তিতাবৰত কৰ্মৰত অৱস্থাত বিদ্যুৎ বিভাগৰ কৰ্মচাৰীৰ মৃত্যু...

মৃত কৰ্মচাৰীগৰাকী ৰাজীৱ দত্ত

author-image
Asomiya Pratidin
New Update
তিতাবৰত কৰ্মৰত অৱস্থাত বিদ্যুৎ বিভাগৰ কৰ্মচাৰীৰ মৃত্যু...

তিতাবৰত কৰ্মৰত অৱস্থাত বিদ্যুৎ বিভাগৰ কৰ্মচাৰীৰ মৃত্যু...

ডিজিটেল সংবাদ তিতাবৰঃ তিতাবৰ মহকুমা বিদ্যুৎ উপ-সংমণ্ডলত দুৰ্ঘটনা।বিদ্যুৎ পৰিবাহী খুটাঁত কাম কৰি থাকোতেই মৃত্যুক সাৱটিলে বিভাগটোৰ এগৰাকী কৰ্মচাৰীয়ে।

Advertisment

মৃত কৰ্মতাৰীজন ৰাজীৱ দত্ত। জানিব পৰা মতে এল টি পৰিবাহী লাইনত কাম কৰি আছিল ৰাজীৱ দত্তই। সেই সময়তে একেটা খুঁটাতে সংযুক্তভাৱে থকা এঘাৰ হাজাৰ ভল্টৰ বিদ্যুৎ পৰিবাহী তাঁৰত লাগি দুৰ্ভাগ্যজনক ঘটনাতো সংঘটিত হয়।

মৃত ৰাজীৱ দত্তৰ ঘৰ তিতাবৰ টেকেলাগাওঁত।

Also Read: কলিয়াবৰত অচিৰেই মুকলি হ’ব ১২৭ খন পানী যোগান আঁচনি...

তিতাবৰ