/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/2680fd53-7ac7-42d2-b2ac-803d8306beee/merapani_tiger_20.jpg)
মেৰাপানীত মৃত নাহৰফুটুকী উদ্ধাৰ...
ডিজিটেল সংবাদ মেৰাপানীঃ মেৰাপানীত উদ্ধাৰ হৈছে এটা মৃত নাহৰফুটুকী বাঘ। আঠগাঁৱৰ চাহ বাগিচাৰ এলেকাত উদ্ধাৰ হৈছে এই প্ৰকাণ্ড নাহৰফুটুকীৰ মৃতদেহটো।
বুধবাৰে গোলাঘাটৰ ফৰকাটিং আঠগাওঁৰ চাহ বাগিচাৰ এলেকাত উদ্ধাৰ হয় এটা প্ৰকাণ্ড মৃত নাহৰফুটুকী। স্থানীয় লোকে মৃত অৱস্থাত প্ৰত্যক্ষ কৰে প্ৰকাণ্ড বাঘটো।
স্থানীয় লোকে জামুগুৰি আঞ্চলিক বন বিষয়া গোবিন্দ টাইদক খবৰ দিয়াত বন বিভাগৰ লোক উপস্থিত হৈ উদ্ধাৰ কৰে নাহৰফুটুকীটো। উল্লেখযোগ্য যে, ফৰকাটিং আঠগাওঁত ক'ৰ পৰা বাঘটো আহি কিদৰে মৃত্যু হ'ল সেই বিষয়ে জানিব পৰা হোৱা নাই।
নাহৰফুটুকীটোৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ অন্ততহে কেনেকৈ মৃত্যু হ'ল সেই বিষয়ে পোহৰলৈ আহিব। ইফালে ফৰকাটিং আঠগাওঁত নাহৰফুটুকীৰ মৃতদেহ উদ্ধাৰ হোৱাক লৈ অঞ্চলতোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হোৱাৰ লগতে বাঘটোৰ মুখেৰে তেজৰ চেকুৰা লাগি থকাত মানুহৰ দ্বাৰা হত্যাৰ বলি হ'ব পাৰে বুলিও সন্দেহ প্ৰকাশ কৰিছে।
Also Read: মায়ঙৰ গাগলমাৰীৰ হছনা বজাৰত ১৫ খনকৈ ভুৱা ফাৰ্মাচি জব্দ...