/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/9a98f4e6-2264-4b0f-83d0-4788bd0f1a58/WEB_THUM_new_dimpul_copy.jpg)
ডিজিটেল সংবাদ, যোৰহাটঃ সফলতাৰে সম্পন্ন হয় যোৰহাটত অনুষ্ঠিত নৱম মাষ্টাৰ্ছ সাঁতোৰ প্ৰতিযোগিতা। অসম সাঁতোৰ সন্থাৰ সৌজন্যত যোৰহাট ছুইমিং ছ'চাইটিৰ উদ্যোগত প্ৰতি বছৰে পুৰুষ-মহিলা উভয় শাখাতে আয়োজন কৰা হয় মাষ্টাৰ্ছ সাঁতোৰ প্ৰতিযোগিতা। ১১টা বয়সৰ শাখাত সামৰি লোৱা প্ৰতিযোগিতাখনত সমগ্ৰ অসমৰ বিভিন্ন জিলাৰ পৰা ২৫ বছৰৰ পৰা ৭০ বছৰ বয়সৰ ৮৫ গৰাকী প্ৰতিযোগীয়ে যোগদান কৰে।
দেওবাৰে অনুষ্ঠিত প্ৰতিযোগিতাখনৰ আৰম্ভণিতে অসম সাঁতোৰ সন্থাৰ পতাকা উত্তোলন আৰু বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভণি কৰে অসম সাঁতোৰ সন্থাৰ উপ-সভাপতি যদুনাথ গগৈয়ে আৰু যোৰহাট ছুইমিং ছ'চাইটিৰ পতাকা উত্তোলন কৰে ছ'চাইটিৰ সভাপতি ৰক্তিম শইকীয়াই। উক্ত শুভাৰম্ভণি অনুষ্ঠানতে প্ৰতিযোগিতাৰ উদ্বোধক যদুনাথ গগৈ আৰু যোৰহাট ছুইমিং ছ'চাইটিৰ সদস্য দিলীপ ভূঞাক ছ'চাইটিৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়।
বিয়লি প্ৰতিযোগিতাখন সমাপ্তি হোৱাৰ পাছতেই বিজয়ী প্ৰতিযোগীসকলক বঁটা প্ৰদান কৰে। বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকে অসম সাঁতোৰ সন্থাৰ উপ-সভাপতি যদুনাথ গগৈ, যোৰহাট ছুইমিং ছ'চাইটিৰ উপ-সভাপতি জিতেন্দ্ৰ কুণ্ডলীয়া, ৰাজীৱ শৰ্মা, প্ৰশিক্ষক ৰাজীৱ দত্ত, মহকুমা ক্ৰীড়া বিষয়া ৰাজেন গোঁহাই লগতে ছ'চাইটিৰ নিমন্ত্ৰিত বিশিষ্ট ব্যক্তিসকলক।
Also Read: কামপুৰৰ সৰবৰহী মহিলা তৰু মহন্তৰ বিয়োগ
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us