ফুলবাৰী হাইস্কুলত 'আৰ্ট এণ্ড ক্ৰাফট্‌'ৰ কৰ্মশালা

ফুলবাৰী হাইস্কুলত 'আৰ্ট এণ্ড ক্ৰাফট্‌'ৰ কৰ্মশালা

ডিজিটেল সংবাদ, তিতাবৰঃ তিতাবৰ মহকুমাৰ ফুলবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ উদ্যোগত এন এছ কিউ ই আৰু এছ এছ এৰ সহযোগত 'আৰ্ট এণ্ড ক্ৰাফট্‌'ৰ এদিনীয়া কৰ্মশালা সম্পন্ন হয়। কৰ্মশালাত বিদ্যালয়খনৰ বহুসংখ্যক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰি "আৰ্ট এণ্ড ক্ৰাফট্‌'ৰ প্ৰশিক্ষণ লয়। ফুলবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক প্ৰদীপ গগৈয়ে আঁত ধৰা অনুষ্ঠানত বিশিষ্ট শিল্পী তথা তিতাবৰস্থিত যোৰহাট জিলা শিক্ষা প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ অধ্যক্ষ অনন্ত গগৈয়ে মুখ্য প্ৰশিক্ষক হিচাপে উপস্থিতি থাকে।

মুখ্য প্ৰশিক্ষকগৰাকীয়ে কৰ্মশালাটোত উপস্থিত থকা ছাত্ৰ-ছাত্ৰীসকল উপকৃত হোৱাকৈ শিল্পকলাৰ বিভিন্ন নিদৰ্শন দাঙি ধৰে। ছাত্ৰ-ছাত্ৰীসকলক বাঁহৰ সামগ্ৰী, পাত্ৰ আদিত ৰং কৰা, ছবি অংকন কৰি আকৰ্ষণীয় ৰূপ দিয়া, বিভিন্ন পদ্ধতিৰে চিত্ৰ নিৰ্মাণ কৰা আদিৰ প্ৰশিক্ষণ প্ৰদান কৰা হয়।

কৰ্মশালাত মাধপুৰ শৈক্ষিক মণ্ডলৰ মণ্ডল সমন্বয়ক প্ৰাণজিত বৰকাকতী, টেঙাজান শৈক্ষিক মণ্ডলৰ মণ্ডল সমন্বয়ক ৰাজা শইকীয়াৰ লগতে কেইবাখনো বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী উপস্থিত থাকে। প্ৰশিক্ষক অনন্ত গগৈৰ দ্বাৰা শিল্পকলাৰ ন ন প্ৰশিক্ষণে ছাত্ৰ-ছাত্ৰীসকলৰ উপৰিও উপস্থিত শিক্ষক-শিক্ষয়িত্ৰীসকলকো উপকৃত আৰু অনুপ্ৰাণিত কৰে বুলি জানিব পৰা গৈছে।

ফুলবাৰী হাইস্কুলত 'আৰ্ট এণ্ড ক্ৰাফট্‌'ৰ কৰ্মশালা
ৰাষ্ট্ৰীয় টাইকোৱানণ্ডো প্ৰতিযোগিতালৈ নিৰ্বাচিত বৰহোলাৰ ৰিদিপ বৰা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in