/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/0cba4ae0-00ca-4e77-b529-414f71ed551a/boxing.jpg)
ডিজিটেল সংবাদ,যোৰহাট : বক্সিং ক্ষেত্ৰখনৰ বাবে এটি সু-খবৰ। অসমৰ বাবে ব্ৰঞ্জৰ পদক নিশ্চিত কৰাৰ লগতে সোণৰ পদকৰ বাবে মাজত মাত্ৰ কিছুসময় বাকী । জুনিয়ৰ ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অসমক প্ৰতিনিধিত্ব কৰি প্ৰতিযোগিতাখনৰ ছেমি ফাইনেলত প্ৰৱেশ কৰা একমাত্ৰ খেলুৱৈ যোৰহাটৰ অবিনাশ দাস।
যোৱা ৯ জুলাইৰ পৰা অৰুণাচল প্ৰদেশৰ ইটানগৰত অনুষ্ঠিত হৈছে পঞ্চম জুনিয়ৰ বয়জ ৰাষ্ট্ৰীয় বক্সিং ২০২৩ প্ৰতিযোগিতা। উক্ত প্ৰতিযোগিতাত অসম দলক প্ৰতিনিধিত্ব কৰি যোৰহাট এমেছাৰ বক্সিং সন্থাৰ নিয়মীয়া খেলুৱৈ অবিনাশ দাসে সমগ্ৰ অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।
অবিনাশে লীগ খেলত পশ্চিম বংগ, প্ৰি-কোৱাৰ্টাৰ মেঘালয় আৰু কোৱাৰ্টাৰ ফাইনেলত গুজৰাটৰ শক্তিশালী বক্সাৰক পৰাজিত কৰে। ইয়াৰ সুবাদতে ছেমি ফাইনেলত প্ৰৱেশ কৰি অসম সন্তানগৰাকী বুধবাৰে ছেমি ফাইনেলত মুখামুখি হ'ব অৰুণাচল প্ৰদেশৰ সৈতে।
উল্লেখযোগ্য যে, প্ৰশিক্ষাৰ্থীসকলৰ অনুশীলনৰ বাবে এডোখৰ স্থায়ী অনুশীলন স্থলীৰ উপৰিও এটা ৰিং নথকাৰ পাছতো নিজৰ দক্ষতাৰে অনুশীলন অব্যাহত ৰাখি নিজক প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হোৱা প্ৰতিভাৱান অবিনাশ দাসৰ এই সফলতা অসমবাসীৰ বাবে অতি গৌৰৱৰ বিষয়। এতিয়া পৰৱৰ্তী খেলসমূহত নিজৰ শক্তিক আৰু শক্তিশালী কৰি প্ৰতিদ্বন্দীক দমন অব্যাহত ৰাখি সোনৰ পদক আজুৰি অনাটোৱেই অবিনাশৰ মুখ্য লক্ষ্য বুলি যোৰহাট এমেছাৰ বক্সিং সন্থাৰ সম্পাদক বিদ্যুৎ ফুকনে মন্তব্য কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/5de6edc8-9606-4283-9865-afb06b7654a7/835789e5_ef3c_4ce8_9318_f9dd5800695f.jpg)
আনহাতে তেওঁ যোৰহাট এমেছাৰ বক্সিং সন্থাৰ দুৰ্বল আন্তঃগাঁথনিৰ বাবে ক্ষোভ প্ৰকাশ কৰে। সম্পাদক ফুকনে উল্লেখ কৰে যে, উপযুক্ত প্ৰশিক্ষণৰ বাবে স্থায়ী এডোখৰ ঠাই আৰু এটা ৰিঙৰ বাবে বিভাগীয় মন্ত্ৰী,সাংসদ তথা বিধায়কৰ উপৰিও ক্ৰীড়াৰ লগত জড়িত তথা সহায় কৰিব পৰা বহুজনক কাকুতি-মিনতি কৰা সত্বেও আজি পৰ্যন্ত একো সুবিধা লাভ কৰিবলৈ সক্ষম নোহোৱা বুলি ক্ষোভ প্ৰকাশ কৰে।
তথাপি অবিনাশ দাসলৈ আন্তৰিক অভিনন্দন জনোৱাৰ লগতে পৰৱৰ্তী গুৰুত্বপূৰ্ণ খেল দুখনত সফলতা লাভ কৰাৰ বাবে যোৰহাট জিলা এমেছাৰ বক্সিঙ সন্থাৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জনায়।
Also Read: ঘগ্রাপাৰ কাণ্ডৰ নতুন মোৰ : কিশোৰীগৰাকীক পলুৱাই নিয়া যুৱকক গ্রেপ্তাৰ