অসম বাস্কেটবল খেলুৱৈ বাছনিত অনিয়মঃ যোগ্য খেলুৱৈক বঞ্চিত কৰাৰ অভিযোগ

অসম বাস্কেটবল খেলুৱৈ বাছনিত অনিয়মঃ যোগ্য খেলুৱৈক বঞ্চিত কৰাৰ অভিযোগ

ডিজিটেল সংবাদ, যোৰহাটঃ অসমৰ ক্ৰীড়া জগতত ইটোৰ পাছত সিটো বিতৰ্কই লগ নেৰাৰ সময়তে পুনৰ আন এটা বিতৰ্ক পোহৰলৈ আহিছে। এই সন্দৰ্ভত শনিবাৰে যোৰহাট প্ৰেছ ক্লাবত ৩গৰাকীকৈ অভিভাৱকে এখনি সংবাদমেল আহ্বান কৰি কয় যে- ৪৮ সংখ্যক ৰাষ্ট্ৰীয় ছাব-জুনিয়ৰ বাস্কেটবল চেম্পিয়নশ্বিপত প্ৰতিদ্বন্দিতা কৰিবলৈ অসম বাস্কেটবল দল বাছনিৰ বাবে অসম বাস্কেটবল সন্থাই যোৱা ২৩ আৰু ২৪ জুলাইত গোলাঘাট ষ্টেডিয়ামত খেলুৱৈ বাছনিত শিবিৰ অনুষ্ঠিত কৰিছিল। অসম বাস্কেটবল সন্থাৰ নিমন্ত্ৰণ অনুসৰি উক্ত দল বাছনি শিবিৰটিত সমগ্ৰ অসমৰ লগতে যোৰহাট জিলা পৰাও এটি ৫জনীয়া বাস্কেটবল খেলুৱৈ দল উপস্থিত হৈছিলগৈ।

সংবাদমেলত অভিভাৱকসকলে জনোৱা মতে- ২৩ জুলাইৰ পুৱাৰ ভাগতে বিভিন্ন দলৰ খেলুৱৈৰ লগতে অভিভাৱকসকলে নিজৰ খেলুৱৈ সন্তানৰ খেল উপভোগ কৰাৰ উদ্দেশ্যে উপস্থিত হৈছিলগৈ। উপস্থিত হৈ অভিভাৱকসকলে দেখিবলৈ পাইছিল যে অসম বিভিন্ন ঠাইৰ খেলুৱৈসকলক লগ পোৱাৰ লগতে ৫টা মান এনে ল'ৰাও লগ পাইছিল যে, যাৰ মুখমণ্ডলত দাড়ী-গোফৰ লগতে ভৰি-হাততো নোমেৰে ভৰপূৰ। যাৰ বাবে সেই ল'ৰাকেইজনক কোনোবা খেলুৱৈৰ অভিভাৱক বুলি প্ৰথমতে ভাবিছিলে। কিন্তু, তেওঁলোক কেইজন কাৰ্বি আংলং জিলাৰ পৰা প্ৰতিনিধিত্ব কৰি আহিছে বুলিহে পিছত জানিব পাৰে। অভিভাৱকসকলে লগতে জনাই যে, আবেলি পৰত খেল আৰম্ভ হোৱাৰ ঠিক আগে-আগে তেওঁলোকে পুৱাৰ ভাগত দেখা সেই ল'ৰা কেইজনৰ হঠাৎ সলনি হৈ পৰা দেহৰ অবয়ব দেখি সতবাক হৈ পৰে আৰু তেওঁলোক সকলো আচৰিত নহৈ নোৱাৰিলোঁ বুলি কয়।

