বৰহোলাত চাইকেল ৰেলীৰে আছুৰ উত্তাল প্ৰতিবাদ

বৰহোলাত চাইকেল ৰেলীৰে আছুৰ উত্তাল প্ৰতিবাদ

ডিজিটেল সংবাদ, বৰহোলাঃ তিতাবৰৰ বৰহোলা আঞ্চলিক ছাত্ৰ সন্থাই অসম চৰকাৰৰ মাতৃভাষা মাধ্যম বিৰোধী সিদ্ধান্তৰ তীব্ৰ বিৰোধিতাৰে শনিবাৰে বৰহোলাত চাইকেল ৰেলীৰে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে।

বৰহোলা আছুৰ কৰ্মীসকলে বৰহোলা চহৰৰ মাজেৰে চাইকেল চলাই বিভিন্ন শ্ল'গানেৰে প্ৰতিবাদ সাব্যস্ত কৰে। অসম চৰকাৰৰ এই মাতৃভাষা বিৰোধী সিদ্ধান্ত কেতিয়াও গ্ৰহণযোগ্য নহয় বুলি ক্ষোভ উজাৰে আছু কৰ্মীসকলে। কাৰ্যসূচীত বৰহোলা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ভাস্কৰ জ্যোতি নেওগৰ লগতে কেইবাশতাধিক আছু কৰ্মীয়ে অংশগ্ৰহণ কৰে।

বৰহোলাত চাইকেল ৰেলীৰে আছুৰ উত্তাল প্ৰতিবাদ
লোকসভা নিৰ্বাচনৰ বাবে বিৰোধীৰ প্ৰাৰ্থী তালিকাঃ চাওঁক কোনে ক'ত কৰিব প্ৰতিদ্বন্দিতা..

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in