/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/252a809b-69f9-469f-b0cb-007be152b522/Mridul.jpg)
ডিজিটেল সংবাদ, যোৰহাট : অসম কৃষি বিশ্ববিদ্যালয়ৰ মুক্ত আৰু দূৰ শিক্ষা সঞ্চালকালয়ৰ জৰিয়তে 'স্বনিয়োজনৰ বাবে বৈজ্ঞানিক ভিত্তিত মীন পালন' বিষয়ক ১৪ দিনীয়া হ্রস্বম্যাদী প্ৰশিক্ষণ কাৰ্যসূচীৰ শুকুৰবাৰে সামৰণি পৰে। ১২ মে'ৰ পৰা আৰম্ভ হোৱা এই পাঠ্যক্রমত শেষৰ ৩ দিন অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনত ৰহাৰ মীন পালন মহাবিদ্যালয়ত প্ৰশিক্ষণ আৰু ব্যৱহাৰিক শিক্ষা প্ৰদান কৰা হয়।
উত্তৰ-পূবৰ বিভিন্ন প্ৰান্তৰ প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰা এই প্ৰশিক্ষণৰ জৰিয়তে মাছৰ খাদ্য প্ৰস্তুত আৰু প্ৰণয়ন, একুৰিয়াম নিৰ্মাণ কাৰ্প মাছৰ প্ৰজনন, বায়ফ্লক ইউনিট পৰিচালনা, মূল্য সংযোজিত মাছৰ সামগ্রী প্রস্তুত কৰা আদি কামত শিক্ষার্থীসকলে সক্রিয়ভাৱে জড়িত থাকে।
শুকুৰবাৰৰ প্ৰশিক্ষণৰ সামৰণিত অনুষ্ঠিত প্রমাণপত্র বিতৰণ অনুষ্ঠানৰ আদৰণি বক্তব্য আগবঢ়াই মহাবিদ্যালয়ৰ বিজ্ঞানগুৰু ড° বিনোদ কলিতাই। মুক্ত আৰু দূৰ শিক্ষাৰ সঞ্চালক ড° ৰমনীকান্ত ঠাকুৰীয়াই অনুষ্ঠানৰ বক্তব্যত আত্মনিয়োগৰ পৰিসৰ থকা মীনখণ্ডৰ ক্ষেত্ৰখনত উদ্যোগ ল'বলৈ প্ৰশিক্ষাৰ্থী সকলক আহ্বান জনায়। অধ্যাপক ড° মনোজ কলিতাই পৰিচালনা কৰা অনুষ্ঠানত মুক্ত আৰু দূৰ শিক্ষাৰ কাৰ্যসূচীৰ উপদেষ্টা হিচাপে উপস্থিত থাকে ড° প্ৰবোধ বৰা।
ইংৰাজী আৰু অসমীয়া দুয়োটা ভাষাতে স্ব-শিক্ষণ সামগ্রী (SLM) সংকলন কৰা পশুবিজ্ঞান আৰু মীনবিজ্ঞানৰ সমন্বয়ক ড° লিমা বৰাও উপস্থিত থাকে। পাঠ্যক্ৰমৰ সঞ্চালক তথা আয়োজক প্ৰতিষ্ঠানৰ জলজসংবর্ধন বিভাগৰ সহযোগী অধ্যাপক ড° পবিত্ৰ কুমাৰ চহৰিয়াই প্ৰস্তুত কৰা প্ৰশিক্ষণত বিভাগীয় অধ্যাপক ডা: দীপক কুমাৰ শৰ্মা, কৌভড ভাগৱতী আৰু সঞ্জীপ্ৰাণ বৈশ্যই প্ৰশিক্ষণ কাৰ্যসূচীৰ সমল ব্যক্তি হিচাপে জড়িত থাকে ।
Also Read: নাৰায়ণপুৰত ব্যতিক্ৰমী ৰূপত পিতৃৰ বছৰেকীয়া শ্ৰাদ্ধ পালন...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us