কাৰণ পুৱাৰ ভাগত দাড়ী-গোফৰ লগতে ভৰি-হাতত নোমেৰে ভৰপূৰ ল'ৰাকেইজনৰ দাড়ী-গোফ নোহোৱা হ'ল, ভৰি-হাতৰ নোম নোহোৱা হৈ পৰিল বুলি। তাতোকৈ আচৰিত হ'ল যে, যেতিয়া তেওঁলোক খেলিবলৈ ফিল্ডত নামিল। তেতিয়া অভিভাৱকসকলৰ মনত প্ৰশ্ন উদয় হয় যে- এই ল'ৰা কেইটাটো কেতিয়াও "চৈধ্য বছৰৰ অনুৰ্ধ্ব" হ'ব নোৱাৰে। চৈধ্য বছৰৰ তলৰ ল'ৰা এজনৰ গাৰ গঠন কেনে হ'ব পাৰে সেয়া সহজেই সকলোৰে অনুমেয়। গতিকে বাকী কণমানি ল'ৰা সকলৰ লগত সেই ল'ৰাকেইটা কোনো ফালৰ পৰা খাপ নাখায় আৰু সেই ল'ৰা কেইজনৰ খেল দেখিয়ে বুজি পোৱা গ'ল আৰু তেওঁলোকে যে যথেষ্ট অভিজ্ঞ খেলুৱৈ। ২৩ তাৰিখৰ খেলৰ শেষত এগৰাকী অভিভাৱকে বিচাৰকসকলৰ লগত সেই সন্দেহ জনক খেলুৱৈ কেইজনৰ বিষয়ে অভিযোগ উত্থাপিত কৰে আৰু সেই খেলুৱৈ কেইজনৰ নথি-পত্ৰসমূহ ভুৱা হ'ব পাৰে বুলি দাবী জনোৱাৰ উপৰিও তেওঁলোকৰ মেডিকেল পৰীক্ষা কৰাবলৈ অভিভাৱকসকলে অনুৰোধ জনায়।

দাবী অনুসৰি অভিভাৱকসকলক বিচাৰক কেইজনে আস্বাস দিয়ে যে- তেওঁলোকে যাৱতীয় পৰীক্ষা-নিৰীক্ষা বিলাক ভালকৈ কৰিব। দুখৰ বিষয় এনেকৈয়ে পুনৰ শিবিৰৰ দ্বিতীয় দিনা অৰ্থাৎ ২৪ জুলাইত খেল আৰম্ভ হ'ল। সেই সন্দেহ জনক ল'ৰা কেইজনৰ শক্তিৰ লগত বাকী কণমানি ল'ৰাসকল তিকিব নোৱাৰিলে বুলি অভিভাৱকসকলে জনায়। অভিভাৱকসকলে আশা কৰিছিল যে এখন ৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ বাবে নিৰ্বাচন প্ৰক্ৰিয়া সূচাৰুৰূপে হ'ব আৰু তেওঁলোকে জনোৱা বিষয়টো বিচাৰকসকলে তেওঁলোকৰ লগতে সকলো খেলুৱৈ নথি-পত্ৰসমূহ সূচাৰুৰূপে পৰীক্ষা-নিৰীক্ষা কৰিব। কিন্তু, সেইবিলাক একো নকৰাকৈয়ে কাৰ্বি আংলং জিলাৰ সেই সন্দেহ জনক ৪জনকৈ খেলুৱৈক বাচনিহে কৰাত অভিযোগকাৰী অভিভাৱকসকলৰ নিজৰ মনতেই ধিক্কাৰ জন্মিল বুলি দুখ প্ৰকাশ কৰে। তেওঁলোকে কয় যে, তেওঁলোকে মনে মনে বহি নাথাকি সেই ল'ৰা কেইজনৰ ফেচবুক একাউণ্ট, ইনস্টাগ্ৰাম একাউণ্টসমূহ এটা এটা কৈ নিৰীক্ষণ কৰাত সকলো তথ্য পোহৰলৈ আহে।

তেওঁলোক জৱাহৰ নৱোদয় বিদ্যালয়, ডিফু বিদ্যালয়ৰ দ্বাদশ শ্ৰেণীৰ অধ্যয়নৰত ছাত্ৰ। লগে লগে তেওঁলোকে পঢ়ি থকা বিদ্যালয়সমূহৰ লগত যোগাযোগ কৰি তেওঁলোকৰ সবিশেষ বিচাৰিলে। বিদ্যালয়ৰ পৰা আটাইকেইজ ছাত্ৰৰ তথ্যও পালে বুলি অভিযোগকাৰী অভিভাৱকসকলে জনায়। তেওঁলোক আটাইকেইজনেই প্ৰকৃততে ১৮/১৯ বছৰীয়া ল'ৰা। তাৰে ভিতৰত এজন হায়াৰ চেকেণ্ডেৰী পাছ কৰা আৰু বাকীকেইজন দ্বাদশ শ্ৰেণীৰ ছাত্ৰ। এই সকলো তথ্য পোহৰলৈ অহাৰ লগে লগেই অভিযোগকাৰী অভিভাৱকসকলে অসম অলিম্পিক বাস্কেটবল সন্থা, ৰাষ্ট্ৰীয় বাস্কেটবল ফেডাৰেচন, পণ্ডিচেৰী বাস্কেটবল সন্থালৈ ই-মেইল যোগে তথ্য প্ৰেৰণ কৰে বুলি জনায়। পিছে তেওঁলোকে কোনো সুফল লাভ নকৰিলে।

