অসম কৃষি বিশ্ববিদ্যালয়ৰ ২৩তম সমাবৰ্তন অনুষ্ঠান

অসম কৃষি বিশ্ববিদ্যালয়ৰ ২৩তম সমাবৰ্তন অনুষ্ঠান

ডিজিটেল সংবাদ, যোৰহাটঃ অসম কৃষি বিশ্ববিদ্যালয়ৰ ২৩ তম্ সমাবৰ্তনখন শনিবাৰে যোৰহাটস্থ অসম কৃষি বিশ্ববিদ্যালয়ৰ মূল চৌহদত অনুষ্ঠিত হয়।বিশ্ববিদ্যালয়ৰ মাধৱ চন্দ্ৰ দাস সোঁৱৰণী প্ৰেক্ষাগৃহত অনুষ্ঠিত সমাবৰ্তনত বিশ্ববিদ্যালয়ৰ আচাৰ্য ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই কৃষি আৰু আনুসংগিক বিজ্ঞানৰ শিক্ষাৰ্থীসকলক ডিগ্ৰী প্ৰদান কৰে। সমাবৰ্তনত অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত ৯খন মহাবিদ্যালয় পৰা স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰীৰ লগতে পি এইচ ডি লাভ কৰা ৫৫০ গৰাকীক আনুষ্ঠানিক ভাৱে ডিগ্ৰী প্ৰদান কৰা হয়।

সমাবৰ্তনত বক্তব্য আগবঢ়াই ৰাজ্যপালে কৃষি শিক্ষাৰ জৰিয়তে কেৰিয়াৰ গঢ় দি আনক সেৱা কৰাৰ লগতে অসীম সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিব পাৰি বুলি মন্তব্য কৰে। কৃষি শিক্ষাৰ জৰিয়তে সৰ্বাধিক লাভ অৰ্জন কৰিবলৈ জ্ঞান আৰু ক্ষমতাৰ জৰিয়তে নতুন নতুন পৰিক্ৰমাৰ বিষয়ে অৱগত হ'ব লাগিব, এই প্ৰয়াসেৰে এখন সমৃদ্ধিশালী দেশ গঢ় দিয়াত সহায়ক হ'ব বুলি মত প্ৰকাশ কৰে ।

সমাবৰ্তনত অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড: বিদ্যুৎ চন্দন ডেকাই অসম কৃষি বিশ্ববিদ্যালয়ে কৃষি শিক্ষা গৱেষণা আৰু সম্প্ৰসাৰণৰ হকে উৎসৰ্গিত মনোভাৱেৰে কাম কৰাৰ বিষয়ে উল্লেখ কৰি বিশ্ববিদ্যালয়ৰ সফলতাৰ আভাস দাঙি ধৰে। সমাবৰ্তনত অসম চৰকাৰৰ মাননীয় কৃষি, উদ্যান শস্য, পশু পালন আদি বিভাগৰ মন্ত্ৰী অতুল বৰাই সন্মানীয় অতিথি হিচাপে অংশগ্রহণ কৰি বক্তব্যত কৃষিৰ বহনক্ষম উন্নয়নৰ বাবে অসম চৰকাৰে লোৱা পদক্ষেপৰ বিষয়ে সদৰী কৰে। জৈৱিক কৃষি আৰু ভিন্ন ধৰণৰ কৃষিকাৰ্য আৰু কৃষি ব্যৱসায়ৰ জৰিয়তে অসমৰ কৃষিৰ ক্ষেত্ৰ আগুৱাই নিবলৈ প্ৰয়াস কৰা হৈছে বুলি প্ৰকাশ কৰে। এক্ট ইষ্ট পলিচিৰ জৰিয়তে অসমৰ কৃষিক্ষেত্ৰও উপকৃত হৈছে বুলি উল্লেখ কৰি বিদেশী বজাৰলৈ অসমৰ সামগ্ৰীৰ ৰপ্তানিৰ জৰিয়তে অসমৰ কৃষিৰ উজ্জ্বল ভৱিষ্যতৰ সাক্ষ বহন কৰিছে বুলি আশা ব্যক্ত কৰে।

বিশিষ্ট অর্থনীতিবিদ তথা নীতি আয়োগৰ সদস্য অধ্যাপক ৰমেশ চান্দে সমাবর্তন ভাষণত অসম তথা উত্তৰ-পূৰ্বাঞ্চলত কৃষি বিপননৰ বহু সুযোগ আছে বুলি উল্লেখ কৰি কৃষি শিক্ষাৰ্থী সকলক আগবাঢ়ি আহিবলৈ আহ্বান জনায়। এই অনুষ্ঠানত অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰিচালনা সমিতিৰ সদস্য সকল, অধিবিদ্যা পৰিষদৰ সদস্যসকল, বিজ্ঞান গুৰু সকল, গৱেষণা সঞ্চালক সকল, মুৰব্বী অধ্যাপক বিজ্ঞানীসকল, গৱেষণক সকল আৰু শিক্ষাৰ্থীসকলে অংশগ্ৰহণ কৰে ।

অসম কৃষি বিশ্ববিদ্যালয়ৰ ২৩তম সমাবৰ্তন অনুষ্ঠান
অকাল মৃত্যুক সাবটি ল’লে জুনিয়ৰ ববিতা ফোগাতে

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in