/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-01/iizpbclf/185.jpg)
ডিজিটেল সংবাদ, যোৰহাট : সদ্য সমাপ্ত সংযুক্ত ভাৰতীয় খেল ফাউণ্ডেশ্যনৰ দশম সংখ্যক আন্তঃৰাষ্ট্ৰীয় খেল ২০২৪ প্ৰতিযোগিতাৰ সাতোঁৰ ক্ৰীড়াত ভাৰতীয় দলৰ হৈ প্ৰতিনিধিত্ব কৰা অসম তথা যোৰহাটৰ সাঁতোৰ খেলুৱৈ ভাৰ্গৱী হাজৰিকাই তিনিটা স্বৰ্ণ পদক জয়েৰে অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে। মালয়েছিয়া আৰু চিংগাপুৰ এই দুই স্থানত বিগত ২২ ৰ পৰা ৩০ ছেপ্টেম্বৰলৈকে অনুষ্ঠিত হৈছিল সংযুক্ত ভাৰতীয় খেল ফাউণ্ডেশ্যনৰ আন্তঃৰাষ্ট্ৰীয় খেল প্ৰতিযোগিতা।
উক্ত প্ৰতিযোগিতাখনৰ সাতোঁৰ ক্ৰীড়াত জাতীয় দলক প্ৰতিনিধিত্ব কৰা ভাৰ্গৱী হাজৰিকাই ২৫ৰ পৰা ২৯ বছৰ বয়সৰ শাখাত ১০০ আৰু ২০০ মিটাৰ বাটাৰ ফ্লাই, ১০০ মিটাৰ বেষ্ট ষ্ট্ৰোক এই তিনিটা ইভেন্টত খেলি তিনিওটাতে এটাকৈ সৰ্বমুঠ ৩টা স্বৰ্ণ পদক অৰ্জন কৰিবলৈ সক্ষম হয়। প্ৰতিযোগিতাখনত শ্ৰীলংকা, পাকিস্থান, মালয়েছিয়া, আফগানিস্তান, ডুবাইকে আদিকৰি দহখনকৈ দেশৰ খেলুৱৈয়ে অংশগ্ৰহন কৰিছিল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-01/m16cbr4i/b8b7112c-be0a-47f0-88db-992b63300074.jpg)
এই আন্তঃৰাষ্ট্ৰীয় সাঁতোৰ প্ৰতিযোগিতাখনত পদক অৰ্জন কৰা ভাৰ্গৱী হাজৰিকাই যোৰহাট ছুইমিং ছ’চাইটিৰ জলক্ৰীড়া প্ৰকল্পতে সাতোঁৰৰ আদি পাঠ গ্ৰহণ কৰিছিল। যোৰহাটৰ মালৌ আলিৰ নিবাসী পিতৃ গকুল হাজৰিকা আৰু মাতৃ ভাৰতী হাজৰিকাৰ কন্যা তথা বন্ধন বেংকৰ সহ পৰিচালক ভাৰ্গৱী হাজৰিকাৰ এই সফলতাত যোৰহাটৰ ক্ৰীড়াপ্ৰেমী ৰাইজে খেলুৱৈগৰাকীক লৈ গৌৰৱ অনুভৱ কৰাৰ লগতে তেওঁলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে।
Also Read: সৰপাৰাত স্মৃতিগ্ৰন্থ "নাট্যশিল্পী চবিন চৌধুৰী শ্ৰদ্ধাৰ্ঘ" উন্মোচন