যোৰহাটৰ চুকাফা সমন্বয় ক্ষেত্ৰত জাতীয় বিদ্যালয়ৰ ৰাজ্যিক সমাৰোহৰ প্ৰস্তুতি...

১০ হাজাৰ শিক্ষাৰ্থীৰে জাতি-জনগোষ্ঠীৰ বৰ্ণিল সাংস্কৃতিক কাৰ্যসূচীৰে উদ্ভাসিত হ'ব চুকাফা সমন্বয় ক্ষেত্ৰ...
যোৰহাটৰ চুকাফা সমন্বয় ক্ষেত্ৰত জাতীয় বিদ্যালয়ৰ ৰাজ্যিক সমাৰোহৰ প্ৰস্তুতি...

ডিজিটেল সংবাদ, বেকাজানঃ অসমৰ শৈক্ষিক, বৌদ্ধিক, ভাষা-সংস্কৃতি, কলা-কৃষ্টি, জ্ঞান -বিজ্ঞান, আধুনিকতাৰ উত্তোৰণৰ মহামন্ত্ৰক সৰোগত কৰি জাতীয় বিদ্যালয়সমূহে যথাসাধ্য অৱদান আগবঢ়াই আহিছে। ইতিমধ্যে এক বৃহৎ শক্তিত পৰিণত হোৱা জাতীয় বিদ্যালয় সত্তাৰ উত্তৰণৰ সামগ্ৰিক দিশ প্ৰতিফলিত হোৱাকৈ, ভৱিষ্যত সম্ভাৱনাৰ সুস্পষ্ট আভাস দিব পৰাকৈ আৰু জাতীয় বিদ্যালয়ৰ সাংগঠনিক ভিত্তি শক্তিশালী কৰাৰ সবাত্মক লক্ষ্য-উদ্দেশ্যৰে অহা ৫, ৬ আৰু ৭ মে' তাৰিখে অসম জাতীয় বিদ্যালয় শিক্ষা সংসদৰ উদ্যোগত, যোৰহাট জিলা জাতীয় বিদ্যালয় সমন্বয়ৰক্ষী সমিতিৰ আতিথ্যত আৰু গোলাঘাট শিৱসাগৰ মাজুলীৰ লগতে সমূহ জিলা জাতীয় বিদ্যালয় সমন্বয় ৰক্ষী সমিতিৰ সহযোগত তিনিটা বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্যসূচীৰে যোৰহাট জিলাৰ ঐতিহাসিক চুকাফা সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ'ব।

এই উপলক্ষে দেওবাৰে চুকাফা সমন্বয় ক্ষেত্ৰত অন্তিম সমাৰোহৰ বিশেষ সভা অনুষ্ঠিত হয় । অসম জাতীয় বিদ্যালয়ৰ কাৰ্যকৰী সভাপতি দিলীপ কুমাৰ দত্ত চৌধুৰীৰ সভাপতিত্বত সভাত অহা ৫ মে'ৰ পৰা অনুষ্ঠিত হ'ব লগা সমাৰোহৰ প্ৰতিখন উপসমিতিৰ কাম-কাজৰ শেহতীয়া অগ্ৰগতিৰ পৰ্যালোচনা কৰে। ভাষণত তেওঁ কয়- "অসম জাতীয় বিদ্যালয়ৰ ৰাজ্যিক সমাৰোহখনি এই কাৰণে অনুষ্ঠিত কৰিছো যে, আমাৰ মাজত থকা ভাতৃবোধৰ বাবে যে সমাজখন চলি আছে আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলক যে শৈক্ষিক আৰু বৌদ্ধিক সঠিক পথ নিৰ্দেশনাক দেখুওৱা হৈছে তথা আমাৰ শৈক্ষিক পথাৰতখনত যে আমি সঠিক ৰূপত কাম কৰি আছো তাকে প্ৰতিপন্ন কৰিব বাবে"।

সভাখনৰ আঁত ধৰি জাতীয় বিদ্যালয়ৰ সমন্বয়ক অসমী কৃষ্ণ বৰুৱাই জাতীয় বিদ্যালয়ৰ সত্তা অক্ষুন্ন ৰাখি হাতত হাত ধৰি সমাৰোহখনি সাফল্য মণ্ডিত কৰিবৰ বাবে সকলোকে নিজৰ নিজৰ দায়িত্ব পালন কৰিবলৈ আহ্বান জনায়। ইয়াৰ পিছত সমাৰোহৰ আদৰণি সমিতিৰ সম্পাদক সৌৰভ বৰাই চুকাফা সমন্বয় ক্ষেত্ৰত হ'ব লগা ৰাজ্যিক সমাৰোহৰ প্ৰস্তুতিৰ অগ্ৰগতিৰ বিষয়ে অৱগত কৰে আৰু সকলো উপ-সমিতিৰ সহযোগিতা কামনা কৰে। সভাপতি ৰঞ্জিত কুমাৰ বৰাই প্ৰতিখন বিদ্যালয়ত থকা উপসমিতিক অধিক শ্ৰম কৰি কৰ্মমুখী সংস্কৃতিৰে আগবাঢ়ি সমাৰোহখনি সফল কৰিবলৈ আহ্বান জনায়।

