/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-01/4xpj6tjd/184.jpg)
ডিজিটেল সংবাদ, গুৱাহাটী : মঙলবাৰে দক্ষিণ কামৰূপৰ সৰপাৰাত প্ৰকাশন গোষ্ঠী পৰাগজ্যোতি প্ৰকাশনৰ উদ্যোগত বিশিষ্ট নাট্যকাৰ, পৰিচালক, অভিনেতা, সমাজসেৱী, খেলুৱৈ চবিন চৌধুৰীৰ পবিত্ৰ স্মৃতিত স্মৃতিচাৰণ সভা আৰু এখনি স্মৃতিগ্ৰন্থ উন্মোচন কৰা হয়। স্মৃতিগ্ৰন্থখন সম্পাদনা কৰিছে সাংবাদিক,লেখক দীপক শৰ্মাই আৰু গ্ৰন্থখনিৰ নাম হৈছে- "নাট্যশিল্পী চবিন চৌধুৰী শ্ৰদ্ধাৰ্ঘ"।
অনুষ্ঠানৰ আৰম্ভণীতে চবিন চৌধুৰীৰ স্থিৰচিত্ৰত বন্তি প্ৰজ্বলন আৰু পুষ্পাৰ্ঘ অৰ্পণ কৰে পত্নী মিনতী চৌধুৰী, দুই পুত্ৰ অমিতাভ আৰু দিবাকৰ, দুই জী ৰাখী আৰু মনীষা, একমাত্ৰ জোঁৱাই ৰাজ কুমাৰ গুপ্তা প্ৰমুখ্যে ভালেমান বিশিষ্ট ব্যক্তিয়ে। ইয়াৰ পিছতে উপৰহালী ৰাইজ গয়ৰহৰ সভাপতি অজিত চন্দ্ৰ ঠাকুৰীয়াৰ সভাপতিত্বত আড়ম্বৰপূৰ্ণ পৰিবেশৰ মাজত অনুষ্ঠিত সভাখনত স্মৃতিগ্ৰন্থখনি উন্মোচন কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন সহকাৰী সম্পাদক কমল কলিতাই।
কলিতাই কয়- "নাট্য পথাৰত চবিন চৌধুৰীৰ অৱদান সদা স্মৰণীয় হৈ থাকিব। ভিন ভিন থিয়েটাৰ, অপেছাদাৰী নাট্য দলত ভালেমান নাটকত অভিনয় কৰাৰ লগতে পৰিচালনা কৰি সমাদৰ লাভ কৰিছিল।"
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-01/1c1160o4/5fa714b7-bb63-4309-b069-7f0aad5e9079.jpg)
সভাৰ মুখ্য অতিথি আকাশবাণী, গুৱাহাটী কেন্দ্ৰৰ অৱসৰপ্ৰাপ্ত সঞ্চালক তথা বোলছবি পৰিচালক অৱনী ৰঞ্জন পাঠকে কয়- "জীৱন পৰিক্ৰমাত বহু প্ৰতিভাধৰে উন্নত মানৰ কাম কৰি স্বীকৃতি নাপায়। চবিন চৌধুৰীয়েও বহু ইতিবাচক কাম কৰিছিল। বহু মননশীল কামেৰে সমাজ নিৰ্মাণত অৰিহণা যোগাইছিল।"
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-01/vzvqc3u0/952a0784-1878-400d-81b6-bfdca8d9683f.jpg)
সভাত ত্ৰিপুৰা কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক তথা বৰেণ্য পণ্ডিত ড০ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই সভাত অংশ লৈ কয়- "মানুুহে আজৰি সময়ত যিকণ সময় পাই সেইকণ সময়ত সমাজ নিৰ্মাণৰ কাম কৰিব লাগে, চবিন চৌধুৰী সমাজৰ কাম কৰিছিল, সংস্কৃতিৰ কাম কৰি মানুহৰ মনত সাঁচ বহুৱাই থৈ গ'ল।"
সভাত সদৌ অসম উকিল সন্থাৰ কাৰ্যকৰী সভাপতি মানস শৰণীয়া, অসম জাতীয় পৰিষদৰ যুটীয়া সম্পাদক পংকজ লোচন গোস্বামী, অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ উপ-সভাপতি নৃপেন্দ্ৰ ঠাকুৰীয়া, বিশিষ্ট কন্ঠশিল্পী তথা গীতিকাৰ ডিজেন কাকতী, উপৰহালী প্ৰগতি সাহিত্য সভাৰ সভাপতি অশ্বিনী কুমাৰ তালুকদাৰ, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কামৰূপ জিলা সমিতিৰ মুখ্য আহ্বায়ক মদন দাস আৰু অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰদীপ তালুকদাৰে বিশিষ্ট অতিথিৰ ভাষণত চবিন চৌধুৰীৰ জীৱনৰ ভিন-ভিন দিশৰ ওপৰত আলোকপাত কৰে।
সভাৰ আঁত ধৰাৰ লগতে, সভাৰ উদ্দেশ্য ব্যাখ্যা আৰু শেষত শলাগৰ শৰাই আগবঢ়াই পৰাগজ্যোতি প্ৰকাশনৰ সচিব,সাংবাদিক দীপক শৰ্মাই । সভাত ভালেমান বিশিষ্ট ব্যক্তি সাংবাদিক, সাহিত্যিক, সমাজকৰ্মীয়ে অংশগ্ৰহণ কৰে।
Also Read: বিশিষ্ট সাহিত্যিক সতীশ চন্দ্ৰ চৌধুৰীৰ স্মৃতিত পাঠশালা শিক্ষাপীঠ আদৰ্শ বুনিয়াদী হাইস্কুলত শোকসভা