এল আই চি ইষ্টাৰ্ণ জ’নেল লেভেল বেডমিণ্টনৰ বাছনি প্ৰতিযোগিতা সম্পন্ন

এল আই চি ইষ্টাৰ্ণ জ’নেল লেভেল বেডমিণ্টনৰ বাছনি প্ৰতিযোগিতা সম্পন্ন

author-image
Asomiya Pratidin
New Update
এল আই চি ইষ্টাৰ্ণ জ’নেল লেভেল বেডমিণ্টনৰ বাছনি প্ৰতিযোগিতা সম্পন্ন

ডিজিটেস সংবাদ, যোৰহাট : ভাৰতীয় এল আই চিৰ যোৰহাট সংমণ্ডলৰ উদ্যোগত দুদিনীয়াকৈ যোৰহাটৰ কুশল কোঁৱৰ ইনড’ৰ ষ্টেডিয়ামত ২০২৩-২৪ বৰ্ষৰ এল আই চি ইষ্টাৰ্ণ জ’নেল লেভেল বেডমিণ্টন প্ৰতিযোগিতামূলক বাছনি শিবিৰ অনুষ্ঠিত হয়। ২৪ আৰু ২৫ জুলাইত অনুষ্ঠিত এই বাছনি শিবিৰত এল আই চিৰ পূব মণ্ডলৰ অন্তৰ্গত ১২টা সংমণ্ডল বৰ্ধমান, বঙাইগাঁও, গুৱাহাটী, হাওৰা, জলপাইগুৰি, যোৰহাট, খড়গপুৰ, কলকাতা মেট্ৰ' সংমণ্ডল -১, কলকাতা মেট্ৰ' সংমণ্ডল -২ , কলকাতা-উপ নগৰ সংমণ্ডল আৰু শিলচৰৰ খেলুৱৈয়ে অংশগ্ৰহণ কৰে।এল আই চি যোৰহাট সংমণ্ডলে বহু বছৰৰ মূৰত এই অনুষ্ঠানৰ আয়োজন কৰা প্ৰতিযোগিতাখন শুভাৰম্ভ কৰে যোৰহাট ৰজাবাৰীৰ ছিনিয়ৰ ডিভিজনেল মেনেজাৰ অসীম কুমাৰে।

Advertisment

এই প্ৰতিযোগিতাত পুৰুষৰ একক শাখাত জয়ন্ত তালুকদাৰ (গুৱাহাটী) প্ৰথম, অমিতাভা বৰুৱা (বঙাইগাঁও) দ্বিতীয়, আৰু সুশীল সিং ( হাওৰা) তৃতীয় শ্ৰেষ্ঠ স্থান লাভ কৰে। মহিলাৰ একক শাখাৰ জুলিয়ানা লালশ্বাউংমাৱ (গুৱাহাটী) প্ৰথম, পিয়ালি নাস্কাৰ (হাওৰা)দ্বিতীয় আৰু পিংকি কাৰ (জলপাইগুৰি) তৃতীয়।

যোৰহাট সংমণ্ডলৰ এল আই চি আইৰ উদ্যোগত আয়োজিত এই প্ৰতিযোগিতাত কলকাটা খণ্ড কাৰ্যালয়ৰ পৰা এল আই চিৰ বিষয়া সৌমিত্ৰ বেনাৰ্জী, মুখ্য আহ্বায়ক টি গাথিৰী আৰু যোৰহাট বিভাগীয় কাৰ্যালয়ৰ পৰা মেনেজাৰ পি এণ্ড আই আৰ ইৱাইদা চাইবৰ্ণে অন্যান্য বিষয়াসকল উপস্থিত থাকে।

Also Read: সংগীত নাটক একাডেমী বঁটা প্রাপক উমাকান্ত বৈৰাগী আৰু নাই...