অকাল মৃত্যুক সাবটি ল’লে জুনিয়ৰ ববিতা ফোগাতে

অকাল মৃত্যুক সাবটি ল’লে জুনিয়ৰ ববিতা ফোগাতে

ডিজিটেল ডেস্কঃ বলিউডৰ ‘দংগল’ চিনেমাত অভিনয় কৰা অভিনেত্ৰী সুহানী ভাটনাগৰৰ শনিবাৰে পুৱা মৃত্যু হয়। মাত্ৰ ১৯ বছৰ বয়সতে অকাল মৃত্যুক সাবটি ল’লে জুনিয়ৰ ববিতা ফোগাতে। তথ্য অনুসৰি শৰীৰত পানী জমা হোৱাৰ বাবে মৃত্যু হয় অভিনেত্ৰীগৰাকীৰ।

জানিব পৰা মতে, কিছুদিন পূৰ্বে সংঘটিত হোৱা দুৰ্ঘটনাত ভৰি ভাঙিছিল সুহানীৰ। সেইবাবে চিকিৎসাধীন অৱস্থাত দিল্লীৰ এইমছত ভৰ্তি হৈ আছিল অভিনেত্ৰীগৰাকী । চিকিৎসাৰ পিছৰে পৰা আৰম্ভ হোৱা পাৰ্শ্বক্ৰিয়াৰ ফলতেই শৰীৰত তৰল পদাৰ্থ জমা হয়। তাৰ ফলতে অভিনেত্ৰীগৰাকীৰ মৃত্যু হয়।

উল্লেখযোগ্য যে ২০১৬ চনত মুক্তি লাভ কৰা আমিৰ খানৰ ছবি ‘দংগল’ত ববিতা ফোগাতৰ বাল্যকালৰ চৰিত্ৰত অভিনয় কৰিছিলে অভিনেত্ৰী সুহানী ভাটনাগৰে। খুব কম বয়সতে ববিতা ফোগাতৰ বাল্যকালৰ চৰিত্ৰত অভিনয় কৰা সুহানীয়ে দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছিল ।

আদালতৰ পৰা ৰক্ষা পাবলৈকে কেজৰিৱালৰ আস্থাভোটৰ নাটক !

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in