ৰাষ্ট্ৰীয় বক্সিং প্ৰশিক্ষণ শিবিৰলৈ নিৰ্বাচিত অসমৰ যুৱক

অবিনাশ দাসে চলিত বৰ্ষত অৰুণাচল প্ৰদেশত অনুষ্ঠিত পঞ্চম তম্ জুনিয়ৰ‌ ৰাষ্ট্ৰীয় বক্সিং প্ৰতিযোগিতাত অসম দলক প্ৰতিনিধিত্ব কৰি ব্ৰঞ্জৰ পদক অধিকাৰ কৰাৰ উপৰিও ৰাজ্যিক প্ৰতিযোগিতাত সোণৰ পদক অৰ্জন কৰে।

author-image
Asomiya Pratidin
New Update
ৰাষ্ট্ৰীয় বক্সিং প্ৰশিক্ষণ শিবিৰলৈ নিৰ্বাচিত অসমৰ যুৱক

ডিজিটেল সংবাদ, যোৰহাট: যোৰহাট জিলা বক্সিং খেলুৱৈসকলৰ লগতে অসমৰ ক্ৰীড়া অনুৰাগীসকলৰ বাবে আৰু এটি সুখবৰ। পাঞ্জাবৰ পাটিয়ালাত বক্সিং ফেডাৰেশ্বন অব ইণ্ডিয়া (বি এফ আই)য়ে ভাৰতীয় বক্সিং দলৰ বাবে অহা ৫ অক্টোবৰৰ পৰা পোন্ধৰ দিনীয়াকৈ আয়োজন কৰিছে এটি বিশেষ ৰাষ্ট্ৰীয় বক্সিং প্ৰশিক্ষণ শিবিৰ। উক্ত ৰাষ্ট্ৰীয় বক্সিং শিবিৰলৈ নিৰ্বাচিত হৈছে যোৰহাট জিলা এমেছাৰ বক্সিং সন্থাৰ নিয়মীয়া প্ৰশিক্ষাৰ্থী তথা খেলুৱৈ অবিনাশ দাস।

উক্ত প্ৰশিক্ষণ শিবিৰলৈ অসম পৰা জুনিয়ৰ শাখাত একমাত্ৰ প্ৰশিক্ষাৰ্থী ৰূপে নিৰ্বাচিত হোৱা অবিনাশ দাসে চলিত বৰ্ষত অৰুণাচল প্ৰদেশত অনুষ্ঠিত পঞ্চম তম্ জুনিয়ৰ‌ ৰাষ্ট্ৰীয় বক্সিং প্ৰতিযোগিতাত অসম দলক প্ৰতিনিধিত্ব কৰি ব্ৰঞ্জৰ পদক অধিকাৰ কৰাৰ উপৰিও ৰাজ্যিক প্ৰতিযোগিতাত সোণৰ পদক অৰ্জন কৰে। যোৰহাটৰ সম্ভাৱনাপূৰ্ণ এই প্ৰশিক্ষাৰ্থীগৰাকীৰ এনে সফলতাত যোৰহাট জিলা বক্সিং সন্থাৰ লগতে বক্সিঙৰ অনুৰাগী সকলে আন্তৰিক অভিনন্দন জনাইছে।

Also Read: বিশ্ব ঐতিহ্য ক্ষেত্ৰ ৰূপে স্বীকৃতি পোৱাৰ দিশে চৰাইদেউ

national boxing championship