বানাক্ৰান্তক সকলো ধৰণৰ সা-সুবিধা তথা সাহায্যৰ বাবে চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধঃ মন্ত্ৰী বিমল বৰা

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰী পীযুষ হাজৰীকাৰ তৎপৰতাত পূৰ্বতকৈ হ্ৰাস পালে ক্ষয়-ক্ষতি; যোৰহাটত বান পৰিস্থিতিক লৈ মন্ত্ৰী বিমল বৰাৰ মন্তব্য

author-image
Asomiya Pratidin
New Update
বানাক্ৰান্তক সকলো ধৰণৰ সা-সুবিধা তথা সাহায্যৰ বাবে চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধঃ মন্ত্ৰী বিমল বৰা

ডিজিটেল সংবাদ,যোৰহাটঃ সাম্প্ৰতিক বানে সৃষ্টি কৰা অবৰ্ণনীয় পৰিস্থিতিৰ সময়ত এগৰাকী প্ৰকৃত জনদৰদী নেতাৰ দৰে বানাক্ৰান্ত লোকৰ কাষত থিয় দিছে মন্ত্ৰী বিমল বৰা। দেওবাৰে যোৰহাট জিলাৰ বিভিন্ন আশ্ৰয় শিবিৰ আৰু মথাউৰি পৰিদৰ্শন কৰে মন্ত্ৰী বৰাই।

Advertisment

কেৱল বানাক্ৰান্ত লোকসকলৰ অবৰ্ণনীয় পৰিস্থিতিৰ বুজ লোৱাই নহয়, তেওঁলোকৰ সৈতে বাৰ্তালাপ কৰি সা-সুবিধা, সাহায্যৰ খবৰ লৈ প্ৰয়োজনীয় সকলো ব্যৱস্থা বিভাগীয় কৰ্তৃপক্ষক গ্ৰহণৰ নিৰ্দেশ প্ৰদান কৰে মন্ত্ৰীগৰাকীয়ে।

ইপিনে সংবাদ মাধ্যমৰে হোৱা বাৰ্তালাপত মন্ত্ৰী বৰাই শেহতীয়া বানত প্লাবিত যোৰহাট আৰু শিৱসাগৰ জিলাৰ কিছু তথ্য প্ৰদান কৰে। ইয়াৰোপৰি মন্ত্ৰীগৰাকীয়ে কয় যে এইবাৰ অসমৰ বানৰ চৰিত্ৰ অলপ ব্যতিক্ৰমধৰ্মী। এইবাৰ বানে জলসম্পদ বিভাগৰ পূৰ্বৰ ৰেকৰ্ড ভাঙিছে। কিয়নো এইবাৰ নতুন ঠায়ো প্লাবিত হৈছে। কিন্তু সৌভাগ্যৰ কথা যে এইবাৰ পূৰ্বৰ তুলনাত ক্ষয়ক্ষতিৰ পৰিমাণ কৰিছে। ২০১৭ চনত মাজুলীত মই নিজেই কাম চোৱাচিতা কৰিছিলো, কিন্তু এইবাৰ মন্ত্ৰী পীযুষ হাজৰীকাক ধন্যবাদ জনাইছো তেওঁ নিৰন্তৰভাৱে মথাউৰিসমূহ পৰ্যবেক্ষণ কৰিছে। যাৰ বাবে পূৰ্বৰ দৰে বেছি অঞ্চল প্লাবিত হোৱাৰ পৰা ৰক্ষা পৰিছে।

মন্ত্ৰীগৰাকীয়ে পুনৰ কয় যে আগতে মথাউৰি পৰ্যবেক্ষণৰ বাবে পেট্ৰ'লিঙৰ ব্যৱস্থা আছিল, অসম চৰকাৰে এইবাৰ বানৰ পূৰ্বে সেই মাথাউৰিসমূহ চিনাক্ত কৰি অধিক ক্ষয়ক্ষতি ৰোধ কৰিলে। কিন্তু প্ৰকৃতিক মানুহে নিয়ন্ত্ৰণ কৰিব নোৱাৰে যদিও মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ তৎপৰতাত এইবাৰ পূৰ্বৰ তালনাত ক্ষয়ক্ষতিৰ পৰিমাণ হ্ৰাস পালে। এই মুহূৰ্তত বানাক্ৰান্ত লোকসকলৰ কোনো ধৰণৰ অন্ন, বস্ত্ৰ, বাসস্থানৰ যাতে অসুবিধা নহয় লগতে পশুধনসমূহৰো পৰ্যাপ্ত খাদ্য যোগান ধৰাৰো মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিৰ্দেশ প্ৰদান কৰিছে।

এসপ্তাহ ধৰি মন্ত্ৰীগৰাকী বানাক্ৰান্ত অঞ্চল পৰিদৰ্শনৰ লগতে বানাক্ৰান্তৰ দুখ-দৰ্দশাৰ খবৰ ৰখাৰ কথা উল্লেখ কৰি কয় যে বিশেষকৈ নদী কাষৰীয়া লোকসকলহে এইবাৰ বানত বেছিকৈ আক্ৰান্ত হৈছে, যিটো দুৰ্ভাগ্যক্ৰমে প্ৰতি বছৰেই তেওঁলোক সেই অঞ্চলসমূহত বাস কৰাৰ কাৰণে ক্ষতিগ্ৰস্ত হয়। কিন্তু নৈপৰীয়া ৰাইজৰ ঘৰসমূহ বিজ্ঞানসন্মতভাৱে ওখকৈ নিৰ্মাণৰ চিন্তা-চৰ্চা কৰিলে সেই লোকসকলক দুৰ্যোগৰ সংশয় ক্ৰমাৎ কমিব। এইক্ষেত্ৰত আমাৰ চৰকাৰে শীঘ্ৰে কাম কৰিব বুলিও মন্ত্ৰী বৰাই সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে।

বিগত ৭,৮ বছৰৰ পৰা বান আৰু গৰাখহনীয়া সন্দৰ্ভত চৰকাৰে নিৰন্তৰভাৱে কাম কৰি থকাৰ কথা কৈ মন্ত্ৰী বৰাই কয় যে পুৰণি মাথাউৰিসমূহ নিৰ্মাণ ক্ষীপ্ৰতৰভাৱে কৰিবলৈ আমি প্ৰতিশ্ৰতিবদ্ধ। উল্লেখ্য যে, আজিৰ এই পৰিদৰ্শন কালত মন্ত্ৰীগৰাকীক সংগ দিয়ে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে।

Also Read: অন্যান্য পিছপৰা শ্ৰেণী সন্মিলন বাক্সা জিলা সমিতিৰ উদ্যোগত সম্বৰ্ধনা সভা

bimal bora