটৰ বহুকেইজন গণ্যমান্য ব্যক্তিয়ে এই প্ৰদৰ্শনীখন উপভোগ কৰি উচ্চ প্ৰশংসা কৰে। এই প্ৰদৰ্শনীত মুঠ এঘাৰজন ফিলাটেলিষ্টে অংশগ্ৰহণ কৰি তেওঁলোকৰ মূল্যবান ডাক টিকটসমূহ তথা প্ৰথম দিৱস আৱৰণীসমূহৰ প্ৰদৰ্শন কৰে।
প্ৰদৰ্শনীত অংশগ্ৰহণকাৰী ফিলাটেলিষ্টসকল হৈছে পৰাগজ্যোতি কোঁৱৰ, অনুভূতি কোঁৱৰ, অধিৰাজ দত্ত, জয়শ্ৰী দেৱী, অৰুণেন্দু আচাৰ্যী, কস্তুৰী কংকণা চক্ৰৱৰ্তী, অলকা পাঠক, পৃথীৰাজ পুৰকায়স্থ, ৰঞ্জিত গগৈ, নেৰুদা লীচে গগৈ আৰু ভৈৰৱ কুমাৰ দাসে।
উক্ত প্ৰদৰ্শনীৰ লগত সংগতি ৰাখি আপুৰুগীয়া ডাক টিকট বিক্ৰীৰো ব্যৱস্থা কৰা হৈছে আৰু এই বাতৰি যুগুতোৱাৰ পৰলৈকে পাঁচহাজাৰৰো অধিক ডাকটিকট বিক্ৰী হৈছে। যি সঁচাকৈয়ে আশাপ্ৰদ।
উদ্বোধনী অনুষ্ঠানৰ পাছতেই ডাক টিকট সংগ্ৰহৰ বিষয়ে এক মনোজ্ঞ কৰ্মশালাৰ আয়োজন কৰা হয় আৰু এই কৰ্মশালাৰ সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে বিশিষ্ট কবি তথা ফিলাটেলিষ্ট ৰঞ্জিত গগৈয়ে। আজিৰ উদ্বোধনী সভাখন পৰিচালনা কৰে ভাৰতীয় ডাক জীৱন বীমাৰ উন্নয়ন বিষয়া প্ৰণৱ বৰপাত্ৰগোহাঞি আৰু মেঘালী বৰা বৰুৱাই।
কাইলৈ উক্ত প্ৰদৰ্শনস্থলীত বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত দিনৰ এঘাৰ বজাৰ পৰা চিত্ৰাংকণ প্ৰতিযোগিতা আৰু তাৰ পাছতেই এলানি কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব।