জাহাঙ্গীৰ হত্যাকাণ্ড: ঢকুৱাখনাত উপস্থিত চি আই ডিৰ মুৰব্বী...

ei muhurtar khabar
ei muhurtar khabar
Published on
Updated on

ডিজিটেল সংবাদ, ঢকুৱাখনা: ঢকুৱাখনাৰ নাৰকীয় জাহাঙ্গীৰ হুছেইন হত্যাকাণ্ডৰ তদন্তৰ বাবে দেওবাৰে ঢকুৱাখনা সদৰ থানাত উপস্থিত হৈছে অপৰাধ অনুসন্ধান বিভাগৰ শীর্ষ বিষয়া সুধাকৰ সিং। দেওবাৰে বিয়লি ৪ বজাত লখিমপুৰৰ পৰা আহি ঢকুৱাখনা থানাত উপস্থিত হৈছে তদন্তকাৰী শীৰ্ষ বিষয়াগৰাকী। ইতিপূৰ্বে ঢকুৱাখনা সদৰ থানাত চি আই ডি বিভাগৰ উপ আৰক্ষী অধীক্ষকৰ নেতৃত্বত এটা ৮ জনীয়া দলে ঢকুৱাখনাত বাহৰ পাতি গোচৰৰ তদন্ত আৰম্ভ কৰিছে।

চি আই ডিৰ দলটোৱে ঢকুৱাখনাৰ নিৰ্মম হত্যাকাণ্ডৰ সন্দৰ্ভত যাবতীয় নথিপত্ৰ ,অসম আৰক্ষীৰ দ্বাৰা সংগৃহীত আৰু তদন্তকালীন প্ৰতিবেদন সংগ্ৰহ কৰি প্ৰাৰম্ভিক প্ৰক্ৰিয়া আৰম্ভ কৰিছে । এনে সময়তে চি আই ডিৰ শীর্ষ বিষয়া সিং সদৰ থানাত উপস্থিত হৈ হত্যাকাণ্ডৰ পূৰ্বৰ সময়ছোৱাৰ জাহাঙ্গীৰ হুছেইনৰ লগতে সুনীল গগৈৰ অৱস্থিতিৰ লগতে ম'বাইলৰ কথোপকথনৰ খতিয়ান সদৰ থানাৰ পৰা সংগ্ৰহ কৰিছে। ঢকুৱাখনা মহকুমা আৰক্ষী বিষয়া শুধন্য শুক্লবৈদ্য ,সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া কুলদ্বীপ গগৈযে চি আই ডিৰ তদন্তকাৰী বিষয়াক তদন্তকালীন সমস্ত প্ৰতিবেদন অৰ্পণ কৰি সহযোগিতা আগবঢ়াইছে।

জানিব পৰামতে তদন্তকাৰী বিভাগটোৰ আন এটা মহিলা বিষয়াৰ দল অচিৰেই ঢকুৱাখনালৈ আহিব। বিশেষ সূত্ৰে জনা মতে দলটোৱে প্ৰাথমিকভাৱে সুনীলৰ পত্নী, পুত্ৰ, আত্মীয়ক সোধা পোচা কৰাৰ পৰিবৰ্তে অসম আৰক্ষীয়ে পলাতক ঘোষণা কৰা সুনীল গগৈৰ অৱস্থিতিৰ সন্ধানত অধিক গুৰুত্ব আৰোপ কৰিছে। সমান্তৰালভাৱে জাহাঙ্গীৰ হত্যাৰ কাৰণ সন্ধানত প্ৰাথমিক গুৰুত্ব প্ৰদান কৰিছে অপৰাধ অনুসন্ধান বিভাগে ।

স্মৰ্তব্য যে যোৱা ১ জুনৰ নিশা সাপতিয়া চেতিয়া গাওঁত সংঘটিত হৈছিল এই হত্যাকাণ্ড। হত্যাকাৰীয়ে জাহাঙ্গীৰৰ মুণ্ড ছেদ কৰি নিখোজ কৰিছিল। যিটো অসম আৰক্ষীয়ে আজি পৰ্যন্ত উলিয়াবলৈ সমৰ্থ নহল। বিগত প্ৰায় এটা মাহে তদন্তৰ নামত সুনীলৰ পত্নী পুত্ৰক নিৰবিছিন্ন জেৰাৰ বাদে সামান্য অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হোৱা নাছিল লখিমপুৰ আৰক্ষী।

ei muhurtar khabar
চিৰাঙত আই নৈৰ বানপানীত উটি আহিল কণমানি বনৰীয়া হাতী...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in