তিতাবৰত ৰক্তদান শিবিৰ আৰু সজাগতা সভা...

তিতাবৰত ৰক্তদান শিবিৰ আৰু সজাগতা সভা...

author-image
Asomiya Pratidin
New Update
তিতাবৰত ৰক্তদান শিবিৰ আৰু সজাগতা সভা...

ডিজিটেল সংবাদ, বেকাজানঃ ৰক্তদান মহান দান। আপোনাৰ এটুপি তেজে কাৰোবাক দিব পাৰে জীৱন দান। তেনে মহৎ এক উদ্দেশ্য আগত ৰাখি দেওবাৰে তিতাবৰ বাহাদুৰ গাঁওবুঢ়া বহুমুখী ইছলামিক প্ৰকল্পত সংগঠন যুৱ আঞ্জুমানৰ উদ্যোগত আৰু যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ ৰক্ত কেন্দ্ৰৰ সহযোগত এক ৰক্তদান শিবিৰ অনুষ্ঠিত হয়।

Advertisment

এই উপলক্ষে এখন ৰক্তদান সজাগতা সভা অনুষ্ঠিত হয়। এই সজাগতা সভাত এটোপাল ৰক্তই কিদৰে একোজন ৰোগীক জীৱন দান কৰিব পাৰে সেই সম্পৰ্কে ৰাইজক অৱগত কৰাই যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ ৰক্তদান কেন্দ্ৰ বিষয়ববীয়াসকলে।

তদুপৰি চিকিৎসালয়ত ৰোগীসকল উপকৃত হ'বপৰাকৈ সকলোকে ৰক্তদান কৰিবলৈ আহ্বান জনালে উদ্যোগতাসকলে। দেওবাৰে ৰক্তদান কাৰ্যসূচীত তিতাবৰৰ সমাজ জীৱনৰ লগত জড়িত বহু কেইজন বিশিষ্ট ব্যক্তিৰ লগতে যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ ৰক্তদান কেন্দ্ৰ বিষয়ববীয়া উপস্থিত থাকে। এই ৰক্তদান শিবিৰত যুৱ আঞ্জুমানৰ বিষয়ববীয়া তিতাবৰৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ২৫গৰাকী ব্যক্তিয়ে ৰক্তদান কৰে।

Also Read: জাহাঙ্গীৰ হত্যাকাণ্ড: ঢকুৱাখনাত উপস্থিত চি আই ডিৰ মুৰব্বী...

BLOOD DONATION CAMP titabar