অসম সাহিত্য সভাৰ নৱ নিৰ্মিত মুখ্য ভৱনৰ দুটা মহলাৰ খৰচ বহন কৰিব জয়ন্ত বৰুৱাই

অসম সাহিত্য সভাৰ নৱ নিৰ্মিত মুখ্য ভৱনৰ দুটা মহলাৰ খৰচ বহন কৰিব জয়ন্ত বৰুৱাই

ডিজিটেল ডেস্ক : সাদিন-প্ৰতিদিন গোষ্ঠীৰ স্বত্বধিকাৰী তথা অসমীয়া প্ৰতিদিনৰ সম্পাদক জয়ন্ত বৰুৱালৈ 'দেউৰাম তাছা বঁটা'। মঙলবাৰে যোৰহাট সাহিত্য সভাৰ উদ্যোগত আৰু দেউৰাম তাছা স্মৃতিৰক্ষা সমিতিৰ সহযোগত দানবীৰ ৰাধাকান্ত সন্দিকৈ ভৱনত আয়োজন কৰা হয় বিশেষ কাৰ্যসূচী।

এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত জাপি,গামোছা,শৰাই,মানপত্ৰ,স্মাৰক আদিৰে অসমীয়া প্ৰতিদিনৰ সম্পাদক জয়ন্ত বৰুৱালৈ আগবঢ়োৱা হয় 'দেউৰাম তাছা বঁটা'। অসম সাহিত্য সভাৰ সভাপতি ড০ সূৰ্যকান্ত হাজৰিকাৰ হাতৰ পৰা জয়ন্ত বৰুৱাই 'দেউৰাম তাছা বঁটা' গ্ৰহণ কৰে।

বঁটা গ্ৰহণ কৰি জয়ন্ত বৰুৱাই কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰে। সমাজলৈ দেউৰাম তাছাৰ অৱদানৰ বিষয়ে উল্লেখ কৰি কয় যে, দেউৰাম তাছাৰ নামত প্ৰদান কৰা এই বঁটা তেওঁৰ কৰ্মৰ প্ৰেৰণাৰ বাবে আশীৰ্বাদ স্বৰূপ হৈ ৰ'ব । লগতে তেওঁ দেউৰাম তাছাৰ স্মৃতি দিৱসত উপস্থিত থাকিবলৈ পাই নিজকে সৌভাগ্যৱান বুলি মন্তব্য কৰে।

উক্ত অনুষ্ঠানতে অসম সাহিত্য সভাই প্ৰকাশ কৰে যোৰহাটস্থিত অসম সাহিত্য সভাৰ কাৰ্যালয় চৌহদত নতুনকৈ স্থাপন কৰিবলগীয়া নতুন মুখ্য ভৱনৰ নক্সা। নতুন ভৱনটিৰ আৰ্হি চাই জয়ন্ত বৰুৱাই তেওঁৰ প্ৰপিতামহ তথা ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ নামত এটা সংগ্ৰহালয় আৰু দেউৰাম তাছাৰ নামত এটা সংগ্রহালয় স্থাপন কৰাৰ কথা উল্লেখ কৰে। এই দুয়োটা মহলাৰ সমস্ত খৰচ তেওঁ বহন কৰিব বুলি পবিত্ৰ মঞ্চত সুধীবৃন্দৰ সন্মুখত মন্তব্য কৰে।

উল্লেখ্য যে যোৰহাট সাহিত্য সভাৰ উদ্যোগত আয়োজিত উক্ত অনুষ্ঠানটি আৰম্ভ হয় বন্তি প্ৰজ্জ্বলনেৰে। বন্তি প্ৰজ্জ্বলন কৰে অসমীয়া প্ৰতিদিনৰ সম্পাদক জয়ন্ত বৰুৱাই। ইয়াৰ পিচতে শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত এটি বৰগীতেৰে অনুষ্ঠানৰ মূল কাৰ্যসূচী অনুষ্ঠিত কৰা হয়।

আনহাতে উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি সাহিত্যক মাখনলাল বাঢ়ৈলৈ আগবঢ়োৱা হয় 'ডিম্বেশ্বৰ তাছা স্মাৰক বঁটা'। অনুষ্ঠানত উপস্থিত থাকে অসম সাহিত্য সভাৰ সভাপতি ড০ সূৰ্যকান্ত হাজৰিকা, বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিসকল,যোৰহাট সাহিত্য সভাৰ কৰ্মকৰ্তা,দেউৰাম তাছা স্মৃতিৰক্ষা সমিতিৰ বিষয়-ববীয়া আদিকে ধৰি ভালেসংখ্যক গন্য়-মান্য ব্যক্তি।

অসম সাহিত্য সভাৰ নৱ নিৰ্মিত মুখ্য ভৱনৰ দুটা মহলাৰ খৰচ বহন কৰিব জয়ন্ত বৰুৱাই
সাদিন-প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ জয়ন্ত বৰুৱালৈ দেউৰাম তাচা বঁটা

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in