২০ শতাংশ বোনাছৰ দাবীত হাতীখুলিত ৫ শতাধিক চাহ শ্ৰমিকৰ প্ৰতিবাদ

২০ শতাংশ বোনাছৰ দাবীত হাতীখুলিত ৫ শতাধিক চাহ শ্ৰমিকৰ প্ৰতিবাদ

ডিজিটেল সংবাদ, কাজিৰঙাঃ আগন্তুক শাৰদীয় দুৰ্গোৎসৱৰ সময়ত ২০% বোনাছ একেটা কিস্তিত দিয়াৰ দাবীত শনিবাৰে হাতীখুলি চাহ বাগিচা দুঘণ্টাৰ বাবে অচল কৰে ৫ শতাধিক পুৰুষ-মহিলাই৷ অসম চাহ মজদুৰ সংঘৰ আহ্বান মৰ্মে হাতীখুলি চাহ বাগিচাৰ হাতীখুলি, দিৰিং আৰু ৰঙাজান নামৰ তিনিওটা ডিভিজনৰ চাহ বাগিচাৰ কাম বাদ দি পুৱা হাতীখুলি চাহ বাগিচাৰ মুখ্যদ্বাৰৰ সন্মুখত সমবেত হয়৷

চাহ মজদুৰ সংঘৰ দিৰিং শাখাৰ সভাপতি দশৰথ মুণ্ডা, সম্পাদক শংকৰ তাঁতি, হাতীখুলি শাখাৰ সভাপতি প্ৰসাদী পাত্ৰ, সম্পাদক কিষণ কৰ্মকাৰ আৰু ৰঙাজান শাখাৰ সভাপতি বিজয় পাণিকা আৰু সম্পাদক মণিৰাম কৰ্মকাৰৰ নেতৃত্বত সমবেত হোৱা প্ৰতিবাদী চাহ শ্ৰমিকে কঁপাই তোলে সমগ্ৰ এলেকা৷ প্ৰতিবাদী জনতাই কয় যে, টাটা গ্ৰুপে অসমৰ বিভিন্ন উন্নয়নমূলক কামকাজত গুৰুত্ব দিছে যদিও এটি কলি দুটি পাতৰ মাজত অতিবাহিত কৰা লোকসকলক প্ৰতি ক্ষেত্ৰতে উপেক্ষা কৰি আহিছে৷

টাটাৰ কাৰণেই নিজৰ জীৱন ত্যাগ কৰা এই শ্ৰমিকসকলৰ প্ৰতি কৰ্তৃপক্ষই যেন প্ৰতি মুহূৰ্তত মাহীআইৰ দৃষ্টি নিক্ষেপ কৰি শোষণ কৰি আহিছে৷ চৰকাৰৰ উদাসীনতাৰ বাবেই বিভিন্ন সমস্যাৰে জৰ্জৰিত চাহ জনগোষ্ঠীয় লোকসকল বঞ্চিত হৈ আহিছে নিজৰ প্ৰাপ্যৰ পৰা৷ এইক্ষেত্ৰত টাটা গ্ৰুপক গুৰুত্ব প্ৰদান কৰাৰ লগতে চৰকাৰী পক্ষক সুদৃষ্টি দিবলৈ আহ্বান জনায় প্ৰতিবাদী একাংশই৷

আনহাতে, আগন্তুক দুৰ্গাপূজাৰ প্ৰাকক্ষণত শ্ৰমিক ৰাইজে একে কিস্তিত ২০ শতাংশ বোনাছ দাবী কৰিছে যদিও চাহ বাগিচা কৰ্তৃপক্ষই বৰ্তমান ১৪ শতাংশ প্ৰদান কৰি বিহুৰ সময়ত অৱশিষ্ট ৬ শতাংশ প্ৰদান কৰাৰ বিষয়ে ঘোষণা কৰিছে৷ যাৰ বাবেই চাহ শ্ৰমিক ৰাইজ খৰ্গহস্ত হৈ ২০ শতাংশ বোনাছৰ দাবীৰে শনিবাৰে পুৱা দুঘণ্টীয়া প্ৰতিবাদ সাব্যস্ত কৰে৷

২০ শতাংশ বোনাছৰ দাবীত হাতীখুলিত ৫ শতাধিক চাহ শ্ৰমিকৰ প্ৰতিবাদ
হায় শিক্ষা বিভাগ! আন্তঃগাঁথনিৰ অভাৱত বিদ্যালয়ৰ শৌচালয়ত ৰাখিছে মধ্যাহ্ন ভোজনৰ সামগ্ৰী...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in