/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/a5ebb916-44bf-4739-b546-557ee7761f45/505.jpg)
ডিজিটেল ডেস্ক : ৰস থাকোতেই নাম সামৰিলে দুই মহাৰথীয়ে। শেষ ভালেই সকলো ভাল- এই কথা হয়তো তেঁওলোকে মনে-প্ৰাণে বুজি পাইছিল। হয়তো এয়াই আছিল দুয়োৰে বাবে উপযুক্ত সময়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/da27848c-ac41-4994-b88f-1d1b61e971e7/GRQ64n4bcAAQmGD.jpg)
অপেক্ষাৰে বাট চাই আছিল এই সময়লৈ। কোনোও গমেই পোৱা নাছিল, দুয়োৰে এই আকস্মিক সিদ্ধান্তৰ কথা। অৱশ্যে একাংশৰ মাজত চৰ্চা চলিছিল- বিশ্বকাপৰ পিছতে বিৰাট-ৰোহিতে বিদায় জনাব আন্তৰ্জাতিক টি-২০ ক্ৰিকেটক!
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/2e7f619d-86ad-4d92-bcca-a889129210a1/GRQ0Df_bUAAZGLV.jpg)
এই অনুমান থিকেই প্ৰতিপন্ন হ’ল শনিবাৰৰ নিশা। এফালে বিশ্ব জয়ৰ আনন্দ, আনফালে বৰ্তমানৰ টীম ইণ্ডিয়াৰ দুই স্তম্ভৰ আচম্ভিত ঘোষণা।
শনিবাৰে অনুষ্ঠিত টি-২০ বিশ্বকাপৰ ফাইনেলত দঃ আফ্ৰিকাক পৰাস্ত কৰি সুদীৰ্ঘ ১৭ বছৰৰ পাছত দ্বিতীয়বাৰৰ বাবে বিশ্বকাপৰ খিতাপ দখল কৰে টীম ইণ্ডিয়াই। এই সোণালী সময়ৰ মাজতে টি-২০ আন্তৰ্জাতিক ক্ৰিকেটৰ পৰা বিদায় ঘোষণা কৰে বিৰাট কোহলি আৰু ৰোহিত শৰ্মাই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/6ebb9874-ccb0-4176-b62b-775f3a3989dc/GRRAi2uasAAMcAQ.jpg)
২০১০চনৰ ১২ জুনত জিম্বাব’ৱেৰ বিপক্ষে অভিষেক ঘটাইছিল বিৰাট কোহলিয়ে। টি-২০ সংস্কৰণত কোহলিয়ে ১২৫খন মেচ খেলিছে। পৰিসংখ্যা অনুসৰি ১২৫ মেচৰ ১১৭ টা ইনিংছত ৪১৮৮ ৰান সংগ্ৰহ কৰিছে।
তেঁওৰ এই ঈৰ্ষণীয় সাফল্যত আছে ১টা শতক আৰু ৩৮টা অৰ্ধশতক। শ্ৰেষ্ঠ ইনিংছ ১২২(অপ) ৰান। ইয়াৰোপৰি ১৩ ইনিংছত বল হাতত লৈ তেঁও দখল কৰিছে ৪টা উইকেট।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/acc2a47f-9eb4-49a8-a946-d99c1bea0593/GRRUV0RbQAAdGwm.jpg)
ইফালে আনগৰাকী স্তম্ভ তথা বিশ্বকাপ জয়ী অধিনায়ক ৰোহিত শৰ্মাই টি-২০ আন্তৰ্জাতিক ক্ৰিকেটত অভিষেক ঘটাইছিল ২০০৭ চনত। ১৯ ছেপ্তেম্বৰৰ দিনা ইংলেণ্ডৰ বিৰুদ্ধে। টি-২০ সংস্কৰণত ৰোহিতে ১৫৯ খন মেচ খেলিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/aed067cc-146a-40e6-b83a-e344ca805a34/GRQ0E8ia4AAWiBp.jpg)
১৫১টা ইনিংছত তেঁও ৪২৩১ ৰান সংগ্ৰহ কৰিছে। ৰোহিতৰ নামত আছে ৫টা শতক আৰু ৩২টা অৰ্ধশতক। শ্ৰেষ্ঠ ইনিংছ ১২১(অপ) ৰান। ৰোহিত শৰ্মাই বল হাতত লৈ টি-২০ৰ ৯টা ইনিংছত ১টা উইকেট দখল কৰিছে।
বিশ্বকাপ প্ৰাপ্তিৰ পাছতে সামগ্ৰীকভাৱে দুয়োৱে উপযুক্ত সময়তে টি-২০ ক্ৰিকেটক বিদায় জনাইছে।
Also Read: ১৭বছৰৰ বিৰতিৰ পিছত মাহেন্দ্ৰ ক্ষণঃ টি-২০ বিশ্বকাপ ২০২৪ৰ খিতাপ দখল ভাৰতৰ...