অভিভাৱকসকলে দাবী কৰিছে যে- এই ঘটনাৰ লগত জড়িত অসম বাস্কেটবল সন্থাৰ কমিটিৰ কেইজনমান দালাল চক্ৰৰ বাবে যোগ্য খেলুৱৈ বঞ্চিত হৈছে। সংবাদমেলত ভুক্তভোগী অভিভাৱকসকলৰ মত অসম বাস্কেটবল সন্থাৰ ক্ৰমে অসম বাস্কেটবল সন্থাৰ উপ-সভাপতি সঞ্জীৱ সন্দিকৈ, অসম বাস্কেটবল সন্থাৰ সাধাৰণ সম্পাদিকা অনুসূয়া বৰুৱা, অসম বাস্কেটবল সন্থাৰ কাৰ্যকৰী সভাপতি কামিনি শৰ্মা, বাছনি সদস্য ক্ৰমে জিতুমণি ডেকা, সুভাষিস গগৈ, ৰবিন বড়া, ৰঞ্জিত বড়া, সত্য সোনোৱাল এইসকল দালালৰ বাবে উপযুক্ত খেলুৱৈ বঞ্চিত হৈছে বুলি।

উল্লেখযোগ্য যে, যোৰহাট দলটিৰ এগৰাকী অভিভাৱকে ৰুবেইনা য়াছমিন আহমেদে কামিনি শৰ্মাক উক্ত বিষয়টোৰ সন্দৰ্ভত যেতিয়া ফোনযোগে অৱগত কৰি সুফল জানিব বিচাৰিছিল, তেতিয়া তেওঁক উপযুক্ত উত্তৰ দিব নোৱাৰি ফোনতে বেয়া ব্যৱহাৰ কৰে বুলিও জনায়। অভিভাৱকসকলে প্ৰশ্ন উত্থাপন কৰিছে যে, ইমান অনিয়মেৰে দল বাছনি কৰিও কিয় পণ্ডিচেৰীত যোৱা ৩ আগষ্টৰ পৰা ৯ আগষ্টলৈকে অনুষ্ঠিত ৪৮ সংখ্যক ৰাষ্ট্ৰীয় ছাব-জুনিয়ৰ বাস্কেটবল প্ৰতিযোগিতাত অসম দলটোৱে লীগ পৰ্যায়তে পৰাজিত হ'ব লগা হ'ল।

যোৰহাট জিলা বাস্কেটবল সন্থাই আপোনালোকক সহযোগ কৰিছে নাই বুলি সোধা সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত কয় যে- যোৰহাট জিলা বাস্কেটবল সন্থাই আমাক পূৰ্ণ সমৰ্থন জনাইছে আৰু সহযোগিতা আছে বুলি ব্যক্ত কৰা ৰুবেইনা য়াছমিন আহমেদে, অৰপনা বৰুৱা আৰু জুলফিআৰা বেগম নামৰ তিনিগৰাকী অভিভাৱকে সংবাদমেলত আহ্বান জনাই ভুক্তভোগী অভিভাৱকসকলে এই বিষয়টো অসমৰ মুখ্যমন্ত্ৰীৰ হস্তক্ষেপত ঘটনাৰ উচিত তদন্তৰে জ্যেষ্ঠ ছাত্ৰ কেইজনৰ লগতে দালাল চক্ৰটোৰ বিৰুদ্ধে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে।

অসম বাস্কেটবল খেলুৱৈ বাছনিত অনিয়মঃ যোগ্য খেলুৱৈক বঞ্চিত কৰাৰ অভিযোগ
নৈতিক দায়িত্ব স্বীকাৰ কৰি দলৰ সভাপতিলৈ পদত্যাগ পত্ৰ বিধায়ক প্ৰদীপ হাজৰিকাৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in