কলিয়াবৰ, খানাপাৰা, মাটিয়াত কুকৰ্মৰ বাবে হাত দাঙিলে ৩ বিষয়াই...

কলিয়াবৰ, খানাপাৰা, মাটিয়াত কুকৰ্মৰ বাবে হাত দাঙিলে ৩ বিষয়াই...

author-image
Asomiya Pratidin
New Update
কলিয়াবৰ, খানাপাৰা, মাটিয়াত কুকৰ্মৰ বাবে হাত দাঙিলে ৩ বিষয়াই...

কলিয়াবৰ, খানাপাৰা, মাটিয়াত কুকৰ্মৰ বাবে হাত দাঙিলে ৩ বিষয়াই...

ডিজিটেল ডেস্কঃ ৰাজ্যত আজি চলিছে হাত দাঙাৰ প্ৰতিযোগিতা। কলিয়াবৰ, গুৱাহাটীৰ খানাপাৰা আৰু গোৱালাপাৰা সকলোতে চলিছে এই প্ৰতিযোগিতা। টুইটাৰত অসম আৰক্ষীৰ এডিজিপি তথা আই পি এছ বিষয়া সুৰেন্দ্ৰ কুমাৰে জনাইগ'ল ইয়াৰ সবিশেষ। আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙেও ৰিটুইট কৰি জনাই থাকিল এই বিষয়ে।

Advertisment

দৰাচলতে আজিৰ দিনটোত ৰাজ্যৰ তিনিটা প্ৰান্তত তিনিজন বিষয়াক ঘোচলোৱাৰ অৱস্থাতে গ্ৰেপ্তাৰ কৰে। প্ৰথমে আটক কৰে কলিয়াবৰ ৰেভিনিউ চক্ৰৰ লাট মণ্ডল প্ৰাঞ্জল বৰাক। মাটি বিক্ৰী কৰাৰ অনুমতিৰ বাবে তেওঁ উৎকোচ বিচৰাৰ অভিযোগ উঠিছিল। সেই অভিযোগৰ ভিত্তিতে তেওঁ দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাই অভিযান চলাই তেওঁক আটক কৰে।

ইয়াৰ পিছত জালত পৰে বিদ্যাধৰ দাস নামৰ আন এজন বিষয়া। খানাপাৰাস্থিত কোঅপাৰেটিভ ছ'চাইটি, অসমৰ সহকাৰী ৰেজিষ্টাৰ বিদ্যাধৰ দাস। এইগৰাকী বিষয়াই এজন অৱসৰপ্ৰাপ্ত কৰ্মচাৰীৰ পেঞ্চনৰ ফাইলৰ কামৰ বিনিময়ত বিচাৰিছিল উৎকোচ। এই সন্দৰ্ভত এণ্টি ক'ৰাপচন বিভাগত অভিযোগ দাখিল হোৱাৰ পিছতে আজি তেওঁক উৎকোচ লোৱাৰ সময়তে আটক কৰা হয়।

আজিৰ দিনটোত হাত দাঙা তৃতীয়জন বিষয়া হৈছে মাটিয়া ব্লকৰ ব্লক এলিমেণ্টেৰি এড্যুকেশ্যন অফিচাৰ বাজৰুল বাছিতে। এগৰাকী কৰ্মচাৰীৰ বেংক ঋণ (পাৰচনেল)ৰ নথিপত্ৰৰ বিনিময়ত উৎকোচ বিচাৰিছিল।

Also Read: উৎকোচ লৈ গ্ৰেপ্তাৰ বিজেপি বিধায়কৰ আমোলা পুত্ৰঃ ঘৰৰ পৰা জব্দ কোটি কোটি টকা...

অসম আৰক্ষী দুৰ্নীতি