/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-26/pyrofr3r/32.jpg)
ডিজিটেল সংবাদ,জামুগুৰিহাটঃ জামুগুৰিহাটৰ গমিৰিপালত অসমী মহিলা মঞ্চৰ উদ্যোগত পূৱ জামুগুৰি আঞ্চলিক সমিতিৰ সহযোগত গোৰ্খা সমাজৰ দেউচী ভইলী আৰু সংগিনী নৃত্যৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়।এই উপলক্ষে গমিৰিপাল নাট্য ভৱনত শুকুৰবাৰে বিয়লি আয়োজিত অনুষ্ঠানত সভাপতিৰ আসন অলংকৃত কৰে মঞ্চৰ পূৱ জামুগুৰি আঞ্চলিকৰ সভানেত্ৰী নৱ দেৱীয়ে৷
সম্পাদিকা দিপা দেৱী ভট্টৰায়ে আঁতধৰা অনুষ্ঠানটিত বিশিষ্ট মহিলা সমাজকৰ্মী বুদ্ধি মতি দেৱীয়ে বন্তি প্ৰজ্বলন কৰাৰ পিছতে অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক প্ৰমোদ নেপালে প্ৰতিযোগিতাৰ মঞ্চ মুকলি কৰে। গোৰ্খা সমাজৰ দেউচী ভইলী আৰু সংগিনী নৃত্য প্ৰতিযোগিতাত অঞ্চলটোৰ শতাধিক যুৱতী আৰু মহিলাই অংশগ্ৰহণ কৰে।
প্ৰতিযোগিতাৰ বিচাৰক হিচাপে অংশগ্ৰহণ কৰে গোৰ্খা শিল্পী নীলকমল নেৱাৰ আৰু অশোক দাহলে। অঞ্চলটোৰ ৰাইজ ও বহুকেইগৰাকী গণ্যমান্য ব্যক্তিৰ উপস্থিতিত আয়োজিত অনুষ্ঠানটিত অসমী মহিলা মঞ্চ নদুৱাৰৰ কেন্দ্ৰীয় সম্পাদিকা টিংকু দেৱী কাৰ্যকৰী সভানেত্ৰী ৰূপা শৰ্মা, কেন্দ্ৰীয় কোষাধ্যক্ষ চানু নেৱাৰ, প্ৰচাৰ সম্পাদীকা ৰীনা নেৱাৰ আৰু বিমলা দেৱী, সহকাৰী সম্পাদিকা ধন কুমাৰী নেৱাৰ, গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি নিত্যানন্দ দাস, শিক্ষক তথা গোৰ্খা সমাজৰ উপদেষ্টা বিষ্ণু দাহাল, গোৰ্খা সমাজৰ সম্পাদক সঞ্জয় শৰ্মাই বিশিষ্ট অতিথি হিচাবে অংশগ্ৰহণ কৰে৷
গোৰ্খা জনগোষ্ঠীয় কৃষ্টি সংস্কৃতি বিকাশৰ উদ্দেশ্য আয়োজিত অনুষ্ঠানটি সাফল্যমণ্ডিত কৰি তোলাৰ বাবে সকলো শ্ৰেণীৰ ৰাইজক ধন্যবাদ ও কৃতজ্ঞতা জ্ঞাপন কৰে অসমী মহিলা মঞ্চৰ পূৱ জামুগুৰি আঞ্চলিক কমিটিৰ বিষয়ববীয়া সদস্য সকলে।
Also Read: সাহিত্যজগতৰ বাবে দুঃখবৰ : ‘বিস্ময়’ৰ প্ৰকাশক তথা সম্পাদক শশী ফুকন আৰু নাই