বৰহোলা মহাবিদ্যালয়ত পৰীক্ষাৰ নামত মাচুল সংগ্ৰহ কৰি শিক্ষাৰ্থীৰ ৰোষত অধ্যক্ষা

ছাত্রৰ প্ৰতিবাদত সেও মানি মাচুল ওভতাই দিয়াৰ প্ৰতিশ্ৰুতি অধ্যক্ষা বৰ্ণালী কলিতাৰ...
বৰহোলা মহাবিদ্যালয়ত পৰীক্ষাৰ নামত মাচুল সংগ্ৰহ কৰি শিক্ষাৰ্থীৰ ৰোষত অধ্যক্ষা
Published on
Updated on

ডিজিটেল সংবাদ,বেকাজানঃ বিতৰ্কই লগ নেৰা তিতাবৰ মহকুমাৰ বৰহোলা মহাবিদ্যালয়ত প্ৰেক্টিকেল পৰীক্ষাৰ নামত অবৈধভাৱে সংগ্ৰহ কৰা মাচুলৰ বিৰুদ্ধে আজিও উত্তাল প্ৰতিবাদ অব্যাহত আছে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰীক্ষাৰ নিৰ্দেশনা উলংঘা কৰাৰ বিৰুদ্ধে প্ৰথম আৰু তৃতীয় ষান্মাসিকৰ পৰীক্ষাৰ দক্ষতা বিকাশ প্রেক্টিকেলৰ বাবে লোৱা ৫০০ টকা মাচুল উভতাই বিচাৰি অধ্যক্ষা বৰ্ণালী কলিতাক কাৰ্যালয়ৰ ভিতৰতে ঘেৰাও কৰে।

বৰহোলা কলেজৰ ছাত্র একতা সভাই অভিযোগ কৰা অনুসৰি মহাবিদ্যালয়খনৰ দক্ষতা বিকাশ বিষয়ত ছাত্র-ছাত্ৰীৰ পৰা নীতিবৰ্হিভূত ভাবে দীৰ্ঘদিন ধৰি সংগ্ৰহ কৰি আহিছে অধ্যক্ষাই। আজিও ইয়াৰ প্ৰতিবাদ কৰি বহু সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে অধ্যক্ষাৰ কোঠাত উপস্থিত হৈ দীৰ্ঘদিন ধৰি আদায় দি অহা দক্ষতা বিকাশ বিষয়ত মাচুল সন্দৰ্ভত জবাবদিহি কৰে। অধ্যক্ষা বৰ্ণালী কলিতাই এই সন্দৰ্ভত বিভাগীয় শিক্ষকসকলৰ লগত আলোচনা কৰি বিষয়টো সমাধান কৰিব বুলি ছাত্ৰ-ছাত্ৰীসকলক বুজনি দি উভতাই পঠিয়ায়।

বিয়লি এই সন্দৰ্ভত ভাৰপ্ৰাপ্ত অধ্যক্ষা বৰ্ণালী কলিতাই শিক্ষকসকলৰ এক সভা অনুষ্ঠিত কৰিছিল যদিও শিক্ষকসকলে সভা বৰ্জন কৰে। কিয়নো পূৰ্বতে শিক্ষকসকলৰ মতামত নোলোৱাকৈ সংগ্ৰহ কৰা ধন সন্দৰ্ভত শিক্ষক সকলে কোনো দায়িত্ব নলয় বুলি স্পষ্ট কৰি সভা বৰ্জন কৰাৰ পাছত বিষয়টো অধিক স্পৰ্শকাতৰ হৈ পৰিছে। ছাত্ৰ একতা সভাৰ সভাপতি আৰু সাধাৰণ সম্পাদকে বিষয়টো বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষৰ দৃষ্টিগোচৰ কৰি জৰুৰী হস্তক্ষেপ কামনা কৰিছে।

