/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/09942a47-341d-4fa3-9b9e-982d3ae6ddea/z24.jpg)
ডিজিটেল ডেস্ক: কেন্দ্ৰীয় আয়ুষ তথা বন্দৰ, জাহাজ পৰিবহণ আৰু জল পথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি মাজুলীৰ শ্ৰীৰামচাপৰিত ৫০খন বিছনাযুক্ত আয়ুৰ্বেদিক চিকিৎসালয়ৰ শুভ উদ্বোধন কৰে। চিকিৎসালয়খনৰ উদ্দেশ্য হৈছে ৰাজ্যখনৰ আয়ুষ স্বাস্থ্যসেৱা প্ৰণালীক অধিক শক্তিশালী কৰা আৰু জনকল্যাণসাধন কৰা।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/f4c6a832-4ccc-4266-9e72-c92371efe994/ef4a68bb_4758_4883_aa5f_4d5e03e09c38.jpg)
নতুন চিকিৎসালয় খনত শল্য (সাধাৰণঅস্ত্ৰোপচাৰ), প্ৰস্তুতি তন্ত্ৰ আৰু প্ৰসূতি তথা স্ত্ৰীৰোগৰ চিকিৎসা, পঞ্চ কৰ্মাৰ লগতে কায়চিকিৎসা (সাধাৰণঔষধ)ৰ বাবে বিশেষ অ'পিডি সেৱা আছে। ইয়াৰউপৰি, এই চিকিৎসালয় খনত এক আধুনিক পৰীক্ষাগাৰ, পঞ্চকৰ্মা আৰু ক্ষাৰসূত্ৰ থেৰাপী, এটা যোগগোট, এনোৰেক্টলক্লিনিক, বন্ধ্যাত্বক্লিনিক, জেৰিয়াট্ৰিক আৰু পুনৰুজ্জীৱিত ক্লিনিক, ৰিউমেট'লজী ক্লিনিক, জীৱনশৈলী বিকাৰ উন্নীতকৰণ আৰু লগতে ছাল আৰু প্ৰসাধন ক্লিনিকো উপলব্ধ। আই.পি.ডি. শাখাত একেসময়তে ৫০জনৰোগীৰ চিকিৎসাৰ ব্যৱস্থা আছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/92215172-b049-4298-8fef-2718222e8ed8/07997561_2b10_4240_b8fd_8c0888e505b2.jpg)
অনুষ্ঠানত ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, "মাজুলীৰ বৃহৎ অঞ্চলটো আয়ুষ স্বাস্থ্যসেৱাৰ প্ৰাণকেন্দ্ৰ হোৱাৰ যথেষ্ট সম্ভাৱনা আছে।ইয়াৰ সমৃদ্ধ ঔষধি উদ্ভিদ আৰু ঐতিহ্যৰ লগতে আধ্যাত্মিক চেতনা শক্তিৰমাজতশাৰীৰিক-মানসিক উৎকৰ্ষ সাধনৰ উপায় নিহিত হৈ আছে।মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰমোদীডাঙৰীয়াৰ দূৰদৰ্শী নেতৃত্বত সূচনা হোৱা আয়ুষ বিপ্লৱে পৰম্পৰাগত ঔষধ তথা চিকিৎসাৰ ক্ষেত্ৰত আমাৰ সমৃদ্ধ ঐতিহ্য-পৰম্পৰাক পুনৰুজ্জীৱিত কৰিছে।আজি উদ্বোধন কৰা ৫০খনবিছনাযুক্ত এই আয়ুৰ্বেদিক চিকিৎসালয়খনে স্থানীয়লোকসকলক সুচিকিৎসা প্ৰদান কৰিব আৰু ইয়ে মাননীয় প্ৰধান মন্ত্ৰী ডাঙৰীয়াৰএখনসুস্থ-সবল ভাৰত গঢ়াৰ দৃষ্টি ভংগীক ত্বৰান্বিত কৰিব।"
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/724cb049-e118-49d0-9521-ad379db3dae5/6dc905ba_bdc9_4a92_bfe3_b7cad36a2c82.jpg)
