/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/82fc3b34-40af-434b-a815-edd69aa8b820/tt.jpg)
ডিজিটেল সংবাদ,মৰিয়নিঃ মৰিয়নি সমষ্টিৰ দেৱেৰাপাৰা আৰক্ষী চকীৰ অন্তৰ্গত হুলুংগুৰি চাহ বাগিছাত শ্ৰমিকসকলৰ প্ৰাপ্য বেতন আদায়ৰ দাবীত আটছাৰ ভাতৃ সংগঠন আটুৱাই শুকুৰবাৰে এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে। উল্লেখ্য যে এনড্ৰিঅ ইউলে কোম্পানী মালিকাধীন বাগিছাখনৰ চাহ শ্ৰমিকসকলে ডেৰমাহ ধৰি প্ৰাপ্য মজুৰি আৰু ৰেচন লাভ নকৰাত শ্ৰমিকসকলৰ পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে।
শ্ৰমিকসকলে প্ৰাপ্য বেতন বিচাৰি মালিকপক্ষৰ সৈতে বহুবাৰ যোগাযোগ কৰিও কোনো সুফল লাভ নকৰাৰ অভিয়োগ কৰিছে।ইয়াৰ পৰিপ্ৰেক্ষিতত বাগিছাখনৰ শ্ৰমিকসকলৰ সহযোগত আটুৱাৰ মৰিয়নি শাখাই এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰি প্ৰাপ্য আদায়ৰ দাবী জনায়।
Also Read: ৰহাত ৫ বজালৈ ভোটাৰৰ দীঘলীয়া শাৰী..
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
/asomiyapratidin/media/member_avatars/a-/AFdZucrahs0cQJtCvPJgez1pmKf-b8DYLM8QcmdGGzcV=s96-c.jpeg )
 Follow Us
 Follow Us