অন্যহাতে দীৰ্ঘদিনৰ পৰা এনেদৰে বিশ্ববিদ্যালয়ৰ নীতি উলংঘা কৰি ছাত্ৰ-ছাত্ৰীৰ পৰা সংগ্ৰহ কৰি অহা ধন কত মহাবিদ্যালয় কৰ্তৃপক্ষই জমা ৰাখিছে সেই সম্পৰ্কে মহাবিদ্যালয়ৰ ভিতৰে-বাহিৰে চর্চা চলিছে। ইফালে কালিও বৰহোলা মহাবিদ্যালয়ত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নিৰ্দেশনা উলংঘা কৰি অধ্যক্ষা বৰ্ণালী কলিতাই প্ৰেক্টিকেল মাচুল সংগ্ৰহ কৰাক লৈ এক উত্তপ্ত পৰিস্থিতি সৃষ্টি হয়। ছাত্ৰ-ছাত্ৰীৰ পৰা বিদ্যালয় কৰ্তৃপক্ষই অবৈধ ভাৱে ধন সংগ্ৰহ কৰা অভিযোগত মহাবিদ্যালয়খনৰ ছাত্ৰ একতা সভাৰ নেতৃত্বত ছাত্ৰ-ছাত্ৰীসকলে ভাৰপ্ৰাপ্ত অধ্যক্ষা বৰ্ণালী কলিতাক ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰি বহু সময় কাৰ্যালয়ত আবদ্ধ কৰি ৰাখে।

উল্লেখযোগ্য নতুন শিক্ষা নীতিৰ আধাৰত স্নাতক চাৰি বছৰীয়া পাঠ্যক্ৰমৰ বাবে বিশ্ববিদ্যালয়ৰ পৰীক্ষাৰ নীতি বিৰোধভাবে অধ্যক্ষা কলিতাই ধন সংগ্ৰহ কৰি আহিছিল। বিশ্ববিদ্যালয়ৰ পৰীক্ষা নীতি নিৰ্দেশনা অনুসৰি কোনো মহাবিদ্যালয়ে এজন ছাত্ৰৰ প্ৰেক্টিকেলৰ বাবদ ৫০০ টকা পৰীক্ষা মাচুল সংগ্ৰহ কৰিব পাৰিব। ছাত্ৰজনৰ যদি একাধিক বিষয়ত প্ৰেক্টিকেল থাকে তেনেহ'লে কোনো অতিৰিক্ত মাচুল সংগ্ৰহ কৰিব নোৱাৰিব বুলি স্পষ্ট নিৰ্দেশনা আছে। বিশ্ববিদ্যালয়ৰ এই নিৰ্দেশনা অমান্য কৰি বৰহোলা মহাবিদ্যালয়ত এই নীতি বহু বছৰৰ পূৰ্বৰে পৰা ভংগ কৰি অহা হৈছে।

ছাত্ৰ-ছাত্ৰীৰ প্ৰেক্টিকেল অনুসৰি অতিৰিক্ত ৫০০ টকাকৈ সংগ্ৰহ কৰি থকা মহাবিদ্যালয়খনৰ এনে কাণ্ড ছাত্ৰ একতা সভাই পোহৰলৈ আনি জিলাখনৰ বহুকেইখন মহাবিদ্যালয় কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰাত সমগ্ৰ বিষয় পোহৰলৈ আহে। বিগত ষান্মাষিক পৰীক্ষা সমূহৰ সময়তো বিষয়টো পোহৰলৈ আহিছিল যদিও অধ্যক্ষা কলিতাই ছাত্ৰ-ছাত্ৰীসকলক অপবাখ্যাৰে বিষয়ৰ পৰা আঁতৰাই ৰাখিছিল।

অৱশ্যে এইবাৰ ছাত্ৰ-ছাত্ৰীৰ হেঁচাত সেও মানি ভাৰপ্ৰাপ্ত অধ্যক্ষা বৰ্ণালী কলিতাই প্ৰেক্টিকেলৰ নামত অবৈধ ভাৱে ধন সংগ্ৰহ কৰা বুলি স্বীকাৰ কৰি ইতিমধ্যে আদায় লোৱা ধন ঘূৰাই দিব বুলি প্ৰতিশ্ৰুতি দিয়াত ছাত্ৰ-ছাত্ৰীসকল শান্ত হয়। ছাত্র একতা সভাৰ সভাপতি নৱজ্যোতি নেওগ সাধাৰণ সম্পাদক লোচন শইকীয়াই মহাবিদ্যালয় বিশ্ববিদ্যালয়ৰ পৰীক্ষা নীতি ওলাই কৰি প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীৰ পৰা ১৫০০ পৰ্যন্ত ধন সংগ্ৰহ কৰা ঘটনা সংঘটিত হোৱাৰ অভিযোগ বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষক অৱগত কৰিব বুলি সদৰী কৰিছে।

বৰহোলা মহাবিদ্যালয়ত পৰীক্ষাৰ নামত মাচুল সংগ্ৰহ কৰি শিক্ষাৰ্থীৰ ৰোষত অধ্যক্ষা
গমিৰিপালত গোৰ্খা সমাজৰ দেউচী ভইলী আৰু সংগিনী নৃত্যৰ প্ৰতিযোগিতা সম্পন্ন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in