সৰ্বানন্দ সোণোৱালে লগতে ঘোষণা কৰে যে অসমত ৬খন নতুন আয়ুষ চিকিৎসালয় স্থাপনৰ পৰিকল্পনা কৰা হৈছে। তাৰে ভিতৰত কলিয়াবৰ, মৰিগাঁও, কোকৰাঝাৰ আৰু বাক্সাত ৫০খন বিছনাযুক্ত চাৰিখন চিকিৎসালয় স্থাপন কৰা হ'ব, আনহাতে ডিফুত ৩০খন বিছনাযুক্ত এখন চিকিৎসালয় আৰু বজালীত ১০খন বিছনাযুক্ত এখন চিকিৎসালয় স্থাপন কৰা হ'ব। ইয়াৰ উপৰিও কেন্দ্ৰীয় আয়ুষ মন্ত্ৰী গৰাকীয়ে ৰাজ্যখনৰ ২৮৯টা আয়ুষ স্বাস্থ্য আৰু সুস্থতা কেন্দ্ৰৰ কাৰ্যকৰীকৰণৰ কথা নিশ্চিত কৰে, আনহাতে শীঘ্ৰেই অসমত আৰু ২০০টা এনে কেন্দ্ৰকাৰ্যকৰী কৰা হ'ব বুলি উল্লেখ কৰে। তদুপৰি, সোণোৱালে অসমত ১০০খন আয়ুষ ঔষধালয় স্থাপন কৰা হ'ব বুলিও ঘোষণা কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/456dc869-65a2-4fc4-9529-5ca4e021e82b/c9f64559_b099_476e_b8c3_0dcfceea1d2f.jpg)
সৰ্বানন্দ সোণোৱালে মন্তব্য কৰে, "পৰম্পৰাগত ঔষধ আৰু স্বাস্থ্যসেৱা প্ৰণালীয়ে এতিয়া বহুদূৰ আগুৱাই আহিছে।আয়ুষ স্বাস্থ্যসেৱা প্ৰণালীক জীৱনৰ মান উন্নত আৰু আৰোগ্য কৰাৰ সামৰ্থ্যৰ বাবে বিশ্বব্যাপী স্বীকৃতি দিয়া হৈছে।মোদী ডাঙৰীয়াৰ প্ৰেৰণাদায়ক নেতৃত্বতই বিশ্বব্যাপী এক সুস্থতা আন্দোলনলৈ ৰূপান্তৰিত হৈছে।আনহাতে এক সামগ্ৰিক স্বাস্থ্যসেৱা সমাধান প্ৰদানৰ বাবে আধুনিক চিকিৎসা পদ্ধতিৰ সৈতে একত্ৰিত কৰি পৰম্পৰাগত চিকিৎসা পদ্ধতিক জনহিতৰ বাবে ব্যৱহাৰ কৰা হৈছে। অসম-ঔষধিউদ্ভিদ তথা বিভিন্ন আয়ুষ সম্ভাৱনাৰে পৰিপূৰ্ণ এখন ৰাজ্য।যিহেতু আমি ৰাজ্যখনত আয়ুষ স্বাস্থ্যসেৱা ব্যৱস্থা শক্তিশালী কৰাৰ বাবে বহু পদক্ষেপ গ্ৰহণ কৰি আছোঁ, ই অসমৰ আয়ুষ অৰ্থনীতিৰ বিকাশক শক্তিশালী কৰিব।"
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/4badeaa2-978e-4817-b9d3-2875594395de/e1794623_508b_4b95_89eb_70cbef649dd4.jpg)
এই অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে উপস্থিত থাকে অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী কেশৱ মহন্ত, সাংসদদ্বয় তপন কুমাৰ গগৈ আৰু প্ৰদান বৰুৱা, বিধায়কদ্বয় ভুৱন গাম আৰু নৱ কুমাৰ দলে প্ৰমুখ্যে জিলা প্ৰশাসনৰ বিষয়ববীয়াসকল, বিভিন্নসত্ৰৰ সত্ৰাধিকাৰসকল আৰু বিশিষ্ট ব্যক্তিসকল।
Also Read: ২০ শতাংশ বোনাছৰ দাবীত হাতীখুলিত ৫ শতাধিক চাহ শ্ৰমিকৰ প্ৰতিবাদ