আনহাতে সাংস্কৃতিক উপসমিতিৰ সম্পাদক সোণেশ্বৰ নৰহে কয়, জাতীয় বিদ্যালয়ৰ সমাৰোহৰ আদৰ্শগত নীতি হ'ল আমি কৰি থকা কৰ্ষণ প্ৰতিফলিত কৰা । অৰ্থাৎ আমি মস্তিষ্কৰ যি কৰ্ষণ সেয়া জাতীয় ৰাজ্যিক সমাৰোহৰ ৰূপৰেখাত প্ৰতিফলিত হ'ব লাগিব । সমাৰোহৰ জৰিয়তে সমগ্ৰ অসমে জাতিটো প্ৰতি থকা আমাৰ দায়বদ্ধতা, ভাষা-সংস্কৃতিৰ উত্তোৰণৰ কৰ্মসূচী অসমৰ ৰাইজে দেখা পাব। তাৰ বাবে আমি নিষ্ঠাৰে নিজৰ দায়িত্ব পালন কৰিব লাগিব। সমাৰোহখনিৰ সন্দৰ্ভত প্ৰচাৰ সম্পাদক মণ্টুচ্ কোঁৱৰে জানিবলৈ দিয়ামতে অসমৰ শৈক্ষিক, বৌদ্ধিক, ভাষা-সংস্কৃতি কলা-কৃষ্টিক প্ৰতিফলিত কৰিব পৰাকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে চুকাফা সমন্বয় ক্ষেত্ৰত আয়োজন কৰা তিনিদিনীয়া জাতীয় বিদ্যালয় ৰাজ্যিক সমাৰোহৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে ।

এই সমাৰোহত অসম জাতীয় বিদ্যালয়ৰ অধীনত থকা সমগ্ৰ অসমৰ ১২ শ খন বিদ্যালয়ৰ ১০ হাজাৰ ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিব। ইয়াৰ বাবে ইতিমধ্যে কেইবাশ শিবিৰ আৰু একেলগে ১৫০০ লোকে ভোজন কৰিব পৰাকৈ ভোজানায়ল সাজি উলিয়াছে। আনহাতে সমাৰোহৰ সাংস্কৃতিক শোভাযাত্ৰাত প্ৰায় ৪ হাজাৰ ছাত্র-ছাত্ৰীয়ে অসমৰ লোককৃষ্টি প্ৰতিফলিত হোৱাকৈ বিশাল সাংস্কৃতিক শোভাযাত্ৰা উলিয়াব। সমাৰোহৰ কাৰ্যসূচী হিচাপে ৫ মে'ত বিয়লি প্ৰতিনিধি পঞ্জীয়ন হ'ব । ইয়াৰ পিছত শিবিৰ মুকলি, সাধাৰণ পৰিষদৰ সভা অনুষ্ঠিত হ'ব। নিশা বিভিন্ন জাতীয় বিদ্যালয়ৰ সাংস্কৃতিক অনুষ্ঠান হ'ব। ৬ মেত পুৱা পতাকা উত্তোলন , প্ৰদৰ্শনী দ্বাৰ উন্মোচন , শৈক্ষিক সভা আৰু সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হ'ব ।

৭ মেত প্ৰায় চাৰি হাজাৰ শিক্ষাৰ্থীৰ বিশাল সাংস্কৃতিক শোভাযাত্ৰা আৰু মুকলি সভা অনুষ্ঠিত হ'ব। সমাৰোহত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, অসম চৰকাৰৰ মন্ত্ৰী শিক্ষা মন্ত্ৰী ৰণোজ পেগু, সাংস্কৃতিক মন্ত্ৰী বিমল বৰা আৰু বিত্তমন্ত্ৰী অজন্তা নেওগ। তদুপৰি ৰাজ্যখনৰ বৌদ্ধিক, শৈক্ষিক কলা-কৃষ্টি আৰু ভাষা সাহিত্য জগতৰ বৰেণ্য বক্তি ক্ৰমে প্ৰখ্যাত চলচিত্ৰৰ পৰিচালক জাহ্নু বৰুৱা, ড০ ননী গোপাল মহন্ত, ড০ দীনেশ গোস্বামী, ড০দয়ানন্দ বৰগোঁহাই, ময়ূৰ বৰা, অভিনেতা বিষ্ণু খাৰঘৰীয়া, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ জিতেন হাজৰিকা আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ বিদ্যুত চন্দন ডেকাই । উল্লেখযোগ্য যে, এই জাতীয় বিদ্যালয়ৰ ৰাজ্যিক সমাৰোহত জাতীয় বিদ্যালয়ৰ সমূহীয়া শক্তি, একতা পৰিকল্পনা আৰু কাৰ্যকৰিতা প্ৰদৰ্শিত হ'ব।

যোৰহাটৰ চুকাফা সমন্বয় ক্ষেত্ৰত জাতীয় বিদ্যালয়ৰ ৰাজ্যিক সমাৰোহৰ প্ৰস্তুতি...
দেৱীপ্ৰসাদ বাগড়োদিয়ালৈ অসম সাহিত্য সভাৰ "বাসুদেৱ জালান সোঁৱৰণি বঁটা-২০২২"...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in