বালাছোৰৰ ৰে'ল দুৰ্ঘটনা, দিনে নিশাই চলিছে উদ্ধাৰ অভিযান...

বালাছোৰৰ ৰে'ল দুৰ্ঘটনা, দিনে নিশাই চলিছে উদ্ধাৰ অভিযান...

ডিজটেল ডেস্কঃ বালাছোৰৰ ৰে'ল দুৰ্ঘটনাস্থলীত দিনে নিশাই চলিছে উদ্ধাৰ অভিযান । উদ্ধাৰৰ বাবে ১০০০ৰো অধিক লোক নিয়োগ কৰা হৈছে । আহত সকলক সহায় কৰিবলৈ অন্ধ প্ৰদেশে ১০ খন এম্বুলেন্স প্ৰেৰণ কৰিছে ।

দক্ষিণ-পূব ৰে'লৱেৰ মুখ্য় জনসংযোগ বিষয়া আদিত্য় কুমাৰে দুৰ্ঘটনাত পতিত হোৱা ৰে'লৰ উলটি যোৱা ডবা আঁত কৰোৱা কাম ক্ষীপ্ৰতাৰে কৰি থকা হৈছে বুলিও জনাইছে । লগতে মৃত আৰু আহতসকলক উদ্ধাৰৰ বাবে ভাৰতীয় বায়ু সেনাৰ M-17 হেলিকপ্টাৰ ব্য়ৱহাৰ কৰা হৈছে ।

শুক্ৰবাৰে নিশা উৰিষ্যাৰ বালাছোৰৰ হাওৰাৰ পৰা চেন্নাই অভিমুখী যাত্ৰীবাহী ৰে'ল কৰমণ্ডল এক্সপ্ৰেছ আৰু বেংগালুৰুৰ পৰা কলিকতা অভিমুখী চুপাৰফাষ্ট এক্সপ্ৰেছ আৰু এখন পথচ্যুত মালবাহী ৰে'লৰ মাজত সংঘটিত হয় দুৰ্ঘটনা । মূলত: ষ্টেচন মাষ্টৰৰ ভুলৰ বাবে এই ঘটনা সংঘটিত হোৱা বুলিও জনা গৈছে প্ৰাৰম্ভিক তদন্তৰ অন্তত । শনিবাৰৰ দিনটোত দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰে প্ৰধানমন্ত্ৰী মোডীয়ে । প্ৰধানমন্ত্ৰীগৰাকীয়ে এই ঘটনাৰ দোষীক কঠোৰ শাস্তি প্ৰদান কৰা হ'ব বুলিও মন্তব্য প্ৰদান কৰিছে ।

বালাছোৰৰ ৰে'ল দুৰ্ঘটনা, দিনে নিশাই চলিছে উদ্ধাৰ অভিযান...
জামুগুৰিহাটত চাঞ্চল্য, ডেগাৰ দেখুৱাই ডকাইটৰ দলে লুটি নিলে সোণৰ অলংকাৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in