/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/a8906608-4a6c-4848-88cd-84e75b04aa88/506.jpg)
ডিজিটেল সংবাদ, বেকাজান : যোৰহাট জিলা দিৱস উপলক্ষে শনিবাৰে বেকাজান এশঘৰীয়া নজানখনা প্ৰাথমিক বিদ্যালয়ত গ্রন্থদান উৎসৱ উদযাপন কৰা হয়। এই উপলক্ষে পুৱা বৃক্ষৰোপন কৰে বিদ্যালয়ৰ পৰিচালনা কমিটীৰ সভাপতি ৰমেন দাসে আৰু বন্তি প্ৰজ্বলন কৰে প্ৰধান শিক্ষক দেৱজিৎ দাসে।
শোভাযাত্ৰাৰ শুভ উদ্বোধন কৰে মুনমী লালিমে । আনহাতে দুপৰীয়া বিদ্যালয়ৰ শিক্ষয়িত্ৰী বিউটি বৰবৰা তামূলীৰ ৰাভা সংগীতেৰে সভাৰ শুভাৰম্ভ হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/9f19873b-bbb8-410d-934f-25b3d0c9c94c/32a0bf6a-5960-4fd4-a4cc-ad66254321da.jpg)
ইয়াৰ পিছত বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক প্ৰবীণ চন্দ্ৰ দাসৰ সভাপতিত্ব অনুষ্ঠিত হয় মুকলি সভা। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে প্ৰধান শিক্ষক দেৱজিত দাসে।
মুকলি সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে যুৱ সংমাজকৰ্মী চত্ৰজিত যাদৱ। তেঁও গ্ৰন্থদানৰ আৱশ্যকতা আৰু বৰ্তমান মবাইলৰ ধামখুমীয়াত গ্ৰন্থৰ অধ্যয়নৰ প্ৰাসংগিকতা সম্পৰ্কে আলোকপাত কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/5b766981-405c-442b-95b7-e85ebac24d93/d4975139-c6c4-4f11-ab79-19bec2d38cc4.jpg)
গ্রন্থদান উৎসৱৰ লগত সংগতি ৰাখি বিদ্যালয়ৰ প্ৰধান শিক্ষক দেৱজিত দাস , সহকাৰী শিক্ষক মাধৱ সন্দিকৈ অভিভাৱক অভিভাৱিকা আৰু ছাত্র-ছাত্রীসকলে সম্পাদনা কৰি উলিওৱা হাতে লিখা আলোচনী আলোক উন্মোচন কৰে কবি সাহিত্যিক তথা অসমীয়া প্ৰতিদিন কাকতৰ সাংবাদিক মণ্টুচ্ কোঁৱৰে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/15a9e750-87f3-4569-afef-2cc5ad589ddc/12ab6102-2f32-4f8f-97a3-0add7771da10.jpg)
তেওঁ কয় যে বিদ্যালয়ৰ মুখপত্ৰ হৈছে ছাত্র- ছাত্ৰীসকলৰ সাহিত্যিক প্ৰতিভা বিকাশৰ কঠীয়াতলি। বিদ্যালয়ৰ আলোচনীয়ে কেৱল ছাত্র- ছাত্ৰীৰ বৌদ্ধিক বিকাশ কৰাই নহয় ই সময়ৰ স্বাক্ষৰ বহন কৰা লগতে বহু তথ্যৰ সমল সংৰক্ষিত কৰে।
আনহাতে গ্ৰন্থদান উৎসৱৰ উপলক্ষে সমাজকৰ্মী ৰমেন ভূঞা ,দীপাংকৰ বৰা , চত্ৰজিত যাদৱ মুনমী লালিম ধৰি বহুজনে নজানখনা প্ৰাথমিক বিদ্যালয়লৈ প্ৰায়ে দুই শতাধিক গ্ৰন্থ পুথিভঁৰাল লৈ দান কৰে। আনহাতে যোৰহাট জিলা দিৱস উপলক্ষ্যে ছাত্র-ছাত্রীসকলে পৰিবেশন কৰা সৃষ্টিশীল নৃত্য, গীত আৰু কবিতা আবৃত্তিৰে সকলোকে আপ্লুত কৰে।
সভাত বিদ্যালয়ৰ উন্নয়ন আৰু পৰিচালনা সমিতিৰ সভাপতি ৰমেন দাস, মাতৃগোটৰ ভাৰতী দাস, সমাজকৰ্মী ৰমেন ভূঞা, লোহিত তামুলী , বিদ্যালয়ৰ শিক্ষক মাধৱ সন্দিকৈ, শিক্ষয়িত্রী বিউটি বৰবৰা তামূলী আৰু কানায়া ঘাচি গোলাপ দাসকে ধৰি অভিভাৱক অভিভাৱিকাসকল উপস্থিত থাকে।
Also Read: প্ৰাপ্তিৰ পাছতে দুই মহাৰথী বিৰাট-ৰোহিতৰ আন্তৰ্জাতিক টি-২০ ক্ৰিকেটক বিদায়