বাসুগাঁৱত চুৰিকাণ্ড! চোৰে নিলে ২৫-৩০ লক্ষাধিক টকাৰ সোণ-ৰূপৰ গহনা আৰু নগদ ধন

বাসুগাঁৱত চুৰিকাণ্ড!  চোৰে নিলে ২৫-৩০ লক্ষাধিক টকাৰ সোণ-ৰূপৰ গহনা আৰু নগদ ধন

ডিজিটেল সংবাদ, চিৰাং : চিৰাং জিলাৰ বাসুগাঁও চহৰৰ বিশিষ্ট ব্যৱসায়ী তথা ঝৰ্ণা জল ফেক্টৰীৰ স্বত্বাধিকাৰী উত্তম সাহাৰ বাসগৃহত বুধবাৰে নিশা এক চুৰিকাণ্ড সংঘটিত হয়। বাসুগাঁও চহৰৰ ৩ নং ওৱাৰ্ডৰ ৰামকৃষ্ণ পথস্থিত উত্তম সাহাৰ তিনিমহলীয়া বাসগৃহৰ প্ৰথম মহলাৰ এটা বিশেষ কোঠালীৰ খিৰিকীৰ গ্ৰীল ভাঙি চোৰ প্ৰৱেশ কৰে। দুটাকৈ ষ্টীল আলমিৰাৰ তলা ভাঙি কেইবা লক্ষাধিক টকা মূল্যৰ সোণ ৰূপৰ গহনা লগতে আনুমানিক ১০-১৫ লক্ষাধিক নগদ টকা চোৰে চুৰ কৰি লৈ যায়।

বৃহস্পতিবাৰে পুৱা ৯:৩০ বজাত উত্তম সাহা নিজেই পূজা অৰ্চনাৰ বাবে উক্ত কোঠালীত প্ৰৱেশ কৰাৰ সময়ত কোঠালীটৌৰ ভিতৰৰ পৰা বন্ধ কৰা দেখি হচকিত হৈ পৰে । কাৰণ কোঠালিটোত প্ৰৱেশ কৰাৰ একমাত্ৰ দৰ্জাখন ভিতৰৰ পৰা বন্ধ কৰা দেখি সন্দেহ ওপজাত দৰ্জাখন বাহিৰৰ পৰা ঠেলা-হেঁচা কৰাত হঠাতেই দৰ্জাখন খোল খাই যোৱাত উক্ত চুৰিকাণ্ডৰ ঘটনা পোহৰলৈ আহে।

চুৰিকাণ্ডৰ খবৰ লাভ কৰি বাসুগাঁও থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ঋতু মণি দাসসহ আৰক্ষী লোক উপস্থিত হৈ প্ৰাথমিক তদন্ত আৰম্ভ কৰে । পৰবৰ্তী সময়ত জিলা সদৰ কাজলগাঁৱৰ পৰা অতিৰিক্ত আৰক্ষী অধীক্ষক ৰশ্মিৰেখা শৰ্মাৰ নেতৃত্বত এটা ফৰেনছিক দল বিশিষ্ট ব্যবসায়ী উত্তম সাহাৰ বাসগৃহত উপস্থিত হৈ চুৰিকাণ্ডৰ তদন্ত আৰু অনুসন্ধান আৰম্ভ কৰিছে ।

আশ্চৰ্য্যজনক কথা যে বাসুগাঁও চহৰৰ মাজমজিয়াত ঘনবসতিপূৰ্ণ এলেকাত এইদৰে চুৰিকাণ্ড সংঘটিত কৰি আনুমানিক ২৫ পৰা ৩০ লক্ষাধিক টকাৰ সোণ-ৰূপৰ গহনা আৰু নগদ টকাৰ চুৰ কৰি লৈ ঘটনাই বাসুগাঁও চহৰবাসী ৰাইজৰ মাজত ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে।

বাসুগাঁৱত চুৰিকাণ্ড!  চোৰে নিলে ২৫-৩০ লক্ষাধিক টকাৰ সোণ-ৰূপৰ গহনা আৰু নগদ ধন
কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ সোণোৱাল কছাৰী গণ মঞ্চৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in